কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইয়ে বৰ্তমান সময়ত আমাৰ জীৱনধাৰণত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। বিজ্ঞানী আৰু অভিযন্তাসকলে ইতিমধ্যে এআই প্ৰণালীসমূহক বৃহৎ পৰিমাণৰ তথ্য প্ৰদান কৰি প্ৰশিক্ষণ দিয়াৰ উপৰিও এই ক্ষেত্ৰত বিভিন্ন উদ্ভাৱনীমূলক কাম কৰি আছে। তাৰে সমান্তৰালকৈ, অসমৰ দুই যুৱক তথা ভাতৃদ্বয়ে অসমীয়া ভাষাক প্ৰাধান্য দি উদ্ভাৱন কৰিলে এক বিশেষ এআই সঁজুলি।
ৰাজহুৱা শিক্ষা ব্যৱস্থাক লৈ ফ’ৰাম ফৰ ৰাইট টু এডুকেচনৰ প্ৰতিবাদী সভা
চৰকাৰী উদ্যোগত ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত অল ইণ্ডিয়া ফ'ৰাম ফৰ ৰাইট টু এডুকেচনৰ উদ্যোগত এসপ্তাহযোৰা প্ৰতিবাদ অব্যাহত আছে। ২৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰি ১ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হোৱা এই কাৰ্য্যসূচীৰ অংশ হিচাপে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়।
একেৰাহে ৩৮ ঘণ্টা মেণ্ডলিন বজাই বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য কুন্তল ৰাজ চক্ৰৱৰ্তীৰ
গুৱাহাটী, ২৮ জানুৱাৰীঃ বিশ্ব অভিলেখৰ বাবে পুনৰ মঞ্চত উঠিবলৈ সাজু হৈছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডধাৰী মেণ্ডলিন বাদক কুন্তল ৰাজ চক্ৰৱৰ্তী। এইবাৰ ৩৮ ঘণ্টা ধৰি মেণ্ডলিন বাদনেৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য লৈছে সুপ্ৰসিদ্ধ মেণ্ডলিন বাদকগৰাকীয়ে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ব্যতিক্ৰমৰ উদ্যোগত আয়োজন কৰা এক সংবাদমেলত সংগীতজ্ঞগৰাকীয়ে জানিবলৈ দিয়া মতে, অহা ৩১ জানুৱাৰীত গুৱাহাটীৰ গীতানগৰ হাইস্কুল খেলপথাৰত সন্ধিয়া ৬ বজাৰ পৰা ‘মেণ্ডলিন মেজিক’ শীৰ্ষক মেণ্ডলিন বাদনৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।
সন্ত্ৰাসপীড়িত সময়ৰ ত্ৰিৰংগ উত্তোলনৰ স্মৃতি
এতিয়া চাৰিওফালে 'হৰ ঘৰ তিৰংগা' বা 'ঘৰে-ঘৰে ত্ৰিৰংগ'ৰ ধ্বনি । 'জাতীয় দিৱস'সমূহত আমাৰ ত্ৰিৰংগ জাতীয় পতাকাক কেনেকৈ, কিমান সন্মানেৰে ঘৰে-ঘৰে , চুবুৰীয়ে-চুবুৰীয়ে উত্তোলন কৰা হ'ব তাৰ বাবেই চাৰিওফালে উছৱমুখৰ পৰিবেশ ! 'স্বাধীনতা দিৱস' আৰু 'গণৰাজ্য দিৱস' বিশেষ জাকজমকতাৰে পালন কৰিবলৈ এতিয়া চৰকাৰৰ লগতে সৰ্বসাধাৰণ ৰাইজেও উছাহ-উদ্দীপনাৰে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে ।
নাৰেংগীৰ সেনা শিবিৰৰ সমীপত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ
নাৰেংগীৰ সেনা শিবিৰৰ চাৰিসীমাৰ ভিতৰত বিগত তিনিমাহ ধৰি আৱদ্ধ হৈ আছে এটি আঘাতপ্ৰাপ্ত বন্যহস্তী। "লালি" বুলি পৰিচিত হাতীটোৰ পিছ ভৰিত গম্ভীৰ আঘাতৰ বাবে ইয়াৰ স্বাভাৱিক চলাফলা বন্ধ হৈ আছে। এই অৱস্থাত বন বিভাগে হাতীটোক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে।
লালিয়ে আমচিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি কোনো কাৰণত পিছ ভৰিত আঘাত পাইছিল। ফলত, খোজ কাঢ়িবলৈ অক্ষম হৈ হাতীটোৱে সেনা শিৱিৰৰ চৌহদতে আৱদ্ধ হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে, বন বিভাগে এই ঘটনাত চূড়ান্ত অৱহেলা দেখুৱাইছে। হাতীটোক পৰ্যাপ্ত খাদ্য যোগানৰ ব্যৱস্থাও কৰা হোৱা নাই।
ছয়মাইলৰ উৰণীয়া সেতুৱে মাতিছে বিপদ
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা সংযোগী পথত যান-জঁটত পৰিব লগা হৈছে পথচাৰী৷ পথত যান-জঁট লগাৰ কাৰণ হৈছে ছয়মাইলৰ উৰণীয়া সেঁতু৷
সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক অপমান, পথ মুকলি কৰাৰ দাবী চৰকাৰক
অসমৰ সাহিত্য জগতত বিৰল অৰিহণা যোগোৱা প্ৰথিতযশা সাহিত্যিক, কবি, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক ৰাজ্য চৰকাৰ অনাদৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সাহিত্যসম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাৰ নামত নামাকৰণ কৰা গুৰুত্বপূর্ণ পথ বন্ধ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পথটো বন্ধ কৰাত ক্ষোভ প্ৰকাশ কৰিছে পেট্ৰিয়টিক পিপল’ছ ফ্ৰণ্ট অসমে (পিএফএএ)৷
খাৰঘুলীত পাইপ বিস্ফোৰণথলীত ভূমিস্খলনৰ আশংকা
গুৱাহাটীঃ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ খাৰঘুলিৰ নামঘৰ চ’কত জাইকাই বহুওৱা পানীৰ পাইপ বিস্ফোৰণ হৈ জলপ্ৰলয়ৰ সৃষ্টি হৈছিল৷ মুহূৰ্ততে চুনামি সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ পাইপ বিস্ফোৰণত ২৮টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল। প্ৰকাণ্ড গাতৰ পৰা প্ৰায় ৮০ ফুট ওপৰলৈ পানীৰ ফোৱোৰা উঠিছিল৷ পানীৰ সোঁত বৈ মানুহৰ ঘৰৰ সীমাৰ দেৱাল পৰ্যন্ত উটুৱাই নিয়াৰ লগতে এবুকু পৰ্যন্ত পানী হয়৷ পথ-ঘৰ প্লাবিত হৈ বিস্তৰ সম্পত্তি ধ্বংস হয়। ঘটনাই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক গৃহহাৰা হৈছে৷ ইপিনে পাহাৰীয়া এলেকাটোত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে৷ ভূমিস্খলনৰ আশংকাৰ সৃষ্টি হোৱাত চিন্তিত হৈছে স্থানীয় লোক৷ গুৱাহাটী
ৰাভা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত ১-ৰ পৰা ৫ জানুৱাৰীলৈ চানডুবি মহোৎসৱ
আগন্তুক নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব চানডুবি মহোৎসৱ। এইবাৰ ১৫ সংখ্যক বাৰৰ বাবে চানডুবি মহোৎসৱ পালন কৰা হ’ব। কামৰূপ জিলাৰ এইবাৰৰ চানডুবি মহোৎসৱ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ আয়োজন কৰা হৈছে। এই মহোৎসৱে দূৰ-দূৰণীৰ অগনন পৰ্যটকক আকৰ্ষণ কৰি আহিছে। মহোৎসৱ দিনকেইটাত পৰ্যটকসকলে অঞ্চলটোৰ সাংস্কৃতিক বৈচিত্র আৰু প্ৰাকৃতিক সৌন্দৰ্য উদযাপন কৰিব।
কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যুৰ নিজববীয়া গোচৰ ৰুজু মানৱাধিকাৰ আয়োগৰ
যোৱা ১৯ ডিচেম্বৰত গুৱাহাটীত কংগ্ৰেছৰ "ৰাজভৱন চলো" আন্দোলনৰ সময়ত আৰক্ষীৰ কন্দুৱাৰ গেছৰ প্ৰভাৱত মৃত্যুক আঁকোৱালি লোৱা কংগ্ৰেছ কৰ্মী তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যু সন্দর্ভত অসম মানৱ অধিকাৰ আয়োগে (AHRC) এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে।
উল্লেখ্য যে উক্ত প্ৰতিবাদী কাৰ্যসূচীত হেজাৰৰো অধিক কংগ্ৰেছ নেতা-কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল শীঘ্ৰে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, আদানিৰ ঘোচ কেলেংকাৰীৰ তদন্ত কৰা, মণিপুৰৰ সংকট, আৰু প্ৰস্তাৱিত "এক ৰাষ্ট্ৰ, এক নিৰ্বাচন" বিধেয়কৰ বিৰোধিতা কৰা ।