ড° অপৰ্ণা বুজৰবৰুৱা 'সলিল চৌধুৰী বঁটা'ৰে সন্মানিত

ড° অপৰ্ণা বুজৰবৰুৱা 'সলিল চৌধুৰী বঁটা'ৰে সন্মানিত

আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অসমীয়া গীতৰ উজ্জ্বল প্ৰদৰ্শন। কলিকতাৰ স্বামী বিবেকানন্দ হলত অনুষ্ঠিত ৫ম আন্তৰ্জাতিক ষ্টাৰ চলচ্চিত্ৰ মহোৎসৱত অসমীয়া গীত “ৰুণ ঝুন ঝুন”ই শ্ৰেষ্ঠ সংগীত ভিডিঅ’ৰ বঁটা লাভ কৰিছে। এই গীতটোৰ কথা, সুৰ, সংগীত আৰু সংগীত পৰিচালনা ড° অপৰ্ণা বুজৰবৰুৱাৰ। তেওঁক এই মহোৎসৱতে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে প্ৰতিষ্ঠিত ‘সলিল চৌধুৰী বঁটা’ৰে সন্মানিত কৰা হৈছে।

গীতটোত কণ্ঠ দিছে ড° সঙ্গীতা কাকতীয়ে আৰু নৃত্যৰ মাধ্যমেৰে জিলিকিছে মেঘৰঞ্জনী মেধীয়ে। গীতৰ ভিডিঅ’টোৰ পৰিচালনা অন্তৰীপ হাজৰিকাৰ। ইতিমধ্যে এই গীতৰ ভিডিঅ’টোৱে চাৰিটা বঁটা লাভ কৰিছে।

ড° অপৰ্ণা বুজৰবৰুৱা  তেজপুৰত এক সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। ১৯৬৯ চনত কটন কলেজত উদ্ভিদ বিজ্ঞানৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি ২০০৩ চনত বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। তেওঁ ১০০তকৈ অধিক গীত ৰচনা কৰিছে আৰু ২০০৮ চনত আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী মহিলা সংগীত পৰিচালক হিচাপে স্বীকৃতি লাভ কৰে। তেওঁ একাধিক গ্ৰন্থও ৰচনা কৰিছে।

ড° বুজৰবৰুৱা কয় যে এই বঁটাই অসমৰ সংগীত জগতৰ বাবে এক উৎসাহজনক বাতৰি।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com