কংগ্ৰেছত যোগ দিবলৈ সাজু তৃণমূল আৰু আপৰ অসম ৰাজ্যিক সভাপতি

কংগ্ৰেছত যোগ দিবলৈ সাজু তৃণমূল আৰু আপৰ অসম ৰাজ্যিক সভাপতি

দেশৰ দুটা সৰ্বভাৰতীয় দলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিসকলে শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব বুলি জনাজাত হৈছে। তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিসকলে কংগ্ৰেছত যোগদান কৰিব বুলি কংগ্ৰেছৰ এক সূত্ৰই দাবী কৰিছে। আম আদমী পাৰ্টীৰ ৰাজ্যিক সভাপতি মনোজ ধনোৱা আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰমেন বৰঠাকুৰে কংগ্ৰেছত যোগদান কৰিব বুলি সূত্ৰটোৱে দাবী কৰে।

ৰমেন বৰঠাকুৰে দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে গোপন আলোচনাত বহাৰ লগতে মনোজ ধনোৱাৰেও কংগ্ৰেছ নেতাৰ সৈতে যোগাযোগত থকা বুলি জনাজাত হৈছে। দুয়ো নেতাই সঘনাই কংগ্ৰেছৰ সৈতে যোগাযোগত থাকি কংগ্ৰেছত যোগদান কৰিবলৈ মন মেলিছে যদিও এটা চৰ্ত বান্ধি দিছে। সেই চৰ্ত হৈছে ২০২৬ চনৰ নিৰ্বাচনত টিকট দিয়াৰ নিশ্চয়তা দিলে তেওঁলোকে কংগ্ৰেছত যোগদান কৰিবলৈ সাজু।

মনোজ ধনোৱাৰ পিতৃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। পিতৃ থকালৈকে ধনোৱাৰে কংগ্ৰেছত আছিল যদিও পিছত কংগ্ৰেছ এৰি আম আদমী পাৰ্টীত যোগ দিছিল। কিন্তু আপত যোগদান কৰিও ৰাজনীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই। আনহাতে, বিগত ছয়মাহ ধৰি তেওঁ নিষ্ক্ৰিয় হৈ আছে। দিল্লীত আম আদমী পাৰ্টীয়ে পৰাজয় বৰণ কৰাত দলৰ সভাপতি পদৰ পৰাও আতৰি থকাত মনোজ ধনোৱাৰক আঁতৰাই ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তি দিয়া হয়। এই পৰিস্থিতিত ধনোৱাৰে কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰে তাৎপৰ্য বহন কৰিছে।

ইফালে, দিল্লীত কংগ্ৰেছ নেতৃত্বক সাক্ষাৎ কৰাৰ চৰ্চাৰ মাজতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰমেন বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি থকা বুলি কয়। কংগ্ৰেছৰ হাই কমান্ডক সাক্ষাৎ কৰাৰ কথাটো অস্বীকাৰ কৰে ৰমেন বৰঠাকুৰে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com