কাৰ্বি আংলঙত ১৮ হাজাৰ বিঘা মাটি অধিগ্ৰহণৰ বিৰুদ্ধে জনজাতীয় সমাজৰ প্ৰতিবাদ

কাৰ্বি আংলঙত ১৮ হাজাৰ বিঘা মাটি অধিগ্ৰহণৰ বিৰুদ্ধে জনজাতীয় সমাজৰ প্ৰতিবাদ

কাৰ্বি আংলঙ জিলাৰ খটখটি-লংকাথাৰত ১০০০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্প নিৰ্মাণৰ বাবে ১৮ হাজাৰ বিঘা মাটি অধিগ্ৰহণৰ প্ৰস্তাৱে স্থানীয় জনজাতীয় সমাজক আতংকিত কৰি তুলিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰিবলৈ লোৱা মাটিত কাৰ্বি, নগা আৰু আদিবাসীসহ হাজাৰ হাজাৰ লোক বসবাস কৰি আহিছে। এই মাটিত তেওঁলোকে বাঁহ, কলগছ, ৰবি শস্য, চিত্ৰনলাৰ খেতি কৰি জীৱন-জীৱিকা নিৰ্বাহ কৰি আহিছে।

দুশ বছৰৰো অধিক সময় ধৰি এই মাটিত বসবাস কৰি অহা লোকসকলৰ ঘৰ-দুৱাৰ উচ্ছেদ কৰাৰ লগতে তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ সম্বল খেতিপথাৰ কাঢ়ি ল’বলৈ চৰকাৰ সাজু হৈছে। এই প্ৰস্তাৱে জনজাতীয় সমাজক সোচ্চাৰ কৰি তুলিছে। আজি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু কাৰ্বি আংলঙ সৌৰশক্তি প্ৰকল্প প্ৰভাৱিত গণ অধিকাৰ সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাবত যুটীয়া সংবাদমেল আহ্বান কৰি চৰকাৰক মাটি অধিগ্ৰহণৰ সিদ্ধান্ত বাতিল কৰিবলৈ চাপ সৃষ্টি কৰিছে।

সংবাদমেলত উপস্থিত যুৱ সমাজকৰ্মী প্ৰণৱ দলে, সুব্ৰত তালুকদাৰ, কাৰ্বি আংলঙৰ মহিলা সমাজকৰ্মী বিক্ৰম হান্সে আৰু অনিতা মেচেৰে কয় যে বিজেপি চৰকাৰে ‘জাতি-মাটি-ভেটি’ৰ শ্লোগান দি অসমৰ ভূমিপুত্ৰকেই উচ্ছেদ কৰিবলৈ আগবাঢ়িছে। তেওঁলোকে অভিযোগ কৰে যে উন্নয়নৰ নামত আদানী/আম্বানীৰ দৰে বৃহৎ বণিয়াসকলৰ স্বাৰ্থ পূৰণ কৰাটোৱে চৰকাৰৰ প্ৰধান লক্ষ্য হৈ পৰিছে।

সংগঠন দুটাই কয় যে ষষ্ঠ অনুসূচীৰ নীতি-নিয়ম আৰু মূল সত্তাক সম্পূৰ্ণ নস্যাৎ কৰি কাৰ্বি আংলঙৰ খটখটি-লংকাথাৰত প্ৰায় ১৮ হাজাৰ বিঘা মাটি এছিয়ান ডেভেলপমেন্ট বেংকৰ সহায়ত সৌৰশক্তি প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা হ’ব। ইয়াৰ ফলত ২৩ খন গাঁৱৰ প্ৰায় ২০ হাজাৰ কাৰ্বি, আদিবাসী আৰু নগা লোক উচ্ছেদ হ’ব। ইতিমধ্যে কাৰ্বি আংলঙ স্বায়ত্ত শাসিত পৰিষদে এই প্ৰকল্পৰ অনুমোদন দিছে।

সংগঠন দুটাই কয় যে এই মাটি স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি খেতি-বাতি কৰি আহিছে। ইয়াৰোপৰি এই অঞ্চলটো জৈৱ-বৈচিত্ৰ্যপূৰ্ণ আৰু জান, জুৰি, উপ-নৈ আদিৰে সমৃদ্ধ। কিন্তু চৰকাৰে এই মাটিক দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ অনুপযোগী বুলি চিহ্নিত কৰি ভূমি নীতিৰ চৰম উলংঘা কৰিছে।

সংবাদমেলত সংগঠন দুটাই চৰকাৰক আহ্বান জনাই কয় যে প্ৰায় ২০ হাজাৰ কাৰ্বি-নগা-আদিবাসী লোকৰ জীৱন-জীৱিকাৰ প্ৰতি দৃষ্টি ৰাখি এই প্ৰকল্প বন্ধ কৰক। তেওঁলোকে কয় যে যদি বিদ্যুৎ নাটনি পূৰণ কৰিবলৈ চৰকাৰে সঁচাকৈয়ে বিচাৰে, তেন্তে সৰু সৰু সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে সেই নাটনি পূৰণ কৰিব পাৰি। দিল্লী তথা কেন্দ্ৰীয় চৰকাৰৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ কাৰ্বি আংলঙৰ মানুহক উচ্ছেদ কৰাটো কোনো ক্ৰমেই মানি ল’ব নোৱাৰি।

সংগঠন দুটাই কয় যে এই প্ৰকল্পৰ বাবে কোনো পাৰিপাৰ্শ্বিক অধ্যয়ন বা ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ অনুমোদন লোৱা হোৱা নাই। অসমৰ ডাৱৰীয়া পৰিৱেশত এই প্ৰকল্প কিমান সফল হ’ব তাক লৈও সন্দেহ আছে। গতিকে বৃহৎ সংখ্যক জনজাতীয় লোকৰ জীৱন-জীৱিকা আৰু জৈৱ-বৈচিত্ৰ্যৰ স্বাৰ্থত এই প্ৰকল্প বন্ধ কৰাটোৱেই একমাত্ৰ গত্যন্তৰ বুলি তেওঁলোকে দাবী কৰিছে। প্ৰকল্প বন্ধ নকৰিলে ধাৰাবাহিক প্ৰতিবাদ কৰাৰ হুংকাৰো তেওঁলোকে দিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com