গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে আদিবাসী ৩৬ (জনজাতি), অনুসূচীত জনজাতি ঐক্য মঞ্চ, অসমৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত মঞ্চৰ সভাপতি ড০ বাণেশ্বৰ মিৰ্দ্ধাই সভাত কয়, ‘‘আমাৰ জাতিগত প্ৰমাণ পত্ৰত আদিবাসী জাতি, উপাধি উল্লেখ কৰি জাতিগত প্ৰমাণ পত্ৰ দিবলৈ চৰকাৰক দাবী জনালোঁ। লগতে জাতি গণনা কাৰ্যসূচীত আদিবাসী জাতিসমূহ উল্লেখ কৰি জাতি লোক পিয়ল কৰিবলৈ চৰকাৰক দাবী জনালোঁ। তদুপৰি আদিবাসীসকলৰ জনজাতিকৰণ সমস্যা, জাতি প্রমাণ পত্র আৰু আন্তঃ গাঠনিৰ উন্নয়ন কৰিবলৈও চৰকাৰক দাবী জনালোঁ।'’ সভাত মঞ্চৰ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি ৰাজেন মুণ্ডা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
 
