অসমৰ মূকাভিনয় ক্ষেত্ৰৰ এক চিনাকি নাম নিৰ্বাক গোষ্ঠীয়ে প্ৰতি বছৰৰ দৰে এইবেলিও মূকাভিনয় কৰ্মশালা আয়োজন কৰিছে। আছাম স্কুল অফ পাৰ্ফমিং আৰ্টছৰ সহযোগত আয়োজন কৰা এই মুকাভিনয় কৰ্মশালা ৮ জুলাইৰ পৰা ১৭ জুলাইলৈ ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে। এই কৰ্মশালা শিলপুখুৰীৰ আছাম স্কুল অফ পাৰ্ফমিং আৰ্টছত অনুষ্ঠিত হ’ব। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ জুনিয়ৰ ফেল’শ্বিপ, ৰাষ্ট্ৰীয় জলপানি আৰু NEZCCৰ যুৱ প্ৰতিভাৱান শিল্পী বঁটা প্ৰাপ্ত মূকাভিনেতা মিনাংক ডেকাই প্ৰশিক্ষণ দিবলগীয়া এই কৰ্মশালাৰ পঞ্জীয়ন আৰম্ভ হৈছে। কৰ্মশালাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এক বিশেষ অনুষ্ঠান পৰিৱেশন কৰা হ’ব বুলি নিৰ্বাক গোষ্ঠীয়ে জানিবলৈ দিছে। আগ্ৰহীসকলক 8486322013, 8638453757 নম্বৰত অথবা nirbaakworld@gmail.com ত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে।
