গুৱাহাটী আৰক্ষীয়ে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত নতুন সাফল্য পাইছে। মেঘালয়ৰ শ্বিলঙত চলোৱা এক গোপন অভিযানত গুৱাহাটী আৰক্ষীয়ে তিনিখন চুৰি হোৱা বিলাসী বাহন উদ্ধাৰ কৰাৰ লগতে সাতজন দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
এই অভিযানৰ প্ৰেক্ষাপটত কামৰূপ গ্ৰাম্য জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত সক্ৰিয় গাড়ী চোৰ চক্ৰটোৰ সৈতে মেঘালয়ৰ দুৰ্ধৰ্ষ চোৰ জড়িত বুলি অভিযোগ উত্থাপিত হৈছিল। গুৱাহাটী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত শ্বিলঙত অভিযান চলাই তিনিখন বাহন উদ্ধাৰ কৰাৰ লগতে সাতজনক গ্ৰেপ্তাৰ কৰে।
অভিযোগমতে, এই চক্ৰটোৱে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিব বুলি কৈ ভুৱা পৰিচয় পত্ৰৰে গাড়ী ভাড়াত লৈছিল। পিছত চালকক আধাৰাস্তাত দাবী-ধমক দি গাড়ীখন লৈ উধাও হৈছিল। চেল্ফ-ড্ৰাইভ এজেঞ্চী কুইকগিয়াৰৰ পৰা ভুৱা পৰিচয় পত্ৰৰে তিনিখন গাড়ী ভাড়াত লোৱা হৈছিল। কুইকগিয়াৰে দিছপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত শ্বিলঙত অভিযান চলায়।
উদ্ধাৰ কৰা বাহনকেইখনৰ নম্বৰ হৈছে এএছ-০১-এফৱাই-২৫২৪, এএছ-০১-এফএল-৮৮৪৮ আৰু এএছ-০১-জিএফ-৫২৭৫। দিছপুৰ আৰক্ষীয়ে তিনিওখন বাহন শ্বিলঙৰ পৰা মণিপুৰ অভিমুখে যোৱাৰ তথ্য পাই মেঘালয়ৰ উমকিয়াং আৰক্ষী চকীৰ সৈতে যৌথভাৱে আধা ৰাস্তাতে ভেটি বাহনকেইখন উদ্ধাৰ কৰে।
গ্ৰেপ্তাৰকৃতসকলৰ ওপৰত ভুৱা পৰিচয় পত্ৰৰে গাড়ী ভাড়াত লৈ চুৰি কৰাৰ অভিযোগ আছে। গুৱাহাটীৰ পৰা প্ৰায়ে বহু বাহন মেঘালয় হৈ মণিপুৰলৈ পৰিবহণ কৰা হোৱাৰ অভিযোগ আগতে উত্থাপিত হৈছিল। এই অভিযানে গুৱাহাটী আৰক্ষীৰ গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানক আৰু এক ধাপ আগবঢ়াইছে। গ্ৰেপ্তাৰকৃতসকলক জেৰা কৰি সোধ-পোছ অব্যাহত ৰখা হৈছে।