দিছপুৰ, অসম: বিধায়ক আৱাসত চালকক আঁঠুকঢ়াই চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ ভিডিঅ’ পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্বয়িতা কাশ্যপৰ সৈতে জড়িত। ভিডিঅ’টোত দেখা গৈছে যে প্ৰজ্বয়িতাই এজন চালকক আঁঠুকঢ়াই বাৰে বাৰে চেণ্ডেলেৰে প্ৰহাৰ কৰিছে। এই ঘটনা প্ৰফুল্ল কুমাৰ মহন্তৰ আৱাসৰ সন্মুখত সংঘটিত হৈছে বুলি জনা গৈছে।
নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ প্ৰকাশ
আজি নিশা ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে অনুষ্ঠিত হৈ হৈ যোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ ঘোষণা কৰে৷ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এডিআৰই পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ ভিতৰত ঘোষণা কৰা হ’ব৷ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ৬মাৰ্চত ঘোষণা কৰা হ’ব। অসম আৰক্ষীৰ নিযুক্তি কনিষ্টবল এবি আৰু ইউবিৰ পৰীক্ষাৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব। অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব। কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব। আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব। বহুপ্ৰতীক্ষিত এডিআৰই পৰীক্ষাৰ ফলাফ
তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা সংহত সঞ্চালকালয়ক টুইন টাৱাৰ সজাইছে হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণাধীন সংহত সঞ্চালকালয়ক টুইন টাৱাৰ বুলি ঘোষণা কৰাৰ পিছত ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীয়ে টুইন টাৱাৰ প্ৰকল্পৰ ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি দাবী কৰিছিল। কিন্তু বিৰোধী দল আৰু সমালোচকসকলে এই ঘোষণাক মিছা আখ্যা দিয়ে আৰু প্ৰকল্পটোৰ প্ৰকৃত স্বৰূপ উন্মোচনৰ কৰিছে। ২০১৬ চনত সংহত সঞ্চালকালয়ৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷ সেই সংহত সঞ্চালকালয়টোৰ নিৰ্মাণৰ কাম আগবাঢ়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত৷ কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰা সংহত সঞ্চালকালয়কে এতিয়া সৰ্বানন্দ সোণোৱালে ঘোষণা
বিৰোধী শক্তি এক হোৱাৰ আহ্বানক সমৰ্থন, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা আপ অসমৰ
আপৰ অসমৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডা০ ভবেন চৌধুৰীয়ে আজি সংবাদমেলত ড০ হীৰেন গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাইছে। তেওঁ বিজেপি চৰকাৰক সাম্প্ৰদায়িক আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বুলি অভিহিত কৰিছে। তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী নিৰ্বাচনৰ প্ৰত্যুত্তৰ অসমত দিব বুলি ঘোষণা কৰিছে।
টুইন টাৱাৰক লৈ বিজেপিৰ নিতৌ নতুন কাহিনী, কেতিয়াৰ পৰা অসমত আৰম্ভ হৈছিল এই প্ৰসংগ?
বিজেপিয়ে প্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰাৰ পিছত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। ২০১৮ চনত এই ঘোষণাৰ পিছত ৰাজ্যত ব্যাপক চৰ্চা হৈছিল। গুৱাহাটীৰ বেতকুছি এলেকাত এখন বেনাৰ লগাই টুইন টাৱাৰৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছিল। কিন্তু আজিলৈকে টুইন টাৱাৰ নিৰ্মাণৰ আধাৰশিলাও স্থাপন হোৱা নাই। এই প্ৰকল্পটো লৈ বিৰোধী দলে বাৰে বাৰে বিজেপি চৰকাৰক সমালোচনা কৰি আহিছে।
প্ৰয়াত অ’চি বিৰিঞ্চি দাসৰ স্কুটীত খুন্দিওৱা চালকক গ্ৰেপ্তাৰ
নলবাৰী জিলাৰ ঘোগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাসক খুন্দা মাৰা বাহনখনৰ চালকজনক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। খ্ৰীষ্টান বস্তীৰ পৰা বশিষ্ঠ আৰক্ষীয়ে আজি পুৱাই চালকজনক গ্ৰেপ্তাৰ কৰিছে। চালকজনৰ নাম বিচ্ছেক সিংঘাল বুলি জানিব পৰা গৈছে। দুদিন ধৰি পলায়ন কৰি থকাৰ পিছত আজি গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই খ্ৰীষ্টানবস্তিত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশা প্ৰায় ২ বজাত বিৰিঞ্চি কুমাৰ দাসক এখন ছুইফট বাহনেৰে খুন্দা মাৰি পলায়ন কৰিছিল বিচ্ছেক সিংঘালে। বিৰিঞ্চি কুমাৰ দাসে স্কুটী চলাই ঘৰলৈ আহি থকাৰ সময়তে বিচ্ছেক সিংঘালে খুন্দা মাৰি পেলাই থৈ যায়, য’ত ভাৰপ্ৰাপ্ত বিষয়া ব
গুৱাহাটীত বাহনৰ গ্লাছ ভাঙি টকাৰ বেগ নিয়া ডকাইত কমলক গ্ৰেপ্তাৰ
গুৱাহাটী আৰক্ষীয়ে বাইক চোৰ, ড্ৰাগছ মাফিয়া, চিলনী চোৰৰ বিৰিদ্ধে অভিযান অব্যাহত ৰাখিছে৷ বিগত কেইবাটাও দিনত অভিযান চলাই বাইক চোৰ, ড্ৰাগছ মাফিয়া, চোৰ-ডকাইতক জালত পেলাবলৈ সক্ষম হোৱাৰ সময়তে অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে৷ গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই গাড়ীৰ গ্লাছ ভাঙি টকাৰ বেগ লৈ উধাও হোৱা এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দিছপুৰ আৰক্ষীয়ে নিৰ্মল নাথ নামৰ গাড়ীৰ গ্লাছ ভাঙি ধনৰ বেগ লৈ উধাও হোৱা ডকাইতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিৰ্মল নাথে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত গাড়ী গ্লাছ ভাঙি ডকাইতি কৰিছিল বুলি জানিব পৰা যায়৷ গুৱাহাটী কেইবাটাও ঘটনাৰ তথ্য আহৰণ কৰি কমল নাথেই যে বহু ঘটনাত জড়িত সে
গুৱাহাটীত নিষিদ্ধ হ’ল সকলো প্ৰতিবাদ-মিছিল-শোভাযাত্ৰা
অসম চৰকাৰে প্ৰতিবাদ, মিছিল আদি কঠোৰ হাতেৰে দমন কৰিবলৈ সাজু হৈছে। এডভাণ্টেজ অসম আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আগতীয়াকৈ দল-সংগঠন আৰু অন্যান্য সংস্থাৰ সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰে স্পষ্ট কৰিছে যে বিৰোধী দল, জাতীয় সংগঠন আৰু অন্যান্য প্ৰতিষ্ঠানৰ কাৰ্যকলাপ সহ্য নকৰা হ’ব। দেশ-বিদেশৰ অতিথিৰ সন্মুখত গুৱাহাটীৰ পথত দল-সংগঠন আৰু সংস্থাৰ সক্ৰিয়তা বন্ধ কৰিবলৈ চৰকাৰ আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ: দীপৰ বিলৰ পুতি পেলাৱা মাটি আঁতৰাবলৈ আদেশ
ৰাজধানী গুৱাহাটীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত বিৰল অৰিহণা যোগাই অহা দীপৰ বিল অস্তিত্বৰ সংকটত পৰাটো নতুন কথা নহয়৷ প্ৰতিখনে চৰকাৰ পুঁজিপতি বণিয়াক দীপৰ বিলৰ বৃহৎ বৃহৎ অংশ গতাই দিয়াত নিৰ্মাণ কাৰ্য গঢ়ি তুলিছে। যাৰ বাবে ক্ৰমে সংকুচিত হৈ আহিছে দীপৰ বিল৷ এইবাৰ আকৌ চৰকাৰী সংস্থাই পুতি পেলাইছে দীপৰ বিলৰ বৃহৎ অংশ৷
‘ভূপেন দা তোমাৰ যে তুলনা নাই’ শীৰ্ষক গ্ৰন্থ উন্মোচন
অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া তথা অসমৰ এগৰাকী বিশিষ্ট লেখক বীৰেণ বৰগোহাঁইৰ সংক্ষিপ্ত শব্দৰে লিখা "ভূপেন দা তোমাৰ যে তুলনা নাই" আৰু "মিহলি ফুলৰ শৰাই" শীৰ্ষক দুখন গ্ৰন্থ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। ড° ভূপেন হাজৰিকাৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা আৰু প্ৰীতিৰ প্ৰতিফলন স্বৰূপে বীৰেণ বৰগোহাঁইয়ে এই গ্ৰন্থ দুখন ৰচনা কৰিছে।