জাগীৰোডৰ ছেমি কণ্ডাক্টৰ আৰু টাউন চিপ অঞ্চলৰ নাম ৰতন টাটাৰ নামেৰে নামকৰণ

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ আৰু টাউন চিপ অঞ্চলৰ নাম ৰতন টাটাৰ নামেৰে নামকৰণ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকত অসমৰ জাগীৰোডত অৱস্থিত ছেমি কণ্ডাক্টৰ আৰু টাউন চিপ অঞ্চলটোক ভাৰতৰ বিশিষ্ট উদ্যোগী আৰু সমাজসেৱী ৰতন টাটাৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই অঞ্চলটো এতিয়া ‘ৰতন টাটা ইলেকট্ৰনিক চিটি’ হিচাপে পৰিচিত হ’ব।

এই সিদ্ধান্তৰ জৰিয়তে অসমৰ ইলেকট্ৰনিক্স আৰু টেকন'লজী ক্ষেত্ৰত আগবঢ়োৱা অৰিহণা আৰু ৰতন টাটাৰ দৰে বিশিষ্ট ব্যক্তিৰ সৈতে অসমৰ সম্পৰ্কৰ স্বীকৃতি দিয়া হৈছে। ৰতন টাটা ভাৰতৰ শিল্পক্ষেত্ৰত এক উজ্জ্বল নাম আৰু তেওঁৰ নামেৰে এই অঞ্চলটোৰ নামকৰণে অসমৰ উন্নয়নৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে।

কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যেনে: ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত কঠোৰ ব্যৱস্থা: নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ধৰ্মনিৰপেক্ষতাৰ সৈতে জড়িত কঠোৰ নীতি প্ৰণয়ন কৰা হ’ব।আইআইটি এলুমিনিয়াম এছ'চিয়েচন গঠন: আইআইটি উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰি প্ৰযুক্তিৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব। দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন: ৯০ কোটি টকাৰ বিনিয়োগৰে অসমত ১০টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হ’ব। অট্টালিকাত বাঁহৰ ব্যৱহাৰ: অসমৰ অৰ্থনীতিৰ বিকাশৰ বাবে অট্টালিকাসমূহত ৫ শতাংশ বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হ’ব।

এই সিদ্ধান্তসমূহে অসমৰ অৰ্থনৈতিক, শিক্ষা আৰু প্ৰযুক্তিগত উন্নয়নৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তসমূহৰ জৰিয়তে অসমক এক আধুনিক আৰু উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য আগত ৰাখিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com