নৈকোষ আৰু লাইপুলীয়া নদীৰ পাৰৰ জীৱনৰ এক আভাস

নৈকোষ আৰু লাইপুলীয়া নদীৰ পাৰৰ জীৱনৰ এক আভাস

নৈকোষঃ

মোৰ শৈশৱ আৰু কৈশোৰৰ চিনাকি ঠাই নৈকোষ। ২০০৬ চনৰ কথা। মই বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰি মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছিলো। মোৰ লগতে নামভৰ্তি কৰা পবিতা, মিলন আদি সহপাঠীসকলে তেতিয়া আমাৰ বিদ্যালয়ৰ কাষত থকা লাইপুলীয়া নদীৰে টুলুঙা নাৱত উঠি পাৰ হৈ আহিবলগীয়া হৈছিল। নৈকোষ গাঁৱত উঠি আমি চাইকেল লৈ বিদ্যালয়লৈ যাওঁ। নৈকোষ গাঁৱৰ কাষতে আমাৰ বিদ্যালয়খন অৱস্থিত।

নৈকোষৰ পাৰৰ গাঁওবাসীৰ জীৱনৰ বহু উত্থান-পতনৰ সাক্ষী এই নদীখন। নদীপাৰৰ লোকসকলৰ জীৱনশৈলী, ইয়াৰ বৈচিত্ৰ্যময় পৰিৱেশ, নদী-মানুহ আৰু পানীৰ সম্পৰ্কৰ বিষয়ে জানিবলৈ মই নৈকোষলৈ যাত্ৰা কৰিলোঁ।

আজিৰ এই প্ৰতিবেদনত আমি নৈকোষ আৰু লাইপুলীয়া নদীৰ পাৰৰ জনজীৱনৰ মাজলৈ সোমাই যাম। মোৰ কৈশোৰৰ এচোৱা সময় এই নদীপাৰৰ বিদ্যালয়ত পাৰ হৈছিল। মোৰ বহু সহপাঠী নৈকোষ, দেউঘৰীয়া, গোহাঁই গাঁৱ আদিৰ আছিল। তেনে এজন বন্ধু হ’ল টিকেন্দ্ৰ চেতিয়া। টিকেন্দ্ৰই তাৰ ঘৰৰ পৰা মোক লগ দিব বুলি কৈছিল।

লাইপুলীয়া নদীঃ

ধেমাজি জিলাৰ বানে গৰকা অঞ্চলত বসবাস কৰা লোকসকলে নদীৰ মমতাময় বান্ধোনেৰে জীৱন-জীৱিকা লাভ কৰাৰ বিপৰীতে বহু সময়ত নদীৰ ক্ৰূৰ ৰূপৰ সন্মুখীন হ’বলগীয়াও হৈছে। লাইপুলীয়া নদীৰ উৎপত্তি হৈছে চিজি নৈৰ পৰা। অৰুণাচল প্ৰদেশৰ চিয়াং পাহাৰৰ পৰা ওলোৱা চিজি নৈ ধেমাজিৰ মাজেৰে বৈ আহি চিলাপথাৰৰ দাঁতিকাষৰীয়া লিকাবালিৰ মাজেদি চিচি নাম লয়। চিচি নৈ চুমনি বিলত সোমাই কাপোৰধোৱা নৈ নাম লয়। কাপোৰধোৱা নৈয়ে দক্ষিণ-পশ্চিম দিশত বৈ আহি গাই নৈত লগ লাগে। তাৰ পিছত এই নৈয়ে কানি বিলত প্ৰৱেশ কৰে। কাপোৰধোৱা নৈ মাছখোৱা মৌজাত সোমাই লাইপুলীয়া নাম লয়। নদীখনে প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি চাৰিকৰীয়া নাম লয়।

নৈকোষ আৰু লাইপুলীয়াৰ পাৰে পাৰেঃ

লাইপুলীয়াৰ পাৰে পাৰে মই টিকেন্দ্ৰৰ ওচৰলৈ আগবাঢ়িলো। সি মোৰ বাবে বাট চাই আছিল। আমি নদীৰ পাৰলৈ আগবাঢ়িলো। মাছখোৱা মৌজাৰ পূৱ মাছখোৱা গাঁও পঞ্চায়তৰ অধীনৰ এই ঠাইডোখৰত মানুহৰ জীৱনশৈলীত পৰিৱৰ্তন আহিছে। পূৰ্বে খোৱাপানী, কাপোৰ ধোৱা আদি কাৰ্যৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল গাঁওবাসীৰ প্ৰত্যেকৰে ঘৰতে বৰ্তমান দমকল আছে। কাপোৰ-কানি ধোৱাৰ বাবে নদীৰ পৰা আঁতৰি অহাটো নদীখনৰ বাবে আশীৰ্বাদ স্বৰূপ। নদীত প্ৰদূষণৰ পৰিমাণ ক্ৰমশঃ কমি আহিছে।

আমি আগবাঢ়ি গৈ দেখিলো যে গৰাখহনীয়া এতিয়াও লাইপুলীয়াৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। অৱশ্যে স্থানীয় লোকসকলৰ মতে, নদীখন এতিয়া কিছু স্থিৰ হৈছে। আমি গন্তব্যস্থানত উপস্থিত হ’লো। সমুখত লাইপুলীয়া নদী। নদীখনৰ পানীবোৰ সেউজীয়া মেটেকাৰে আৱৰি থকা যেন লাগিল। নদীৰ সিটো পাৰত হেমন্তৰ হালধীয়া ৰঙৰ সৰিয়হ খেতি। গাঁওবাসী ব্যস্ত হৈ আছে। নদীৰ আনটো পাৰত থকা সৰু সৰু জোপোহা গছবোৰে পৰিৱেশটোক নান্দনিক কৰি তুলিছে।

আমি নদীৰ পানীৰ চৰিত্ৰৰ উমান ল’লো। হেমন্ত কালৰ বাবে পানীবোৰ চেঁচা হৈ আছিল। এজাক পাতল বতাহে আমাক কোবাই থৈ গ’ল।

Manssh

আমি আগবাঢ়ি গৈ কিছুমান ঝাও গছ দেখুৱাই টিকেন্দ্ৰই ক’লে, “এই ঝাও গছ থকা ঠাইডোখৰত খহনীয়া হোৱা নাই। আনহাতে এইডোখৰত খহনীয়া হৈ আছে।” মই লক্ষ্য কৰিলো যে ঝাও গছবোৰে গৰাখহনীয়া ৰোধত বিশেষ ভূমিকা পালন কৰিছে।

আমি পুনৰ নদীৰ পাৰে পাৰে আগবাঢ়িলো। ২০০ মিটাৰ মান আগবাঢ়ি দুখনমান টুলুঙা নাও দেখা পালো। মানুহে এই নাওবোৰ ব্যৱহাৰ কৰে যদিও মূল পথেৰে পাৰ হ’বলৈ দলং নিৰ্মাণ কৰা হৈছে।

আমি অলপ আগবাঢ়িছো, এনেতে দেখিলো এডাল বাহৰ মাৰিত ৰঙা কাপোৰ বান্ধি নদীত পুতি থোৱা আছে। কলপাতত তামোল পান আৰু চাকি-বন্তি। তাৰ পৰা কিছু দূৰৈত কিছুমান মানুহ। মই ভাবিলো যে মানুহ, পৰম্পৰা আৰু পানীৰ সম্পৰ্কৰ সৈতে ইয়াৰ নিশ্চয় কিবা সম্বন্ধ আছে। আমি মানুহখিনিৰ ওচৰলৈ গ’লো।

মানুহখিনিৰ মাজত আমাৰ হাইস্কুলীয়া বন্ধু ‘বেথা’ও আছিল। আমাক দেখি সি মাত লগালে, “টিকেন্দ্ৰ, আহ।” মই মাজতে মাত দিলো, “বেথা, চিনি পাইছনে?” বেথাই উত্তৰ দিলে, “মানুহবোৰৰ চেহেৰা সলনি হৈছে। তই মানস নহয় জানো? সলনি হ’লি দেখোন তই।”

মই নদীখনত বাহৰ মাৰি পুতি থোৱাৰ কাৰণ জানিব খোজাত বেথাই ক’লে, “ইয়াত জেং দিছিল। কালিলৈৰ পৰা মাছ ধৰিব। সেয়ে নদী আৰু পানীক সন্তুষ্ট কৰিবলৈ এনেদৰে নৈবেদ্য আগবঢ়োৱা হয়।”

নৈকোষৰ ঐতিহ্য বিচাৰিঃ

আমি আমাৰ শিক্ষাগুৰু তথা নৈকোষৰ বাসিন্দা অৱনী বুঢ়াগোহাঁই ছাৰৰ ঘৰত উপস্থিত হ’লো। ছাৰ দেউতাৰ সহপাঠী আছিল। সেয়ে ছাৰক মই তাৱৈদৌ বুলিও মাতিছিলো। ছাৰে বাৰীতে মগুমাহ শুকাবলৈ দি আছিল। আমাক বহিবলৈ দিলে। কথাৰ মাজতে মই নৈকোষ নামৰ ইতিবৃত্ত জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলো। ছাৰে ক’লে, “আচলতে আমাৰ গাঁওখন নদীপাৰত হোৱা হাবিয়েই নৈকোষ হ’ল বুলি কয়। অৱশ্যে এইক্ষেত্ৰত নিৰ্ভৰযোগ্যতা মোৰ লগত নাই।”

ছাৰে লাইপুলীয়া নদীৰ মমতাময়ী আৰু নিদাৰুণ দুয়োটা ৰূপৰ কথা ক’লে। নদীখনৰ পুৰণি স্মৃতিবোৰলৈ ছাৰে ভূমুকি মাৰিলে।

মমতাময়ী লাইপুলীয়াঃ

লাইপুলীয়া নদী নৈকোষৰ বাসিন্দাসকলৰ জীৱন-জীৱিকাৰ উৎস। এই নদীখনেই এসময়ত মাছৰ ভঁৰালস্বৰূপ আছিল। অৱনী ছাৰে স্মৃতি ৰোমন্থন কৰি লাইপুলীয়াৰ মাছৰ বৈচিত্ৰ্যৰ কথা ক’লে, “১৯৮০ আৰু ১৯৮২ চনত দুটা ডাঙৰ বানপানী হৈছিল। খেতি পথাৰ বিশেষ নষ্ট হোৱা নাছিল। লাইপুলীয়াৰ সেউজীয়া পথাৰ অংশত দুটা জান লগ লাগিছে। এটা ডোমকটা জান, আনটো মৌমৰা জান। এই জানটোৰ মুখত বহু মানুহৰ মাটি-বাৰী নদীত জাহ গৈছে। আগতে নদীখনত নল-খাগৰি আছিল। সেয়ে তাত বিভিন্ন মাছ আছিল। সৰু সৰু মোহাবোৰত ডুকা কাছ দেখিছিলো। এতিয়া নদীখন বাম হৈছে। মাছ-পুঠিও কমি আহিছে। আগতে আঁৰি, গাগল, চিতল আদি বিভিন্ন মাছ পোৱা গৈছিল। আজিকালি গাগল মাছ একেবাৰে নোহোৱা হ’ল।”

নিদাৰুণ লাইপুলীয়াঃ

নৈকোষৰ বাসিন্দা অৱনী ছাৰে লাইপুলীয়াৰ নিদাৰুণ ৰূপৰ কথা ক’বলৈ গৈ আৱেগিক হৈ পৰিল। কাৰণ এই নদীখনেই তেখেতৰ দেউতাকৰ প্ৰাণ লৈছিল। ছাৰে ক’লে, “দেউতা ১৯৬৫ চনত ঢুকাইছিল। দেউতাই সিদিনা ঘাঁহ কাটিবলৈ গৈছিল। ঘাঁহ কাটিবলৈ যাওঁতে দলঙত খুন্দা মাৰিলেগৈ। সোঁতে নাওখনৰ এটা টিং মাৰি দিলে। তেওঁ সাতুৰিব নাজানে। তেতিয়াই দেউতাই প্ৰাণ হেৰুৱালে।”

টিকেন্দ্ৰয়ো এনে দুৰ্ঘটনাৰ কথা কৈ ক’লে, “এবাৰ এজন ব্যক্তিয়ে নদীৰ সিপাৰে সৰিয়হতলীত কাম কৰিবলৈ গৈছিল। নদী পাৰ হ’বলৈ তাত এডাল সাঁকো আছিল। তেখেতে কাম কৰি ঘূৰি আহোতে সেই সাঁকোৰ পৰা পিচলি প্ৰাণ হেৰুৱাইছিল।”

শেষৰ কথাঃ

সময় সলনি হৈছে। পৰিৱৰ্তন আহিছে। তথাপিও নদী আৰু মানুহৰ আত্মিক সম্পৰ্ক আজিও বৰ্তি আছে। নদীৰ কাষলৈ মানুহে বসতি স্থাপন কৰিবলৈ লৈছে। ই নদীৰ ভৱিষ্যতৰ বাবে ভাল প্ৰভাৱ পেলাব বুলি ক’ব নোৱাৰি। লাইপুলীয়া আৰু নদীপৰীয়া মানুহৰ সম্পৰ্কৰ দায়বদ্ধতা মাজতেই নিৰ্ভৰ কৰিব।

__________
Republished from: North East Water Talk - https://www.newatertalk.in/node/419

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com