আজি বাজেট অধিবেশনৰ উপলক্ষে চচলৰ ধৰ্ণাস্থলীত কেইবাটাও দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে দিনৰ ১১ বজাৰ পৰা ২ ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ণাস্থলীৰ পৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
টেট শিক্ষকসকলৰ প্ৰতিবাদ
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিনাচৰ্তে বেতন সুৰক্ষা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী শিক্ষকসকলে অভিযোগ কৰে যে চৰকাৰে বাৰে বাৰে আলোচনা কৰিবলৈ মাতিছে যদিও কোনো কাৰ্য্যত পৰিণত কৰা নাই। টেট শিক্ষকসকলে কয়, "আমাৰ প্ৰতি অন্যায় কৰা হৈছে। চাকৰি কৰাৰ ১০-১২ বছৰৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ চল-চাতুৰিত বন্দী হৈ নিয়মীয়াকৰণৰ নামত মাহিলি দৰমহাৰ পৰা ১০-১৫ হাজাৰ টকা হেৰুৱাব লগা হৈছে।" শিক্ষকসকলে স্পষ্ট কৰি দিছে যে বেতন সুৰক্ষা আৰু চাকৰি নিয়মীয়াকৰণ নকৰালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব।
পলিটেকনিক ফাউণ্ডাৰ ফেকাল্টীৰ প্ৰতিবাদ
অল আসাম পলিটেকনিক ফাউণ্ডাৰ ফেকাল্টী এছোচিয়েচনেও চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক ফেকাল্টীয়ে চৰকাৰ বিৰোধী শ্ল’গান দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ফেকাল্টীসকলে কয়, "২০১৭ চনত পলিটেকনিক প্ৰতিষ্ঠা হোৱাৰ পিছত আমি ফাউণ্ডাৰ ফেকাল্টী হিচাপে যোগদান কৰিছিলোঁ। কিন্তু চৰকাৰে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা নাই। দৰমহা কেইটা পাবলৈ আমি ৰৈ থাকিব লগা হৈছে।" ফেকাল্টীসকলে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু তেওঁলোকৰ দাবী মানি ল’বলৈ দাবী জনায়।
কৃত্ৰিম প্ৰজনন কৰ্মীসকলৰ প্ৰতিবাদ
সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীসকলেও চচলত প্ৰতিবাদ সাব্যস্ত কৰে। কেইবা শ গোপাল মিত্ৰ আৰু মৈত্ৰীয়ে মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়। তেওঁলোকে আক্ষেপ কৰি কয়, "আমি ২০০২৫ চনৰ পৰা কৰ্মৰত যদিও আমাৰ মাহিলী দৰমহা দিয়াৰ ব্যৱস্থা নকৰাত আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। চৰকাৰে নিযুক্তি দিয়া চুপাৰভাইজাৰক ২৮,৩০০ টকা আৰু পশুসখীক ৭,৫০০ টকা দৰমহা দিয়ে। কিন্তু আমাক এটা টকাও দিয়া নহয়।" কৰ্মীসকলে চাকৰি নিয়মীয়াকৰণ, উপযুক্ত দৰমহা প্ৰদান, আৰু ইতিমধ্যে মৃত্যু হোৱাসকলক এককালীন সাহায্য দিয়াৰ দাবী জনাইছে।