১৫ বিধায়কক নিলম্বন, বিধানসভাত উত্তাল পৰিৱেশ

১৫ বিধায়কক নিলম্বন, বিধানসভাত উত্তাল পৰিৱেশ

আজি বিধানসভাৰ পৰা অখিল গগৈসহ মুঠ ১৫ গৰাকী বিধায়কক নিলম্বন কৰা হৈছে। প্ৰশ্নত্তোৰ ঘণ্টাৰ সময়ত সদনত উত্তাল পৰিৱেশৰ সৃষ্টি হয়৷ যাৰ ফলত অধ্যক্ষই এই কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হয়।

প্ৰশ্নকালীন ঘণ্টাৰ প্ৰথমটো মৌখিক প্ৰশ্ন আছিল বিধায়ক আশ্ৰাফুল হুছেইনৰ। মৌখিক প্ৰশ্নৰ পৰিপূৰক প্ৰশ্ন কৰিবলৈ যোৱাৰ সময়ত আশ্ৰাফুল হুছেইনে অধ্যক্ষৰ নিৰ্দেশনা নমনাত অধ্যক্ষ দৈমাৰীয়ে তেওঁক প্ৰশ্নোত্তৰ কালৰ পৰা এক ঘণ্টাৰ বাবে নিলম্বন কৰে। ইয়াৰ পিছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উত্তৰ দি থকাৰ সময়ত বিধায়ক অখিল গগৈয়ে আসনৰ পৰা উঠি ওলোটাই প্ৰশ্ন কৰিবলৈ ধৰাত তেওঁকো প্ৰশ্নোত্তৰ কালৰ পৰা নিলম্বিত হয়।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে সদনত উগ্ৰ হৈ উঠে কংগ্ৰেছী বিধায়ক এ.কে. ৰশ্বিদ আলম। অধ্যক্ষই বাৰে বাৰে বহিবলৈ কোৱাৰ পাছতো নবহাত তেওঁকো নিলম্বন কৰে।

প্ৰশ্নকালীন ঘণ্টাৰ পিছত মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে অনা বিশেষাধিকাৰ ভংগৰ অভিযোগত সদনত এআইইউডিএফৰ বিধায়কসকলে হুলস্থূল কৰাত উপাধ্যক্ষ ডা০ নোমল মমিনে সদনৰ পৰা ১১ গৰাকী বিধায়কক নিলম্বন কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদেও সদন ত্যাগ কৰে।

এই ঘটনাই বিধানসভাত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে, যাৰ ফলত সদনৰ কাৰ্য্যবাহী যথেষ্ট প্ৰভাৱিত হয়।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com