১৪ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ অসম আৰু মিজোৰামত চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ লগতে দলীয় কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসম ভ্ৰমণক লৈ বিবৃতি জাৰি কৰিছে।
মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক পোষ্টৰ জৰিয়তে কয় যে শ্বাহৰ আগমনক লৈ মুখ্যমন্ত্ৰীয়ে উচ্চপদস্থ বিষয়াৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিছে। বৈঠকত শ্বাহে অংশ ল’বলগীয়া কাৰ্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি কেইবাটাও নিৰ্দেশ দিছে। কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰিবলৈ সমন্বয় আৰু পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
১৪ মাৰ্চ: শ্বাহে গুৱাহাটীত উপস্থিত হ'ব আৰু নিশা অসমত কটাব। ১৫ মাৰ্চ: দেৰগাঁৱত নতুনকৈ নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰিব। মিজোৰামত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধ্যাত অসমলৈ উভতি আহি বড়োলেণ্ড টেৰিটৰিয়েল এলেকাত এক সভাত অংশ ল'ব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নকৈ নিৰ্মাণ কৰা দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীৰ ফটো শ্বেয়াৰ কৰি কয়, “১৫ মাৰ্চত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ বিশাল নতুন ভৱনৰ প্ৰথম জিলিঙনি।”
অসম চৰকাৰে শ্বাহৰ এই দুদিনীয়া ভ্ৰমণৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় প্ৰস্তুতি আৰু সমন্বয়ৰ ব্যৱস্থা কৰিছে।