আজি গৌৰৱ গগৈৰ নিজ জন্মস্থান যোৰহাট উজনি অসমত এক গৌৰৱজনক পৰিৱেশৰ সৃষ্টি কৰিলে। অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ যোৰহাটত পদাৰ্পণ উপলক্ষে হাজাৰ হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰৰৈয়া বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায়। কংগ্ৰেছ সমৰ্থকে ফুলাম গামোচা, বিহু আৰু ঝুমুৰ নৃত্যৰে গগৈক আদৰি লৈ যায়।
গগৈয়ে কয়— "ৰাইজে যি ধৰণেৰে আদৰণি জনাইছে, তাৰ পৰা সাহস, উৎসাহ আৰু আগলৈ কাম কৰাৰ প্ৰেৰণা পালোঁ।" তেঁওয় নিজৰ সৈতে উপস্থিত থকা বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ, ৰ’জেলিনা তিৰ্কী আৰু প্ৰদীপ চৰকাৰৰ সৈতে বিমানবন্দৰৰ পৰা নিজৰ ঘৰলৈ গৈ, প্ৰয়াত পিতৃ তৰুণ গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে।
গগৈয়ে কয়— "মই আহিছোঁ মোৰ জন্মস্থান যোৰহাটলৈ, য’ৰ পৰা পিতৃয়ে ৰাজনীতি আৰম্ভ কৰিছিল। তেওঁৰ আশীৰ্বাদ বিচাৰিছো। আশা কৰিছো তেওঁ আমাৰ অগ্ৰগতি দেখি গৰ্বিত হ’ব।"
গৌৰৱ গগৈয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমবাসীয়ে কংগ্ৰেছক দেখুওৱা সমৰ্থনে দলৰ ওপৰত দায়িত্ব বঢ়াইছে বুলি উল্লেখ কৰে। "যদি আমি যোগ্য নোহোৱা হ’লোঁ, তেন্তে দলে এনেধৰণৰ দায়িত্ব নিদিয়েহেঁতেন," বুলি তেওঁ কয়।
গুৱাহাটী চহৰত কৃত্ৰিম বান, লখিমপুৰৰ বানে জনজীৱন তছনছ হোৱাৰ কথা উল্লেখ কৰি গগৈয়ে কয়— "অসমবাসীক দুৰ্বৃত্তাচাৰ, চিণ্ডিকেট ৰাজ, ভয়-ভীতি আৰু লুটপাটৰ পৰা মুক্ত কৰাৰ বাবে কংগ্ৰেছে প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে।"
তেওঁ আৰু কয়— "লোকসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে আমি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছো। এইবাৰ মূল যুঁজখিনি হ’ব ২০২৬ত।"
বিমানবন্দৰত সৃষ্টি হোৱা জনসমাগমৰ বাবে এজন সংবাদিক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে, যাৰ বাবে গগৈয়ে ক্ষমা প্ৰাৰ্থনা কৰে।
দলৰ ভিতৰত লবীকেন্দ্ৰিক ৰাজনীতিৰ সন্দৰ্ভত গগৈয়ে স্পষ্টভাৱে কয়— "কংগ্ৰেছত কোনো লবী নাই। যদি আছে, সেয়া অসমৰ ৰাইজৰ লবী।"
গৌৰৱ গগৈয়ে আজিৰ দিনটোত যোৰহাটৰ পৰা তিতাবৰ আৰু শিৱসাগৰলৈও যাত্ৰা কৰে, য’ত সমৰ্থকসকলে পুনৰ তেওঁৰ উষ্ম স্বাগত জনায়।