আজি নিশা ফেচবুক লাইভত আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে অনুষ্ঠিত হৈ হৈ যোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ ঘোষণা কৰে৷ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি এডিআৰই পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহৰ ভিতৰত ঘোষণা কৰা হ’ব৷ অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা ৬মাৰ্চত ঘোষণা কৰা হ’ব। অসম আৰক্ষীৰ নিযুক্তি কনিষ্টবল এবি আৰু ইউবিৰ পৰীক্ষাৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব। অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব। কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব। আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব। বহুপ্ৰতীক্ষিত এডিআৰই পৰীক্ষাৰ ফলাফল ৭ মাৰ্চত ঘোষণা কৰা কৰা হ’ব। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।