কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ওচৰৰ পাইকানা গাঁৱৰ বিশিষ্ট ভাস্কৰ্য শিল্পী সনক কলিতা গত আধামাহ ধৰি সন্ধানহীন হৈ থকাৰ বাবে অঞ্চলটোত চিন্তাৰ সৃষ্টি হৈছে। গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰা সনক কলিতাই প্ৰায় ৩০ বছৰ আগতে ভাস্কৰ্য শিল্পৰ সৈতে জড়িত হৈ গুৱাহাটী আৰু অসমৰ বিভিন্ন ঠাইত একাধিক ভাস্কৰ্য নিৰ্মাণ কৰিছিল। অতি সম্প্ৰতি তেওঁ গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত নিজা এটা ভাস্কৰ্য ষ্টুডিঅ’ স্থাপন কৰিছিল।
মাত্ৰ আধামাহ আগতে, ডিচেম্বৰ মাহৰ শেষৰ ফালে ব্যৱসায়িক কামত মুম্বাইলৈ গৈ থকা সনক কলিতাৰ পৰা এতিয়ালৈকে কোনো খবৰ পোৱা হোৱা নাই। পৰিয়ালৰ সদস্যসকলৰ মতে, তেওঁ মাঘ বিহুৰ সময়ত ঘৰলৈ উভতি অহাৰ কথা কৈছিল, কিন্তু কাম সম্পূৰ্ণ নোহোৱা বাবে মুম্বাইত কেইদিনমান থাকি ১ ফেব্ৰুৱাৰীত অসমলৈ ৰেলগাড়ীত উঠিব বুলি কৈছিল। সেই সময়ছোৱাত তেওঁ প্ৰতিদিনে পৰিয়ালৰ সৈতে ৮৮৭৬০১৬৪৪৬ নম্বৰটোৰ যোগাযোগ ৰক্ষা কৰি আছিল। কিন্তু ১ ফেব্ৰুৱাৰীত তেওঁৰ জ্যেষ্ঠ ভাতৃ ভূপেন কলিতাই ৰেলগাড়ীত উঠিল নে নাই জানিবলৈ ফোন কৰোতে ফোনটো ছুইচ অফ পোৱা হ’ল। তাৰ পিছৰে পৰা ফোনটো অফলাইন হৈ আছে।
এই ঘটনাৰ সন্দৰ্ভত সনক কলিতাৰ পৰিয়ালে ভেটাপাৰা অঞ্চলৰ বশিষ্ঠা থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু পৰিয়ালৰ অভিযোগ, বহিঃৰাজ্যৰ পৰা সন্ধানহীন হোৱা ব্যক্তিক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে পৰিয়ালে আৰক্ষী আৰু চৰকাৰক মুম্বাইলৈ গৈ সনক কলিতাৰ সন্ধান কৰিবলৈ জৰুৰীভাৱে অনুৰোধ জনাইছে।
সনক কলিতা বগা বৰণৰ, ৪.৭ ফুট ওখ, দাঢ়ি থকা ব্যক্তি। তেওঁৰ সন্ধান পোৱা যিকোনো ব্যক্তিক ৯৯৫৪৬৮০৮৮৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে। সনক কলিতাৰ সন্ধানহীন ঘটনাই অঞ্চলটোৰ লোকক চিন্তিত কৰি তুলিছে, আৰু পৰিয়ালে তেওঁক উদ্ধাৰ কৰিবলৈ সকলোৰে সহায় বিচাৰিছে।