অসমীয়াৰ মূৰত লোৱা, থাপনা পাতি মূৰ দোৱা স্বাভিমানৰ প্ৰতীক গামোচাক কোনোৱেই অপমান কৰিব নোৱাৰে। গামোচা লৈ কৰা অপমানৰ প্ৰতিবাদত আজি অসম প্ৰদেশ কংগ্ৰেছে গুৱাহাটীত এক বিশাল প্ৰতিবাদ কাৰ্যসূচী পালন কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে। গামোচাৰ প্ৰতি কৰা এই অপমানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
আজি ১২ বজাত গুৱাহাটীৰ লাষ্টগেটৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে মিলিত হৈ বিজেপি নেতৃত্বাধীন চৰকাৰে বাৰে বাৰে অসমবাসীক প্ৰতাৰণা আৰু অপমান কৰাৰ অভিযোগ উত্থাপন কৰে আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে "মুৰ্দাবাদ" ধ্বনি দিয়ে। প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে অসমীয়া গামোচাক লৈ কেৱল বিজেপিয়ে ৰাজনীতি কৰে বুলি কয় আৰু বিজেপিৰ নেতাসকল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিলাজ বুলি আখ্যা দিয়ে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক বিপুল গগৈৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে "হায় হায়" ধ্বনি দিয়ে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিপুল গগৈয়ে কয় যে অসমীয়াৰ আদৰৰ গামোচাখন মুখ্যমন্ত্ৰীয়ে ডিঙিত পিন্ধাবলৈ দিয়া স্বত্বেও কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গামোচাখন প্ৰত্যাখ্যান কৰাটো অসমবাসীৰ প্ৰতি এক অপমান। গগৈয়ে কয় যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অজানিতে মিচিং জনগোষ্ঠীৰ সন্মানীয় বস্ত্ৰ ‘ৰিবি গাচেং’ৰ ওপৰত বহাৰ ঘটনাক লৈ বিজেপিৰ বিধায়কে সংবাদমেল দিছিল আৰু সভাপতি ভূপেন বৰাই ইয়াৰ বাবে ক্ষমা বিচাৰিবলগীয়া হৈছিল। এতিয়া বিজেপিৰ নেতাই অসমৰ গামোচাক প্ৰত্যাখ্যান কৰাৰ বাবে আমি ক্ষমা বিচাৰিবলৈ দাবী জনাইছো।
অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি নৃপেন ঠাকুৰীয়া, বালিকা লাহন পেগু, গুণকান্ত গগৈ, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, অৰুণ টিৱাৰী, জ্যেষ্ঠ নেতা কুশল শৰ্মা, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা আদি নেতা-কৰ্মীসকলে প্ৰায় এঘণ্টা জুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে বিজেপিৰ নেতাসকলে ভোট বিচাৰি ৰাইজৰ আগত আৱেগিক হৈ গামোচা পিন্ধে। প্ৰধানমন্ত্ৰীয়েও সময়ে সময়ে গামোচাখন কান্ধত লয়। অসমৰ স্বাভিমানৰ প্ৰতীক গামোচাক লৈ ৰাজনীতি নকৰিবলৈ বৰাই সকীয়াই দিয়ে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গামোচাৰ প্ৰতি কৰা অনাদৰৰ বাবে অসমৰ ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগে বুলি কয়।