নেগুৰ পেলালে, ক্ষমা খুজিবলৈ বাধ্য হ'ল মন্ত্ৰী অশোক সিংহল

নেগুৰ পেলালে, ক্ষমা খুজিবলৈ বাধ্য হ'ল মন্ত্ৰী অশোক সিংহল

আজি মন্ত্ৰী অশোক সিংহলে ক্ষমা খুজিবলৈ বাধ্য হয়৷ অশোক সিংহল ক্ষমা খোজৰ কিছু সময় পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱে এটা ফেচবুক পোষ্ট দি তেওঁলোকৰ দাবীত অটল হৈ আছিল৷ সিংহলে ক্ষমা নোখোজা পৰ্যন্ত এৰি নিদিয়াৰ হুংকাৰ দিয়াৰ পিছতে সিংহলে ক্ষমা খোজে৷ আজি পুনৰবাৰ গুৱাহাটী প্ৰেছ ক্লাৱ কয় যে গুৱাহাটী প্ৰেছ ক্লাবৰ ভাওনালৈ সৰ্বস্তৰৰ ব্যক্তি, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনক নিমন্ত্ৰণ জনোৱা হৈছে৷ ৩ মাৰ্চত এটা প্ৰতিনিধি দলে মন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰোতে তেওঁ 'প্ৰেছ ক্লাবে ভাওনা কিয় পাতিব লাগে, ভাওনা ছেকুলাৰ নহয়' জাতীয় বাক্যৰে গুৰুজনাক অপমান কৰা কাৰ্যৰ পাছত তেওঁৰ মানসিকতা সলনি কৰি স্পষ্টীকৰণ বিচাৰিছিল ক্লাবে৷ কিন্তু ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো সদুত্তৰ নাপালে অসমৰ ৰাইজে৷ মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এই সম্পৰ্কে এটা পোষ্ট কৰি এই কথা নস্যাৎ কৰিছে যদিও গুৱাহাটী প্ৰেছ ক্লাবে আজিও নিজৰ দৃঢ় স্থিতি অটুট ৰাখিছে আৰু অনতি পলমে মন্ত্ৰীগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়। গুৱাহাটী প্ৰেছ ক্লাৱে নিজৰ দাবীত অটল হৈ থকাত নেগুৰ পেলাবলৈ বাধ্য হয় অশোক সিংহল৷ অৱশেষত ক্ষমা খোজে৷ সিংহলে সামাজিক মাধ্যমত এটা পোষ্ট দি কয় যে মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে। কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়। কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদমাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে। এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে। এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী। অশোক সিংহলে ক্ষমা খুজিছে যদিও গুৱাহাটী প্ৰেছ ক্লাৱে ক্ষমা কৰি দিব নে নাই নে সেই কথা পৰৱৰ্তী সময়ত জানিব পৰা যাব৷ গুৱাহাটী প্ৰেছ ক্লাৱে ‘কিয় ভাওনা পাতিব লাগে, সময় নষ্ট হয়, ভাওনা ছেকুলাৰ নহয়৷’ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছিল মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ গুৱাহাটীত অট্টালিকা নিৰ্মাণৰ ঠিকাদাৰ ৰূপে জনাজাত বণিয়া অশোক সিংহলে অসমীয়া জাতিক ভয়ংকৰভাৱে অপমান কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ এটা ব্যক্তিগত খণ্ডৰ নিউজ চেনেলৰ সাংবাদিকে পংকজ শৰ্মাই মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ গুৱাহাটী প্ৰেছ ক্লাৱে অনুষ্ঠিত কৰা ভাওনাত উপস্থিত থাকিবৰ বাবে অশোক সিংহলক নিমন্ত্ৰণ জনাবলৈ যোৱাৰ সময়ত ‘ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট, ভাওনা ছেকুলাৰ নহয়’’ বুলি অশোক সিংহল কোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সাংবাদিকে পংকজ শৰ্মাই৷ তাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বিভিন্ন দল-সংগঠনে সিংহলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ সিংহলক বণিয়া আখ্যা দি অসমীয়া জাতীয় কৃষ্টিক অপমান কৰাৰ অধিকাৰ ক’ত পালে বুলি উভতি ধৰে বিভিন্ন জনে৷ 
 

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com