আনৰ পিঠাৰে বিহু পতা কথাৰ দৰে এখন হাঁহি উঠা বাজেটঃ অখিল

আনৰ পিঠাৰে বিহু পতা কথাৰ দৰে এখন হাঁহি উঠা বাজেটঃ অখিল

অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰাৰ পিছত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই বাজেটক লৈ সমালোচনা কৰি কৈছে যে এই বাজেটখন "আনৰ পিঠাৰে বিহু পতা কথাৰ দৰে এখন হাঁহি উঠা বাজেট"। তেওঁ কয় যে এই বাজেটখনত কোনো বাস্তৱসন্মত কথা নাই আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিত্তমন্ত্ৰীয়ে অসমৰ ৰাইজক "টুপী" দিছে।

অখিল গগৈয়ে বাজেটত অসমে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰাৰ ঘোষণাকো সমালোচনা কৰি কয় যে চৰকাৰৰ জনসাধাৰণৰ কামত অহা কাম কৰিবলৈ ইচ্ছা নাই। তেওঁ কয় যে চৰকাৰে সাধাৰণ মানুহক বুৰ্বক বনাবলৈ আৰু চমক দিবলৈ সপোনত আবোল-তাবোল ঘোষণা কৰাটো এটা অভ্যাস হৈ পৰিছে। গগৈয়ে কয়, "অসমক টুপী দিবলৈ কৃত্ৰিম উপগ্ৰহ স্থাপনৰ কথা কৈছে।"

তেওঁ কয় যে বাজেটখনত হিতাধিকাৰী আঁচনিৰ বাহিৰে একো নাই আৰু ২০২৬ চনলৈ কাৰ পৰা ভোট পাব পাৰি সেইবোৰক লৈ কৰা অংকহে আছে। গগৈয়ে কয় যে বাজেটখনৰ সত্তৰ শতাংশই ধাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব, যাৰ ফলত অসমৰ কোনো উন্নতি নহ'ব।

ইয়াৰোপৰি, অখিল গগৈৰ দল ৰাইজৰ দলে বাজেটক লৈ এক আনুষ্ঠানিক বিবৃতিও প্ৰদান কৰিছে। বিবৃতিত কোৱা হৈছে যে হিমন্ত চৰকাৰে অসমীয়া জাতিৰ আধাৰ নিৰ্মাণ কৰিব পৰাকৈ বাজেট প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে। নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বাজেটত কোনো কাৰ্যকৰী পদক্ষেপ নাই বুলিও দলে অভিযোগ কৰিছে। দলটোৱে কয় যে ভোটবেংকৰ স্বাৰ্থত অৰুণোদয় আঁচনিৰে কেইটামান টকা দি আগন্তুক নিৰ্বাচনত দলটো জয়ী হোৱাৰ কৌশলহে এই বাজেটত প্ৰতিফলিত হৈছে।

ৰাইজৰ দলে কয় যে অসমীয়া জাতিৰ আধাৰ নিৰ্মাণৰ বাবে যি বাজেট প্ৰস্তুত কৰিব লাগিছিল, তেনে বাজেট প্ৰস্তুত কৰাত চৰকাৰ ব্যৰ্থ হৈছে। ২০২৪-২৫ চনৰ বাজেটত নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। চৰকাৰে পূৰ্বতে প্ৰতিবছৰে ১ লাখ নিযুক্তি দিয়াৰ কথা কৈছিল, কিন্তু ২০২৫ চনৰ জানুৱাৰীলৈকে মাত্ৰ ১,১৯,৮৯৯ টা চাকৰি দিয়া হৈছে।

ৰাইজৰ দলে কয় যে চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক মাহে ৩০০০ টকা দিয়াৰ কথাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। চলিত চৰকাৰৰ কাৰ্যকাল মাত্ৰ এটা বছৰ আছে, আৰু এই পৰিস্থিতিত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ন্যূনতম ৩৫০ টকা কৰাৰ দাবী পূৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com