অসমৰ মূকাভিনয় ক্ষেত্ৰৰ এক চিনাকি নাম নিৰ্বাক গোষ্ঠীয়ে প্ৰতি বছৰৰ দৰে এইবেলিও মূকাভিনয় কৰ্মশালা আয়োজন কৰিছে। আছাম স্কুল অফ পাৰ্ফমিং আৰ্টছৰ সহযোগত আয়োজন কৰা এই মুকাভিনয় কৰ্মশালা ৮ জুলাইৰ পৰা ১৭ জুলাইলৈ ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে। এই কৰ্মশালা শিলপুখুৰীৰ আছাম স্কুল অফ পাৰ্ফমিং আৰ্টছত অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ জুনিয়ৰ ফেল’শ্বিপ, ৰাষ্ট্ৰীয় জলপানি আৰু NEZCCৰ যুৱ প্ৰতিভাৱান শিল্পী বঁটা প্ৰাপ্ত মূকাভিনেতা মিনাংক ডেকাই প্ৰশিক্ষণ দিবলগীয়া এই কৰ্মশালাৰ পঞ্জীয়ন আৰম্ভ হৈছে। কৰ্মশালাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হ’ব বুলি নিৰ্বাক গোষ্ঠীয়ে জ
গুৱাহাটী প্ৰেছ ক্লাবত আদিবাসী ৩৬ (জনজাতি), অনুসূচীত জনজাতি ঐক্য মঞ্চ, অসমৰ বিশেষ সভা
গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে আদিবাসী ৩৬ (জনজাতি), অনুসূচীত জনজাতি ঐক্য মঞ্চ, অসমৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত মঞ্চৰ সভাপতি ড০ বাণেশ্বৰ মিৰ্দ্ধাই সভাত কয়, ‘‘আমাৰ জাতিগত প্ৰমাণ পত্ৰত আদিবাসী জাতি, উপাধি উল্লেখ কৰি জাতিগত প্ৰমাণ পত্ৰ দিবলৈ চৰকাৰক দাবী জনালোঁ। লগতে জাতি গণনা কাৰ্যসূচীত আদিবাসী জাতিসমূহ উল্লেখ কৰি জাতি লোক পিয়ল কৰিবলৈ চৰকাৰক দাবী জনালোঁ। তদুপৰি আদিবাসীসকলৰ জনজাতিকৰণ সমস্যা, জাতি প্রমাণ পত্র আৰু আন্তঃ গাঠনিৰ উন্নয়ন কৰিবলৈও চৰকাৰক দাবী জনালোঁ।'’ সভাত মঞ্চৰ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি ৰাজেন মুণ্ডা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
অসম জাতীয় পৰিষদৰ উদ্যোগত মাছখোৱাস্থিত প্ৰাগজ্যোতি ITA কেন্দ্ৰত অসমৰ ভূমি সমস্যা আৰু সমাধানৰ ওপৰত আলোচনা
অসম জাতীয় পৰিষদৰ উদ্যোগত আজি মাছখোৱাস্থিত প্ৰাগজ্যোতি ITA কেন্দ্ৰত অসমৰ ভূমি সমস্যা আৰু সমাধানৰ ওপৰত আলোচনা কৰাৰ অন্তত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ৰাজ্য চৰকাৰে জনগণক অন্ধকাৰত ৰাখি, জনস্বাৰ্থৰ বিপৰীতে গৈ, বিভ্ৰান্তিকৰভাৱে আৰু খৰখেদাকৈ, ৰাজ্যৰ প্ৰচলিত ভূমি আইনসমূহ সংশোধন কৰিবলৈ যি প্ৰচেষ্টা আৰম্ভ কৰিছে, আজিৰ সভাই সৰ্বসন্মতিক্ৰমে উক্ত প্ৰচেষ্টাৰ তীব্ৰ বিৰোধিতা কৰে। সভাই উপলব্ধি কৰে যে কোনোবা বহিঃশক্তিয়ে অসমৰ ভূমি সম্পৰ্কীয় নীতি-নিয়ম নিৰ্ধাৰণ কৰি আছে। সেয়ে সভাই জনস্বাৰ্থৰ বিপৰীত কোনো সিদ্ধান্ত নল’বলৈ চৰকাৰক একমুখে সকীয়াই দিয়ে আৰু ভূমি শাসন আয়োগৰ ওচৰত পৰামৰ্শ বা মতামত দাখিলৰ সময়সীমা আজিৰ তাৰ
সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰ জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথম আলোচনা-চক্ৰ
গুৱাহাটী, ২২ জুনঃ গুৱাহাটীৰ পল্টনবজাৰস্হিত আই এন টি ইউ চিৰ সভাকক্ষত দেওবাৰে সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা)ৰ উদ্যোগত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথমখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়। আলোচনা-চক্ৰখন সদৌ অসম চাওৰা সমাজৰ কেন্দ্ৰীয় সভাপতি মাগাং চাওৰাৰ সভাপতিত্বত ১২ জন বিষয় ববীয়াৰ উপস্থিতিত বিভিন্ন আদিৱাসী জাতি জনগোষ্ঠীয় সংগঠনৰ জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰথম আলোচনা-চক্ৰ অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰে ৩০ এপ্ৰিলত কেবিনেট বৈঠকত জাতিগত লোকপিয়ল কৰাৰ সিদ্ধান্ত সন্দৰ্ভত অসমত বসবাস কৰা আদিৱাসী জনগোষ্ঠীয় লোক পৰ্জা, ভূমিজ, খাড়িয়া, কুডুখ ( ওৰাও), মুণ্ডা, পানিকা, চাওৰা
দিগন্ত কলিতাৰ ‘শিলত গজি উঠা জোনাক’ উন্মোচন
গুৱাহাটী, ২২ জুনঃ কবি দিগন্ত কলিতাৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘শিলত গজি উঠা জোনাক’ আজি উন্মোচন কৰা হয়৷ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষীৰাম বৰুৱা সদনত আয়োজিত পঞ্চম বাৰ্ষিক অসম কবিতা মহোৎসৱৰ এক গম্ভীৰ্যপূৰ্ন অনুষ্ঠানত কাব্যগ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সুৰকাৰ তথা সদৌ অসম সাহিত্য সন্মিলনৰ সভাপতি ৰবচন বৰুৱাই৷ কাব্যগ্ৰন্থ খন উন্মোচন কৰি ৰবচন বৰুৱাই কয় - কবি দিগন্ত কলিতাৰ কবিতাৰ কিতাপখন সুন্দৰ হৈছে৷ তেওঁৰ কবিতা বহু কেইটা মই পঢ়িছো, ধুনীয়া হৈছে৷ পঢ়ুৱৈ সমাজে কাব্যগ্ৰন্থ খন আদৰি লব বুলি মই আশাবাদী৷ উন্মোচনৰ পিছতে কবি দিগন্ত কলিতাই কবিতা পুথিখনৰ আৰৰ বিষয়ে উল্লেখ কৰে৷ কেনেকৈ এটা এটা কবিতা লিখি গটোৱা
ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে ৰাজীৱ ভৱনত শতাধিক কংগ্ৰেছ কৰ্মীৰ ৰক্তদান
গুৱাহাটী, ১৯ জুনঃ লোকসভাৰ বিৰোধী দলপতি, সাংসদ ৰাহুল গান্ধীৰ শুভ জন্মদিন উপলক্ষে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ ৰাজীৱ ভৱনত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰথম ৰক্তদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু দ্বিতীয়জন ৰক্তদাতা হিচাপে সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই অংশগ্ৰহণ কৰে। সমগ্ৰ দেশজুৰি আজি অনাড়ম্বৰভাৱে ৰাহুল গান্ধীৰ জন্মদিন উদযাপন কৰা হয়। গুৱাহাটীৰ ৰাজীৱ ভৱনত পুৱা ১০.৪৫ বজাৰ পৰা গুৱাহাটীৰ চহৰীয়া ব্লাড চেণ্টাৰৰ সহযোগত অসম মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, এনএছইউআই, অ’বিচি কোষ আৰু মিডিয়া বিভাগৰ শতাধ
ৰঙানদী আৰু সোৱণশিৰি নদীবান্ধ প্ৰকল্প: নামনি অঞ্চলৰ প্ৰভাৱ, সংগ্ৰাম আৰু ভৱিষ্যৎ
ৰঙানদী আৰু সোৱণশিৰি, এই প্ৰকল্প দুটা, এখিনি মানুহৰ বাবে উন্নয়নৰ কাঠামু আৰু এখিনিৰ বাবে বেদনাৰ স্তম্ভ। এই দুখিনি মানুহৰ চেতন আৰু অৱচেতন পক্ষপাতৰ দোলনাত আজি অঞ্চলটোৰ জৈৱ-বৈচিত্ৰতা মুচকচ গৈছে।অৰুণাচলৰ সীমাৰ ভিতৰত থকা বান্ধ দুয়োটাৰ- ৰঙানদী বান্ধটো ইতিমধ্যে কাৰ্যক্ষম। নামনি সোৱণশিৰি প্ৰকল্পটো কেইটিমান দিনৰ ভিতৰতে কাৰ্যক্ষম হব। সোৱণশিৰি প্ৰকল্পটো কাৰ্যক্ষম হোৱাৰ লগে লগে এক দীঘলীয়া সংগ্ৰামৰো অন্ত পৰাৰ দিশত। পিছে ৰঙানদীৰ দৰে কাৰ্যক্ষম হোৱাৰ পিছত, সোৱণশিৰি বান্ধটোৱে নামনিবাসীৰ উপৰত উপদ্ৰৱ আৰম্ভ কৰিলে, সোৱণশিৰিৰ নামনিত পুনঃসংগ্ৰাম হোৱাটো নিশ্চিত, ৰঙানদীৰ দৰে এৰি দিয়া ভকত সোৱণশিৰিৰ নামনিবাসী নহয়।&nb
চেনেহ বৃদ্ধাবাসত জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতামূলক সভা
গুৱাহাটী, ১৮ জুনঃ সমগ্ৰ বিশ্বতে জ্যেষ্ঠজন বা বৃদ্ধ লোকৰ ওপৰত চলা উৎপীড়ন, নিৰ্যাতন আদিৰ দৰে ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে ১৬ জুনৰ দিনটোত বিশ্ববাসীয়ে জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতা দিৱস উদযাপন কৰি আহিছে। উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি কাহিলিপাৰাস্থিত চেনেহ বৃদ্ধাবাসত আৰু ১৫ জুনত গুৱাহাটীৰ মঠঘৰীয়াস্থিত মনালিছা ছ’চাইটিৰ মাতৃ নিবাসত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব লীনা দলেৰ তত্ত্বাৱধানত আৰু স্বেচ্ছাসেৱী সংগঠন নিলয়ৰ সহযোগত। আৱাসীসকলৰ উপস্থিতিত অন
পষেকীয়া বাৰ্তালোচনী '"মাটিৰ মানুহ"ৰ প্ৰস্তাৱনা সংখ্যা উন্মোচন
গুৱাহাটী, ১৮ জুনঃ পষেকীয়া বাৰ্তালোচনী '"মাটিৰ মানুহ"ৰ দ্বিতীয় খোজৰ প্ৰস্তাৱনা সংখ্যা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন হয়। প্ৰয়াত নিবাৰণ বৰা ( উপদেষ্টা), প্ৰয়াত ননীকান্ত বৈশ্য (প্ৰতিষ্ঠাপক সঞ্চালক) আৰু প্ৰয়াত গৌৰীশংকৰ ভট্টাচাৰ্য (উপদেষ্টা)ৰ উদ্যোগত এই পষেকীয়া বাৰ্তালোচনীখন ১৯৯২ চনৰ ১৪ এপ্ৰিলত প্ৰকাশ পাইছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০০৮ ৰ পৰা কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰিছিল। কিন্তু বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত পষেকীয়া বাৰ্তালোচনীখন পুনৰ উন্মোচন কৰা হয়। উন্মোচন কৰে বিশিষ্ট কৃষক হৰি কাকতিয়ে। জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়াই সভাপতিত্ব কৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থ
বামুণীমৈদাম গাৰ্লছ পলিটেকনিকত নিয়োগ মেলা
গুৱাহাটী, ১৮ জুনঃ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানী (পি চি পি এচ) গার্লছ পলিটেকনিকৰ ছাত্ৰীসকলক ব্যক্তিগত খণ্ডত নিয়োগৰ সুবিধা তথা উদ্যোগ খণ্ডত প্রত্যক্ষ নিয়োগৰ প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে নিয়োগ মেলাৰ আয়োজন কৰা হয়। গাৰ্লছ পলিটেকনিকৰ চৌহদত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা এই নিয়োগ মেলা উদ্বোধন কৰে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডঃ নজৰুল হকে।