ৰাজ্যজুৰি তৃতীয় দিনাও ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মীৰ প্ৰতিবাদ

ৰাজ্যজুৰি তৃতীয় দিনাও ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ কৰ্মীৰ প্ৰতিবাদ

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অন্তৰ্গত সদৌ অসম স্বাস্থ্য-কাৰিকৰী কল্যাণ সন্থাৰ আহ্বানত ৰাজ্যজুৰি আজি তৃতীয় দিনাও কেইবা হাজাৰ স্বাস্থ্যকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি তৃতীয় দিনাও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত চিকিৎসক, নাৰ্চ, ফাৰ্মাচিষ্ট, মিচন সমন্বয়ক, এনএনএম, জিএনএম, কমিউনিটি হেলথ অফিচাৰ, ফাৰ্মাচিষ্ট, লেবৰটৰি টেকনিছিয়ান, গাণনিক, বিপিএম, বিচিএম কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰে৷ ৬ মাৰ্চলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ ঠিকাভিত্তিক স্বাস্থ্য কৰ্মচাৰীয়ে অধিকাৰ বিচৰি ৰাজপথত গণতান্ত্ৰিক সংগ্ৰামৰ ঘোষণা কৰিছিল৷ সেই মতে, আজি তৃতীয়টো দিনাও প্ৰতিবাদ সাব্যস্ত কৰি প্ৰায় ২৪ হাজাৰ কৰ্মচাৰীয়ে৷ প্ৰতিখন জিলাৰ সদৰ, মহকুমা সদৰ, সম-জিলাৰ সদৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়ত কমেও এনএইচএম ঠিকাভিত্তিক স্বাস্থ্য কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ ঠিকাভিত্তিক কৰ্মচাৰীয়ে সম-কামৰ বাবে সম-দৰমহা, পেন্সনৰ লগতে অন্যান্য সুবিধা দাবী কৰে৷ চৰকাৰক বাৰে বাৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব পৰাকৈ চাকৰিৰ সুৰক্ষা দাবী কৰিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে৷ চাকৰি নিয়মীয়া কৰি পেন্সন ব্যৱস্থা বাহাল, দৰমহা বৃদ্ধি, মৃত কৰ্মচাৰীৰ পৰিয়ালক ২৫ লাখ টকাৰ আৰ্থিক সাহায্য, ভ্ৰমণ বানচ, দৈনিক ভাট্টা, বিনামূলীয়া চিকিৎসা সেৱা, ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীৰ সমাহাৰত ভাট্টা প্ৰদানৰ দাবীত শ্ল’গান দি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে যদিও ৰাজ্যৰ তিনিটাকৈ দিনে স্বাস্থ্যকৰ্মীৰ সৈতে আলোচনা নকৰিলে চৰকাৰে৷ তেনেকৈয়ে প্ৰতিবাদৰ সামৰণি মাৰে কৰ্মচাৰীসকলে৷ কিন্তু পুনৰ দীঘলীয়া আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰীসকলে৷

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com