গুৱাহাটীৰ ‘মান্যবৰ’ বিপণীত অসমীয়া কৰ্মচাৰীসকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগ

গুৱাহাটীৰ ‘মান্যবৰ’ বিপণীত অসমীয়া কৰ্মচাৰীসকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগ

গুৱাহাটীৰ মাজ-মজিয়াত অনা-অসমীয়া বণিয়াৰ দপ-দপনি দিনে দিনে বৃদ্ধি পাইছে। এইবাৰ গণেশগুৰিৰ বিতৰ্কিত ব্যৱসায়িক প্ৰতিষ্ঠান ‘মান্যবৰ’ত কৰ্মৰত থলুৱা যুৱক-যুৱতীসকলক ব্যাপক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ অসমত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

‘মান্যবৰ’ নামৰ এই বিপণীখনত প্ৰায় ২০ গৰাকী অসমীয়া যুৱক-যুৱতীয়ে কাম কৰে। অভিযোগ অনুসৰি, বিপণীখনৰ মেনেজাৰ ৰাহুল সিং চৌহানে কৰ্মচাৰীসকলক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন কৰে। কৰ্মচাৰীসকলে দীৰ্ঘ সময় ধৰি কাম কৰিবলৈ বাধ্য কৰোৱাৰ লগতে দিনটোত প্ৰায় ১২ ঘণ্টা সময় কামত নিয়োগ কৰোৱা হয়। অহা-যোৱাত এক মিনিট সময় পলম হ’লেই এদিনৰ দৰমহা কৰ্তন কৰে। আনকি দুপৰীয়া আহাৰৰ বাবে কৰ্মচাৰীসকলক যাবলৈও অনুমতি নিদিয়ে মেনেজাৰে। এইবোৰ কাৰ্য্যৰ ফলত কৰ্মচাৰীসকল মানসিকভাৱে অত্যন্ত পীড়িত হৈ পৰিছে।

কৰ্মচাৰীসকলে আজি মেনেজাৰ ৰাহুল সিং চৌহানৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে এই নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় দাবী কৰিছে। নিৰ্যাতনৰ বলি কৰ্মচাৰীসকলে ব্যাপক ক্ষোভ প্ৰকাশ কৰিছে। অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক আহ্বান জনাইছে।

এই ঘটনাই অসমৰ বিভিন্ন ঠাইত অনা-অসমীয়া বণিয়াৰ দ্বাৰা থলুৱা লোকসকলৰ ওপৰত চলোৱা অত্যাচাৰৰ এক গুৰুতৰ সমস্যাৰ প্ৰতিফলন ঘটাইছে। এই ধৰণৰ কাৰ্য্যকলাপৰ বিৰুদ্ধে সংগঠিত হ’বলৈ আৰু নিজৰ অধিকাৰ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে একাংশ অসমীয়াই। এই পৰিস্থিতিৰ সমাধানৰ বাবে চৰকাৰী হস্তক্ষেপ আৰু নীতি নিৰ্ধাৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে একাংশ লোকে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com