বিগত প্ৰায় ৮ বছৰ ধৰি মন্ত্ৰী হৈ থকা অসমৰ বিজেপি নেতা তথা মন্ত্ৰী অশোক সিংহলে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগাধ সম্পত্তি গোটাইছে। একালৰ ধূপ-কাঠিৰ ব্যৱসায়ী আৰু কংগ্ৰেছ চৰকাৰৰ দিনত হকে-বিহকে সংবাদমেল পাতি অভিযোগ উত্থাপন কৰি নেতা হোৱা অশোক সিংহল আজি কেইবা হাজাৰ টকাৰ সম্পত্তিৰ মালিক। তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত ‘জন জাগৃতি’ নামৰ সংস্থা চলাই ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ দিয়াৰ অভিযোগ আনি সংবাদমেল পাতিছিল। ধূপৰ ব্যৱসায়ী অশোক সিংহলে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত মাথোঁ ২৪ হাজাৰ টকা আৰু এখন স্পেলণ্ডাৰ বাইকৰ মালিক আছিল। সেই অশোক সিংহল আজি বিল্ডাৰ, চাহ কোম্পানীৰ মালিক, আৰু কোটী কোটী টকাৰ ধনী। গুৱাহাটীত অলিয়ে-গলিয়ে ধন-সম্পত্তি গোটাইছে আৰু বিল্ডিং নিৰ্মাণ কৰি বিক্ৰী কৰি আছে। এই অনা-অসমীয়া সিংহলে কেনেকৈ ইমান ধন-সম্পত্তিৰ মালিক হ’ল, সেই কথা অসমৰ ৰাইজে এইবাৰ ভালকৈ গম পাইছে।

গুৱাহাটীৰ নলা-নৰ্দমা পৰিস্কাৰৰ নামত তদানীন্তন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে বিয়োগম কেলেংকাৰী সংঘটিত কৰিছিল। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থকাকালীন তেওঁ ৰাজকোষৰ ধন গোগ্ৰাসে গিলিছিল। গুৱাহাটী পৰিষ্কাৰৰ নামত ১৯ কোটি টকাৰ লুণ্ঠন কৰা হৈছিল। একেই কোম্পানী, একেই মডেল, একেই গাড়ী সাধাৰণ লোকে কিনিবলৈ গ’লে ৪৭ লাখ ২০ হাজাৰ টকাত পায়। কিন্তু গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিয়ে মন্ত্ৰী অশোক সিংহলৰ ঘনিষ্ঠৰ পৰা একোখন চুপাৰ চাকাৰ ১ কোটি ২৮ লাখ টকাত ক্ৰয় কৰিছিল। গুৱাহাটী উন্নয়ন নিগমত বৃহৎ কেলেংকাৰীৰ পোহৰলৈ আনিছিল আৰটিআই কৰ্মী দিলীপ নাথে। গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থকাকালীন অশোক সিংহলে সংঘটিত কৰা ১৮ কোটি ৩০ লাখ ১৮ হাজাৰ টকাৰ কেলেংকাৰীৰ অভিযোগে অসমৰ ৰাজনীতি গৰম কৰিছে।
ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়। কিন্তু বিজেপি চৰকাৰৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অশোক সিংহলে ১৯ কোটি টকা লুণ্ঠন কৰাৰ তথ্য পোহৰলৈ অহাত বিপক্ষীয়ে জোৰদাৰ প্ৰতিবাদ কৰিছে। মুখ্য বিৰোধী দল কংগ্ৰেছে কেইবা দিন ধৰি বিজেপি দলক এই দুৰ্নীতিক লৈ তীব্ৰ আক্ৰমণ কৰি আহিছে। আজি অসম প্ৰদেশ কংগ্ৰেছ আৰু কামৰূপ জিলা কংগ্ৰেছৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী মেট্ৰপলিটান ডেভেলপমেণ্ট অথৰিটিৰ কাৰ্যালয় ঘেৰাও কৰে। কংগ্ৰেছ নেতা-কৰ্মীয়ে গুৱাহাটীৰ ভঙাগড়স্থিত জিএমডিৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চুপাৰ চাকাৰ কেলেংকাৰীৰ তদন্ত দাবী কৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰা কংগ্ৰেছ নেতা-কৰ্মীয়ে জিএমডিৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। শ্লোগানসমূহৰ ভিতৰত আছিল—
- “ব্ৰোকাৰ অশোক সিংহলক গ্ৰেপ্তাৰ কৰক”
- “অশোক-হিমন্ত ভাই ভাই, ৰাইজৰ টকা লুটি-পুতি খায়”
- “অশোকেৰে মিলি হিমন্ত বিশ্বই জিএমচিৰ পইছা খায়”
- “অশোক সিংহলে কিমান গোটে গোটে গিলিলে?”
- “৪৭ লাখৰ ছাকাৰ, কিনিলে ডেৰকোটিত”
- “অশোক সিংহল হ’ল ব্ৰোকাৰ, লুটিলে ঐ লুটিলে, অশোকে লুটিলে”
- “খালে ঐ খালে, অশোকে গুৱাহাটীখন খালে” আদি।
হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত অশোক সিংহলে কিমান টকা লুটিলে, তাৰ হিচাপ বিচাৰিছে কংগ্ৰেছী প্ৰতিবাদকাৰীয়ে। কেৱল অশোক সিংহলেই নহয়, আন চৰকাৰী বিষয়াসকলো এই কেলেংকাৰীত জড়িত বুলি দাবী কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে আক্ৰমণ কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ জনসাধাৰণক শোষণ কৰি আছে। তেওঁ কয়, “আমি মুখ্যমন্ত্ৰীক আজি চচল ভ্ৰমণ কৰিবলৈ আৰু কান্দি থকা শিক্ষিত যুৱক-যুৱতীসকলৰ দুৰ্দশাৰ পৰা ৰক্ষা কৰিবলৈ পোনপটীয়াকৈ দাবী জনাইছো। কমিছন সংগ্ৰহ কৰিবলৈ অশোক সিংহলৰ দৰে লোকক মন্ত্ৰীপদত ৰখা হৈছে। তেওঁ এজন ব্যৱসায়ীৰ বাহিৰে আন একো নহয়। সমষ্টি পুনৰ নিৰ্ধাৰণৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছিল।” মীৰা বৰঠাকুৰে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বৃহৎ পৰিমাণৰ দুৰ্নীতিত জড়িত আৰু প্ৰৱঞ্চক আৰু ব্যৱসায়ীসকলৰ সৈতে মিলি অসমক লুণ্ঠন কৰি আছে। অসমৰ জনসাধাৰণে ৰাজ্যখনৰ পৰা অশোক সিংহলৰ দৰে ব্যক্তিক উলিয়াই দিয়াৰ সময় আহি পৰিল।
কংগ্ৰেছৰ প্ৰতিবাদৰ ফলত ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰৱেশ পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত বহু কংগ্ৰেছ নেতা-কৰ্মীক আটক ৰাখিছিল যদিও পিছত মুকলি কৰি দিয়ে। গুৱাহাটীৰ নলা-নৰ্দমা পৰিস্কাৰৰ বাবে টিপিএচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড আৰু এমএছ মেণ্ডি এণ্টাৰপ্ৰাইজে ২০২১ চনত যোগান ধৰা ১০ ছেট ছুপাৰ ছাকাৰত প্ৰায় ১৯ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ কথা এগৰাকী আৰটিআই কৰ্মীয়ে পোহৰলৈ অনাৰ পিছত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
