২০২৫-২৬ বৰ্ষৰ বাজেট উত্তাপন কৰাৰ পিছতে অসম কংগ্ৰেছে বাজেটখনক পৰনিৰ্ভৰশীল বুলি আখ্যা দি তীব্ৰ সমালোচনা কৰিছে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত ৩৬ হাজাৰ ১৮৫ কোটী টকাৰ বাজেট প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে কংগ্ৰেছে ইয়াক প্ৰতিশ্ৰুতিৰে ভৰা কিন্তু বাস্তৱতঃ পৰনিৰ্ভৰশীল বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতা ৰিপুন বৰাই কয় যে এই বাজেটখন কেৱল অলংকাৰেৰে ভৰা আৰু ইয়াৰ লগত ৰাইজৰ প্ৰকৃত সমস্যাৰ কোনো সম্পৰ্ক নাই।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কালজয়ী কবিতাৰ পংক্তিৰে বাজেটখনৰ ওপৰত সমালোচনা কৰি কয়, "সুখ নাই সুখ নাই ক'তো ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ।" তেওঁ কয় যে চৰকাৰে যেতিয়া ইমান ঋণ লৈছে, তাৰ বাবে নাগৰিকৰ লগতে তেওঁ নিজেও চিন্তিত।
ইয়াৰোপৰি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই দৰঙত সভা কৰি বাজেটৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ কয় যে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগক দিয়া টকা সঠিকভাৱে খৰচ কৰিব নোৱাৰাৰ বাবে টকা উভতি গৈছে। বাজেটত শিক্ষাৰ্থীক ২৫০০ টকাকৈ দিয়াৰ ঘোষণাক লৈ ভূপেন বৰাই কয়, "পঢ়ি থকা কালত ২৫০০ টকা দিয়া ভাল কথা, কিন্তু ৩৬ লাখ পঞ্জীয়নভুক্ত নিবনুৱাৰ কি হ’ব? পঢ়া শেষ কৰাৰ পিছত তেওঁলোকক সংস্থাপন দিব নে নিদিয়ে? এই কথা স্পষ্ট কৰক।" তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে চৰকাৰ গঠন কৰিব পাৰিলে প্ৰথম ১০০ দিনতেই ১০ লাখ নিবনুৱাক সংস্থাপন দিব।

অসম কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই বাজেটখনক "আকাশত চাং পটা বাজেট" বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই বাজেটৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰে ৩৬ হাজাৰ ১৮৫ কোটি টকা ঋণ হিচাপে ল’ব লগা হ’ব, যাৰ ফলত ২০২৫-২৬ বৰ্ষলৈ ঋণৰ পৰিমাণ ২ লাখ কোটি টকা অতিক্ৰম কৰিব। তেওঁ কয় যে স্বাস্থ্য, পৰিবহন, কৃষি, গ্ৰাম্য উন্নয়ন আদি ক্ষেত্ৰত পুঁজি কমকৈ নিৰ্ধাৰণ কৰা হৈছে, যাৰ ফলত অৰ্থনীতিৰ মূল ভেটি দুৰ্বল হ’ব।
বেদব্ৰত বৰাই কয়, "এই বাজেটখন কেৱল চমক দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ প্ৰতিশ্ৰুতিসমূহ কথাৰ ফুলজাৰিৰ বাহিৰে একো নহয়।" তেওঁ কয় যে চৰকাৰে আগৰ বিত্তীয় বৰ্ষত অনুসূচিত জাতি-জনজাতিৰ বাবে নিৰ্ধাৰণ কৰা ৫১ শতাংশ পুঁজি সঠিকভাৱে খৰচ কৰিব পৰা নাই, যাৰ ফলত এই বাজেটখন প্ৰকৃততে জনসাধাৰণৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব।