মহানগৰীৰ উচ্ছেদ - ২৪টা পৰিয়ালৰ ঘৰত বুলডজাৰ

মহানগৰীৰ উচ্ছেদ - ২৪টা পৰিয়ালৰ ঘৰত বুলডজাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ অভিযান চলোৱাত কোনো থমকি ৰখা নাই। এইবাৰ ধৰ্মীয় সংখ্যালঘুৰ পৰিৱৰ্তে ভাষিক সংখ্যালঘু পৰিয়ালৰ ঘৰত বুলডজাৰ চলাই উচ্ছেদ অভিযান চলালে। গুৱাহাটী মহানগৰীৰ বিৰুবাৰী অঞ্চলত কামৰূপ জিলা প্ৰশাসনে আজি পুৱাৰে পৰা বুলডজাৰেৰে কেইবাটাও ঘৰ ভাঙি দিছে। আজিৰ দিনটোত মুঠ ২৪টা ঘৰ ভাঙি পেলোৱা হৈছে বুলি জনা গৈছে।

আজি পুৱাতে বৃহৎ সংখ্যক আৰক্ষীৰ দল আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত বিৰুবাৰী অঞ্চলত উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। পৰিয়ালসমূহে ঘৰৰ পৰা বস্তু-বাহিনী উলিয়াবলৈ সময় নাপালে। আজি ভাঙি দিয়া ঘৰৰ মাজত তিনিমহলীয়া অট্টালিকাও আছিল। জানিব পৰা মতে, বিৰুবাৰীৰ ট্ৰাংক ফেক্টৰী এলেকাত গত ৩০ বছৰ ধৰি ৬৯টা পৰিয়ালে চৰকাৰী ভূমিত বসবাস কৰি আছিল। এই পৰিয়ালবোৰ ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ। তাৰে ২৪টা পৰিয়ালৰ ঘৰ আজি উচ্ছেদ কৰা হৈছে।

ইতিপূৰ্বে প্ৰশাসনে চৰকাৰী ভূমি দখল কৰি থকা বেদখলকাৰীসকলক ভূমি এৰিবলৈ জাননী জাৰি কৰিছিল। ৬ মাৰ্চত শেষ জাননী জাৰি কৰা হৈছিল আৰু তাৰ আগতেও ২৫ দিনৰ আগতে জাননী দিয়া হৈছিল। ৬৯টা পৰিয়ালৰ ভিতৰত ৪৫টা পৰিয়ালে উচ্চ ন্যায়ালয়ত হস্তক্ষেপৰ আবেদন কৰিছিল। আদালতত শুনানি হৈছিল যদিও আবেদন নকৰা পৰিয়ালসমূহৰ ঘৰ উচ্ছেদ কৰা হৈছে।

উচ্ছেদ অভিযানৰ সময়ত একাংশ লোকেহে বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু বৃহৎ আৰক্ষী বাহিনীৰ সহায়ত প্ৰশাসনে উচ্ছেদ অভিযান সফলভাৱে সম্পন্ন কৰে। উচ্ছেদৰ সময়ত পৰিয়ালবোৰৰ মাজত কান্দোনৰ ৰোল উঠিছিল। এগৰাকী  বৃদ্ধাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কৈছে, "মোৰ পৰিয়ালৰ ১৫টা ভোট। মই বিজেপিক ভোট দি আহিছো। আমি বিজেপিৰ মানুহ। কিন্তু বিজেপিয়ে মোৰ ঘৰটো ভাঙি দিলে।" তেওঁ হাতযোৰ কৰি কৈছে, "আমি ৩০ বছৰ ধৰি এই মাটিত ঘৰ বান্ধি আছো। আমি দুদিন সময় বিচাৰিছিলো, কিন্তু চৰকাৰে সময় নিদিলে। আমি বিল পুতি ঘৰ বনাইছিলো, তেতিয়া চৰকাৰে গুৰুত্ব নিদিলে।"

আন এগৰাকী বৃদ্ধাই কৈছে, "আপুনি গৰীব-দুখীয়াৰ ঘৰ ভাঙিছে। আপোনাক ভোট কোনে দিব? আমি এতিয়া ক’ত থাকিম? ঘৰ-বাৰী নোহোৱা হ’ল।" চকুৰ সন্মুখত নিজৰ ঘৰ জেচিবিয়ে তছনছ হোৱা দেখি বহুতে কান্দোনত ভাগি পৰিছে। উচ্ছেদ কৰা পৰিয়ালবোৰত সৰু সৰু ল’ৰা-ছোৱালী আৰু ৰোগী থকাৰ বাবেও জনা গৈছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com