অসমৰ পলিটেকনিকৰ ৬৪ গৰাকী প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। এই প্ৰৱক্তাসকলে ২৩ দিন ধৰি অনশন কৰি চাকৰি নিয়মীয়াকৰণৰ দাবী তুলি আছিল। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ সময়তে তেওঁলোকক নিযুক্তি দিয়া হৈছিল।
৮ বছৰ ধৰি পলিটেকনিকত চাকৰি কৰি অহা ফাউণ্ডাৰ ফেকাল্টীসকলে বাজেট অধিৱেশনৰ সময়ত তেওঁলোকৰ দাবীৰ কথা চৰকাৰক জনাবলৈ গুৱাহাটীলৈ আহিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰাত তেওঁলোক মুক্ত আকাশৰ তলত অনশন কৰিবলৈ বাধ্য হৈছিল। বাজেট অধিৱেশন আৰম্ভ হোৱাৰ দিনৰে পৰা ২৩ দিন ধৰি তেওঁলোকে চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ কৰি আহিছিল। কিন্তু ২৩ দিন ধৰি চকুপানী টুকি প্ৰতিবাদ কৰিও তেওঁলোকে চৰকাৰৰ হৃদয় গলাব পৰা নাছিল। অৱশেষত চৰকাৰে ৬৪ গৰাকী প্ৰৱক্তাক চাকৰিৰ পৰা অব্যাহতি দিলে।
১০ মাৰ্চৰ নিশা প্ৰতিবাদকাৰী প্ৰৱক্তাসকলক পলিটেকনিকৰ অধ্যক্ষসকলে অব্যাহতি পত্ৰ প্ৰেৰণ কৰে। চাকৰিৰ পৰা অব্যাহতি পোৱাৰ পিছত প্ৰতিবাদী প্ৰৱক্তাসকল শোকত ভাগি পৰে। তেওঁলোকে কয় যে সমস্যাসমূহ সমাধানৰ পৰিৱৰ্তে তেওঁলোকক চাকৰিৰ পৰা খেদা হৈছে। তেওঁলোকে মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই কয় যে তেওঁলোকৰ মাজত ৮৪ শতাংশ নম্বৰ পোৱা ছাত্ৰ, পৰীক্ষাত স্থান পোৱা ল’ৰা-ছোৱালী আৰু এমএছচি কৰা মানুহ আছে। তেওঁলোক সকলোৱে যোগ্য ব্যক্তি। তেওঁলোকে চৰকাৰক তেওঁলোকৰ চাকৰি পুনৰ বাহাল কৰিবলৈ দাবী জনায়।
অল আসাম পলিটেকনিক ফাউণ্ডাৰ ফেকাল্টী এছোচিয়েচনৰ সভাপতি ৰাজীৱ কলিতাই কয় যে কলেজ বোৰ্ডে কেতিয়া ক’ত খুলিছিল সেই কথা অসমৰ মানুহে জানে। যেতিয়া প্ৰতিষ্ঠানসমূহ স্থাপন কৰা হৈছিল, তেতিয়া ভাৰত চৰকাৰৰ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ অনুমতিৰ বাবে তেওঁলোকক ঠিকাভিত্তিত নিযুক্তি দিয়া হৈছিল। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদত তেওঁলোকক নিয়মীয়া কৰ্মচাৰী হিচাপে দেখুৱাই প্ৰতিষ্ঠানৰ অনুমতি লোৱা হৈছিল। কিন্তু ঠিকাভিত্তিত তেওঁলোকক নিযুক্তি দি ভুল তথ্য দি অনুমতি লোৱা হৈছিল। আজি তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। উচ্চ আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ে দিয়া নিৰ্দেশনা অনুসৰি অধ্যক্ষসকলে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিছে।
তেওঁলোকে কয় যে বহু পদ খালী হৈ আছে আৰু বৰ্তমান ক্লাছ হৈ থকা নাই। তেওঁলোকে ধৰ্ণাত বহি থকাৰ সময়ত ভাবিছিল যে চৰকাৰে তেওঁলোকক কিবা আশ্বাস দিব। কিন্তু তেওঁলোকক অব্যাহতি দিয়া হ’ল। তেওঁলোকে ৮ বছৰ চাকৰি কৰি চাকৰিৰ বয়স হেৰুৱাই পেলালে। তেওঁলোকৰ প্ৰতিবাদত মুঠ ৪৫১ জন মানুহ আছিল, কিন্তু বাকীসকলে প্ৰতিবাদ এৰি গুচি গ’ল। ৬৪ গৰাকী প্ৰতিষ্ঠাপক প্ৰৱক্তাই প্ৰতিবাদ কৰি আছিল। তেওঁলোকে প্ৰতিষ্ঠান আৰম্ভ হোৱাৰ প্ৰথম দিনৰে পৰা কাম কৰি আহিছে। যেতিয়া কলেজত চকী-বেঞ্চ, বাথৰুম নাছিল, তেতিয়াৰে পৰা তেওঁলোকে কাম কৰি আহিছে। যিসকলে তেনে অৱস্থাত কাম কৰিছিল, তেওঁলোক আছিল ৰাস্তাত। বাকীসকলে কাম কৰি আছে। চৰকাৰে কৈছে যে পৰীক্ষা দি উত্তীৰ্ণ হ’ব লাগে। কিন্তু তেওঁলোকৰ বয়স পাৰ হৈ গ’লে কেনেকৈ নিযুক্তি পৰীক্ষা দিব? তেওঁলোকে কয় যে তেওঁলোকে পঢ়ুৱা সাতটা বেটছৰ ৯০ শতাংশই চাকৰি পালে, অ’এনজিচি, অইলত চাকৰি পালে, কিন্তু তেওঁলোক আজি কান্দি আছে।
উল্লেখ্য যে, চচলত প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰী বা চৰকাৰী প্ৰতিনিধিৰ পৰা কোনো সঁহাৰি নাহিল। ইয়াৰ মাজতে ম’হৰ কামোৰত অস্বাস্থ্যকৰ পৰিৱেশত দিনে-নিশাই অনশন কৰি থকা প্ৰৱক্তাসকলক কঠোৰ শাস্তি দিয়া হ’ল। অল আসাম পলিটেকনিক ফাউণ্ডাৰ ফেকাল্টী এছোচিয়েচনেও বিগত ২৩ দিন ধৰি চচলত অনশন কৰি আছিল। ফেকাল্টীসকলে চৰকাৰ বিৰোধী শ্ল’গান দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁলোকে কয় যে ২০১৭ চনত পলিটেকনিক প্ৰতিষ্ঠা হোৱাৰ সময়ত তেওঁলোক ফাউণ্ডাৰ ফেকাল্টী আছিল। চৰকাৰে তেওঁলোকক নিযুক্তি দিছিল, কিন্তু চাকৰি নিয়মীয়াকৰণ কৰা নাই। তেওঁলোকে দৰমহা পাবলৈ ৰৈ থাকিব লগা হৈছে। তেওঁলোকে কাম কৰি গৈ আছে, কিন্তু চৰকাৰে অন্যায় কৰিছে। ফাউণ্ডাৰ ফেকাল্টীসকলক হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ২০১৭ চনত নিযুক্তি দিয়া হৈছিল।