ষষ্ঠ গোচৰত পুনৰ গ্ৰেপ্তাৰ মহবুবুল হক, জামিনৰ আগতেই আতক

ষষ্ঠ গোচৰত পুনৰ গ্ৰেপ্তাৰ মহবুবুল হক, জামিনৰ আগতেই আতক

USTM মেঘালয়ৰ উপাচাৰ্য মহবুবুল হকক দ্বিতীয় গোচৰত জামিন প্ৰদানৰ আগতেই ষষ্ঠ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। ঢেকীয়াজুলি আৰক্ষীয়ে শ্ৰীভূমি জিলা কাৰাগাৰত বন্দী হৈ থকা হকক কাৰাগাৰৰ ভিতৰতে গ্ৰেপ্তাৰ কৰি শ্ৰীভূমিৰ পৰা ঢেকীয়াজুলিলৈ নিয়ে। উচ্চ ন্যায়ালয়ে প্ৰথম গোচৰত জামিন দি দ্বিতীয় গোচৰত জামিনৰ ৰায় সংৰক্ষণ কৰি তৃতীয়, চতুৰ্থ আৰু পঞ্চম গোচৰত গ্ৰেপ্তাৰত স্থগিতাদেশ দিছিল যদিও ঢেকীয়াজুলি আৰক্ষীয়ে আজি ষষ্ঠ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰে।

মহবুবুল হকৰ বিৰুদ্ধে এতিয়ালৈকে মুঠ ছয়টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত দুটা গোচৰ শ্ৰীভূমিত, এটা বৰপেটাত, এটা কোকৰাঝাৰত, এটা গোসাঁইগাঁৱত আৰু এটা ঢেকীয়াজুলি আৰক্ষী থানাত ৰুজু কৰা হৈছে। ঢেকীয়াজুলিৰ গোচৰটো মুকচেদ আলম নামৰ ব্যক্তিজনে দাখিল কৰিছে। মুকচেদ আলমৰ পুত্ৰ ইউএছটিএমৰ ছাত্ৰ আছিল আৰু পাথাৰকান্দি পাব্লিক স্কুলত পৰীক্ষা দিবলৈ গৈছিল। মুকচেদ আলমে গোচৰ দিয়াৰ কথা অস্বীকাৰ কৰি কয় যে তেওঁক আৰক্ষীয়ে জোৰকৈ চহী লৈ গোচৰ ৰুজু কৰিছে। তেওঁ কয়, "মই খেতিপথাৰত কাম কৰি আছিলোঁ, আৰক্ষীয়ে মোক থানালৈ মাতি নিয়ে আৰু মোৰ পৰা জোৰকৈ চহী লয়। মই টকা দিয়া নাছিলোঁ, কিন্তু তেওঁলোকে মোৰ চহীৰে গোচৰ ৰুজু কৰিছে।"

শ্ৰীভূমিত ৰুজু কৰা দুটা গোচৰৰ ভিতৰত এটা গোচৰত হকক জামিন দিয়া হৈছিল। দ্বিতীয় গোচৰত জামিনৰ ৰায় ঘোষণাৰ আগতেই ষষ্ঠ গোচৰত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। উচ্চ ন্যায়ালয়ে হকৰ বিৰুদ্ধে ৰুজু কৰা তিনিটা গোচৰত গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ আগতে গোসাঁইগাঁৱত ৰুজু কৰা গোচৰত এগৰাকী ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ বাবে টকা দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। ছাত্ৰীগৰাকীৰ মাতৃ লিলাৱতী বসুমতাৰীয়ে গোচৰ দাখিল কৰিছিল।

উল্লেখযোগ্য যে, মহবুবুল হকৰ ইআৰডি ফাউণ্ডেচনৰ অধীনত চলা চিবিএছইৰ পাথাৰকান্দি চেণ্ট্ৰেল পাব্লিক স্কুলত ২০ ফেব্ৰুৱাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰীক্ষাৰ্থীসকলে বিশেষ সুবিধা পোৱাৰ প্ৰতিশ্ৰুতি ভংগৰ অভিযোগ উত্থাপন কৰিছিল। এই ঘটনাৰ পিছতেই মহবুবুল হকক ২১ ফেব্ৰুৱাৰীৰ নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে ফ্লাড জিহাদকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে।

মহবুবুল হকক কাইলৈ তেজপুৰৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জনা গৈছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com