গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰস্তাৱৰ ওপৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উত্তৰ গুৱাহাটীৰ ৰংমহলত নিৰ্মাণ হ’বলগীয়া উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱনৰ মাষ্টাৰ প্লেন উপস্থাপন কৰা হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ তীব্ৰ বিৰোধ সত্ত্বেও চৰকাৰে উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ প্ৰস্তাৱ আগবঢ়াইছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধিবক্তা সমাজৰ বিৰোধক গুৰুত্ব নিদিয়াকৈ এই প্ৰস্তাৱৰ ৰূপৰেখা তৈয়াৰ কৰিছে। আজিৰ বৈঠকত উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ আৰু নতুনকৈ নিৰ্মাণ হ’বলগীয়া ভৱনৰ আৰ্হিৰ বিষয়ে আলোচনা কৰা হয়।
মহানগৰীৰ কইনাধৰাস্থিত অতিথিশালাত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ সুমন শ্যাম উপস্থিত আছিল। বৈঠকত উচ্চ ন্যায়ালয়ৰ স্থায়ী ভৱনৰ মাষ্টাৰ প্লেনৰ নক্সা উপস্থাপন কৰা হয়। ইয়াৰ লগতে ভৱনত মুখ্য ন্যায়াধীশ, জ্যেষ্ঠ ন্যায়াধীশ, অধিবক্তাসকলৰ কক্ষৰ বিন্যাস, প্ৰৱেশ পথ আৰু প্ৰস্থান পথৰ বিষয়েও আলোচনা কৰা হয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ মাষ্টাৰ প্লেনত নতুনকৈ কিছুমান সংশোধনী আৰু অন্তৰ্ভুক্তিৰ বিষয়ে উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশনা দিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাসহ অন্যান্য জ্যেষ্ঠ বিষয়া সকলে অংশগ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ প্ৰস্তাৱৰ বিৰুদ্ধে অধিবক্তা সমাজে বাৰে বাৰে প্ৰতিবাদ জনাই আহিছে। অধিবক্তাসকলে যুক্তি দৰ্শাইছে যে উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিলে গুৱাহাটী মহানগৰীৰ ভিৰ কমিব, কিন্তু ইয়াৰ পৰিৱৰ্তে দিছপুৰ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰ কৰাটো অধিক যুক্তিসংগত। জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্যই এই বিষয়ে স্পষ্টকৈ কৈছিল যে চৰকাৰে উচ্চ ন্যায়ালয় নে দিছপুৰ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰ কৰিব সেই সিদ্ধান্ত ল’ব লাগে।
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অসম কেবিনেটে উচ্চ ন্যায়ালয় স্থানান্তৰৰ বাবে মাটি আৱণ্টনৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তৰ পিছত অধিবক্তা সমাজে হুংকাৰ দিছিল। এই প্ৰসংগত উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিষয়ে চৰকাৰ আৰু অধিবক্তা সমাজৰ মাজত থকা মতানৈক্য আগন্তুক দিনত কি পৰ্যায় পাই সেয়া লক্ষ্যণীয় হ’ব৷