geetanager গুৱাহাটীত এখন কলেজৰ বিল্ডিঙৰ পৰা সৰি পৰি এগৰাকী ছাত্ৰীৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰীগৰাকী গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী সন্দীপস্না বুলি জানিব পৰা গৈছে। তেওঁ কলেজৰ চতুৰ্থ মহলাৰ পৰা পৰি মৃত্যুবৰণ কৰে। যদিও প্ৰাথমিকভাৱে ইয়াক আত্মহত্যা বুলি ধৰা হৈছে, ছাত্ৰীগৰাকীৰ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ মতে, সন্দীপস্না মানসিকভাৱে অসুস্থ নাছিল৷
ঘটনাটোৰ বিৱৰণ অনুসৰি, সন্দীপস্নাই পুৱা কলেজলৈ যায় আৰু কিছু সময়ৰ পিছতে তেওঁ কলেজ বিল্ডিঙৰ চতুৰ্থ মহলাৰ তলত পৰে। তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালে আৰক্ষীত এজাহাৰ দাখিল কৰে আৰু তদন্ত আৰম্ভ হয়। পৰিয়ালৰ মতে, সন্দীপস্নাই কোনো মানসিক সমস্যাৰ দ্বাৰা পীড়িত নাছিল আৰু তেওঁৰ মৃত্যু ৰহস্যজনক।
কলেজৰ চি.চি.টি.ভি. ফুটেজত দেখা গৈছে যে সন্দীপস্নাই কলেজৰ গ্ৰীলৰ গেট নিজেই খুলি ভিতৰলৈ সোমায়। তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে উল্লেখ কৰে যে সন্দীপস্নাক এগৰাকী শিক্ষয়িত্ৰীয়ে পুৱা ৯ বজাত এক্সট্ৰা ক্লাছৰ বাবে মাতিছিল, কিন্তু তেওঁৰ মোবাইলত কেইবাটাও মিছডকল আছিল। ছাত্ৰ একতা সভাৰ প্ৰতিনিধিয়ে ছাত্ৰীগৰাকীৰ মোবাইল বিচাৰিছিল, পুলিচে বিচৰা বুলি কৈছিল৷
কলেজৰ শিক্ষয়িত্ৰী আৰু অধ্যক্ষই প্ৰকাশ কৰা মতে, ঘটনাটো পুৱা ৮:৩০ বজাত সংঘটিত হৈছিল। কলেজৰ গ্ৰীলৰ গেট খুলি দিয়াৰ পিছত সন্দীপস্নাই ভিতৰলৈ সোমায় আৰু কিছু সময়ৰ পিছতে তেওঁ পৰাৰ শব্দ শুনা যায়।আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু ছাত্ৰীগৰাকীক হাস্পাতাললৈ নিয়ে।
ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত চলি আছে। পৰিয়ালে হত্যাৰ সন্দেহ কৰিছে, আনহাতে আৰক্ষীয়ে সকলো দিশৰ পৰা তদন্ত কৰি সত্যতা উলিয়াবলৈ চেষ্টা কৰিছে। ছাত্ৰীগৰাকীৰ মৃত্যুৱে সমাজত এক গভীৰ শোকৰ ছাঁ পপিছে আৰু এই ঘটনাই শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা আৰু মানসিক স্বাস্থ্যৰ বিষয়টোক আকৌ এবাৰ আলোচনালৈ আনিছে।