গুৱাহাটী মহানগৰীৰ বেলতলা সাপ্তাহিক বজাৰত দীৰ্ঘদিন ধৰি গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীয়ে কঠোৰ অভিযান চলাই ৫জনক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰকৃতসকলৰ পৰা লক্ষাধিক টকা, মোবাইল ফোন, আৰু ভুৱা ৰচিদ জব্দ কৰা হৈছে। অভিযোগমতে, শাসকীয় দল বিজেপিৰ সৈতে জড়িত কেইজনমান গুণ্ডাই বজাৰত ব্যৱসায়ী, বিশেষকৈ জনজাতীয় শাক-পাচলি বিক্ৰেতাসকলৰ পৰা জোৰকৈ গুণ্ডাটেক্স সংগ্ৰহ কৰিছিল। এই কাৰ্যত ব্যৱসায়ীসকল ভীতিগ্ৰস্ত হৈ পৰিছিল আৰু বহুতে বজাৰ এৰিবলৈ বাধ্য হৈছিল।

বেলতলা বজাৰত ছয়গাঁও, বকো, ধূপধাৰা, সোণাপুৰ, ডিমৰীয়া, পামহি আদি অঞ্চলৰ পৰা অহা জনজাতীয় পুৰুষ-মহিলাই ঘৰত উৎপাদিত শাক-পাচলি বিক্ৰী কৰে। মহলদাৰে বৈধভাৱে মাচুল সংগ্ৰহ কৰাৰ লগতে গুণ্ডাসকলে প্ৰতিজনৰ পৰা ৫০০ৰ পৰা ১০০০ টকা লৈছিল। এই অনিয়মৰ বাবে বহু জনজাতীয় মহিলাই সংবাদ মাধ্যমৰ ওচৰত চকুলো টুকিছিল।
আজি বশিষ্ঠ আৰক্ষী আৰু দিছপুৰ আৰক্ষীৰ যৌথ অভিযানত চন্দন বৰ্মন, বিৰাজ দাস, তপন ডেকা, নয়নজ্যোতি দাস, আৰু অনিশ মেছক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰকৃতসকলে ভুৱা ৰচিদেৰে পৌৰ নিগমৰ নিৰ্ধাৰিত হাৰতকৈ অধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ আছে। আৰক্ষীয়ে ৰচিদ টেম্পাৰিং কৰি ধন সংগ্ৰহৰ সন্দেহ কৰিছে। গ্ৰেপ্তাৰকৃতসকলক জেৰা কৰি সোধ-পোছ অব্যাহত ৰখা হৈছে।
এই গুণ্ডাটেক্স সংগ্ৰহৰ কাৰ্যত প্ৰভাৱশালী লোক জড়িত থকাৰ অভিযোগো উত্থাপন হৈছে। আৰক্ষীয়ে এই অভিযোগৰ সত্যতা নিৰূপণৰ চেষ্টা কৰি আছে। বেলতলা বজাৰত এই অভিযানৰ ফলত ব্যৱসায়ীসকলৰ মাজত এক সুস্থিৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশা কৰা হৈছে।