অসম বিধানসভাত আজি এক উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে। ১৪৭ গৰাকী অংশকালীন প্ৰৱক্তাৰ চাকৰি উভতাই দিয়াৰ দাবীত বিৰোধী দলৰ সদস্যসকলে সদন অচল কৰি তুলিছে। এই প্ৰৱক্তাসকলে চাকৰি হেৰুৱাৰ পিছত প্ৰতিবাদ কৰি আহিছে। আজি বিধানসভাৰ কাৰ্যপ্ৰণালী আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলৰ সদস্যসকলে এই প্ৰৱক্তাসকলক পুনৰ চাকৰি দিয়াৰ দাবী উত্থাপন কৰে।
বিৰোধী দলৰ সদস্যসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত "হিটলাৰী ৰাজ নচলিব" বুলি শ্লোগান দি উত্তাল পৰিৱেশ সৃষ্টি কৰে। সদনৰ বাহিৰত শিক্ষামন্ত্ৰী ৰণজিৎ ডাঙৰে স্পষ্টকৈ কয় যে এই প্ৰৱক্তাসকলক পুনৰ চাকৰি দিয়া নহয়। উচ্চ শিক্ষাৰ কাৰিকৰী শিক্ষা সঞ্চালকে এক বিবৃতিত উল্লেখ কৰে যে এই প্ৰৱক্তাসকল অংশকালীন চাকৰিয়াল আছিল আৰু তেওঁলোকক নিয়মীয়া চাকৰিৰ বাবে পৰীক্ষা দিবলৈ সুযোগ দিয়া হৈছিল। ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ দুটা পৰীক্ষা অনুষ্ঠিত হৈ গৈছে।
শিক্ষামন্ত্ৰীয়ে কয় যে অসম চৰকাৰৰ কোনো বিধি-ব্যৱস্থা নাই যি অংশকালীনক পূৰ্ণকালীনলৈ ৰূপান্তৰ কৰি দিব পাৰে। এই কথাক লৈ বিৰোধী দলৰ সদস্য অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণজিৎ ডাঙৰৰ বিৰুদ্ধে "হিটলাৰী ৰাজ বন্ধ কৰা"ৰ দাবী উত্থাপন কৰে। তেওঁ মেধাৱী আৰু উচ্চ শিক্ষিত প্ৰৱক্তাসকলক পুনৰ চাকৰি দিয়াৰ লগতে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ দাবী জনায়।
কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে পোষ্টাৰ লৈ সদনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। এই বিষয়টোৱে ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছ, ৰাইজৰ দল, এআইইউডিএফ আৰু চিপিআইএমৰ বিধায়কসকলে চাকৰি উভতাই দিয়াৰ দাবীত চিঞৰ-বাখৰ কৰাত দীৰ্ঘ সময় ধৰি সদন অচল হৈ থাকে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগিত ৰাখিবলৈ প্ৰস্তাৱ আনে। অখিল গগৈয়ে কয় যে এই বিষয়টো আলোচনা হ’ব লাগে। ইমান শিক্ষকক কেনেকৈ খেদি দিব পাৰি?
অধ্যক্ষই কয় যে বিষয়টো গুৰুত্বপূৰ্ণ আৰু শূন্যকালত উত্তৰ দিব। কিন্তু বিৰোধীয়ে মানি নলৈ হৈ-হাল্লা অব্যাহত ৰাখে। দেৱব্ৰত শইকীয়াই কয় যে এনেদৰে অসমীয়া ল’ৰা-ছোৱালীক খেদিব নোৱাৰি। নিযুক্তি বৈধ আৰু এই বিষয়ত আলোচনা হ’ব লাগে। অখিল গগৈয়ে কয় যে আজিৰ বিধানসভাত ১৪৭ জনক চাকৰিৰ পৰা খেদাটো উঠাই ল’ব লাগে। তেওঁ কয় যে এইখন হিটলাৰ চৰকাৰ আৰু আজি আলোচনা কৰিবই লাগিব।
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধীক প্ৰশ্ন কৰে যে যদি তেওঁলোকে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে তেন্তে শূন্যকালত উত্তৰ দিবলৈ দিয়ক। অখিল গগৈয়ে মন্ত্ৰী পাটোৱাৰীক উভতি ধৰি কয় যে তেওঁলোকে তেওঁলোকৰ চাকৰিৰ বিষয়টো লৈ গুৰুত্বসহকাৰে লৈছে নে নাই। পিছত পাটোৱাৰীয়ে কয় যে অখিল গগৈৰ কথাত কিয় গুৰুত্ব দিব লাগে। তেওঁ কয় যে তেওঁৰ কথাত গুৰুত্ব দি সময় নষ্ট নকৰিব।
দেৱব্ৰত শইকীয়াই কয় যে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যি চৰ্ত থাকে, নিয়ম থাকে সেইসমূহ দুয়োপক্ষই পালন কৰিব লাগে। তেওঁ কয় যে ৮২ শতাংশ কাট অফ মাৰ্কত আৱেদন কৰিবলৈ দিয়া হৈছিল আৰু এখন সমিতিয়ে নিৰ্বাচন কৰিছিল। তেওঁলোকে যাতে অন্য ঠাইলৈ চাকৰিৰ বাবে যাব নোৱাৰে তাৰ বাবে অৰিজিনেল চাৰ্টিফিকেট ৰাখি থৈছিল। তেওঁ কয় যে সংবিধানৰ ক’ত লিখা আছে যে কাম কৰিলে দৰমহা নাপাব। সেই কাৰণে এই প্ৰশ্ন তেওঁলোকে আনিছে।
উপাধ্যক্ষ নোমিল মমিনে বেলেগ এটা ডিভাইজত প্ৰশ্ন আনিবলৈ কয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে তেওঁ শিক্ষামন্ত্ৰীৰ সৈতে কথা পাতিছে আৰু বেলেগ এটা ডিভাইজত প্ৰশ্ন আনক শিক্ষামন্ত্ৰীয়ে উত্তৰ দিব। কিন্তু বিৰোধীয়ে সেই কথা মানি নলৈ চাকৰি উভতাই দিয়ক বুলি কৈ হৈ-হাল্লা কৰি শ্লোগান দিবলৈ আৰম্ভ কৰে। "হিমন্ত বিশ্ব শৰ্মা হায়ঃ হায়ঃ, হিটলাৰী ৰাজ নচলিব" আদি শ্লোগানেৰে বিধানসভা উত্তাল কৰি তোলে। অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয়। পিছত সদন পুনৰ আৰম্ভ হয় যদিও কংগ্ৰেছৰ বিধায়কসকলে বাহিৰলৈ ওলাই আহি হাতে হাতে পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।