লখিমপুৰ: শুকুৰবাৰ সন্ধিয়া উত্তৰ-পূৰ্বাঞ্চল বিদ্যুৎ নিগম (নিপকো)-এ অৰুণাচল প্ৰদেশৰ ইয়াজালিস্থ পান্যৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী মুকলি কৰাৰ ফলত শনিবাৰৰ পুৱা ১ বাজে ৰঙানদীৰ পানী বিপদসীমা অতিক্ৰম কৰি ওলাই পৰে। হঠাৎ আহি পৰা এই পানীয়ে লখিমপুৰ জিলাৰ বিস্তীর্ণ অঞ্চলত এক শোকাবহ পৰিস্থিতিৰ সৃষ্টি কৰে। বহু লোক শুই থকা অৱস্থাতে পানীৰ কৱলত পৰে। ৰাইজে অভিযোগ কৰে যে নিপকোৱে আগতীয়াকৈ কোনো ধৰণৰ সতৰ্কবাণী নিদিয়াকৈ পানী মুকলি কৰিলে। ফলস্বৰূপে বহু পৰিয়ালে কেৱল গাত থকা কাপোৰ লৈ জীৱন ৰক্ষাৰ বাবে ঘৰ এৰি পলাই যায়।
বানত লখিমপুৰ জিলাৰ ৰঙানদী আৰু নাওবৈচা বিধানসভা সমষ্টিৰ ২৪৩ খন গাঁও বুৰ যায়। ২৪ হাজাৰ ৩৩০টা পৰিয়াল ক্ষতিগ্ৰস্ত হয়। বহু ঘৰ-বাৰী উটি যায়, গৃহসামগ্ৰী, খাদ্যদ্ৰব্য, শিশুৰ পঢ়াৰ কিতাপ-খাতা, পশু-পাখি আদি পানীত উটি নষ্ট হয়। বহু পৰিয়ালে জীৱ-জন্তু হেৰুৱাই দুখত নিমজ্জিত। বহু ঠাইত কৃষকসকলে পথাৰত পাৰি থোৱা ধান-কঠীয়া আদি বানে নষ্ট কৰি পেলায়।
পহুমৰাৰ মাজগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বুৰ যোৱাত ৰাষ্ট্ৰীয় ঘাইপথত যান-জটৰ সৃষ্টি হয়। বহু লোক ঘৰতে আৱদ্ধ হৈ থাকে, আনহাতে একাংশ লোকে পথৰ দাঁতিত তম্বু পাতি আশ্ৰয় ল’বলৈ বাধ্য হয়। সোৱণশিৰিত নিৰ্মিত জলবিদ্যুৎ বান্ধৰ কাষত ভূমিস্খলন হোৱা দেখা যায়। বান্ধৰ কাষৰ পাহাৰৰ বৃহৎ অংশ খহি পৰাত আশঙ্কাজনক পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে, কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পেো শুকুৰবাৰে ৫খন গেটেৰে পানী মুকলি কৰাৰ ফলত কাৰ্বি আংলং আৰু নগাঁও জিলাতো হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। বৰচালি, ইংহিনগাঁও, আমডুবি, খেৰগাঁও আদি গাঁও বুৰ যায়। বৈঠালাংছু-বৰচালি সংযোগী পথৰ ওপৰেৰে পানী বাগৰি পৰাত যোগাযোগ সম্পূৰ্ণ বিছিন্ন হৈ পৰে।
বানপীড়িত ৰাইজে নিপকোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে কয়, প্ৰতিবছৰে এনে ধৰণে পানী মুকলি কৰি লক্ষাধিক জনতাৰ জীৱন বিপন্ন কৰা হৈছে। অথচ আগতীয়াকৈ কোনো ধৰণৰ জনসতর্কতা জাৰি কৰা নহয়। ৰাজনৈতিক দলবোৰৰো ভূমিকা সন্দেহজনক। ৰাইজৰ অভিযোগ, ৰাজ্য চৰকাৰে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াব নোৱাৰাৰ বাবেই এই সমস্যা বছৰে বছৰে ঘূৰি আহিছে। একাংশ মন্ত্ৰী আৰু চৰকাৰী বিষয়া অসমত বানক নিয়মীয়া ঘটনা বুলি হাতখৰচাৰ দৰে ব্যৱহাৰ কৰে, কিন্তু কোনো স্থায়ী সমাধানৰ দিশে গম্ভীৰ পদক্ষেপ লোৱা নহয়।
ইপিনে, ৰঙানদীৰ ওপৰত নিৰ্মিত নিপকোৰ জলবিদ্যুৎ প্ৰকল্পৰ পানী মুকলি কৰাৰ ফলত প্ৰতিবছৰে লখিমপুৰ জিলাত হোৱা ক্ষতি, গাঁও-বুৰ, জীৱ-জন্তুৰ প্ৰাণনাশ আদিক লৈ ৰাইজৰ ক্ষোভ তীব্ৰ ৰূপ লৈছে। চৰকাৰে সোৱণশিৰি নদীৰ ওপৰত নিৰ্মিত বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ সমৰ্থন জনাই অহাক লৈও স্থানীয় ৰাইজে অশান্তি প্ৰকাশ কৰিছে। বানৰ ফলত যোৱা ৰাতিৰ পৰা এতিয়ালৈ বহু লোক তেওঁলোকৰ ঘৰ-দুৱাৰ এৰি পথত আশ্ৰয় লৈ আছে, পেটত নপৰে খাদ্য, শিশুৱে বিচাৰি ফুৰে ন-জোৰা কিতাপ। এনেধৰণৰ বিপৰ্যয়ত সরকারৰ দায়িত্বহীনতা আৰু নিপকোৰ বেপৰোৱা সিদ্ধান্তই লক্ষাধিক জনতাৰ জীৱন দুঃস্বপ্নৰ দৰে কৰি তুলিছে।
https://www.facebook.com/share/v/1KkfQGdmZe/