প্ৰয়াত অ’চি বিৰিঞ্চি দাসৰ স্কুটীত খুন্দিওৱা চালকক গ্ৰেপ্তাৰ

প্ৰয়াত অ’চি বিৰিঞ্চি দাসৰ স্কুটীত খুন্দিওৱা চালকক গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ ঘোগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাসক খুন্দা মাৰা বাহনখনৰ চালকজনক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। খ্ৰীষ্টান বস্তীৰ পৰা বশিষ্ঠ আৰক্ষীয়ে আজি পুৱাই চালকজনক গ্ৰেপ্তাৰ কৰিছে। চালকজনৰ নাম বিচ্ছেক সিংঘাল বুলি জানিব পৰা গৈছে। দুদিন ধৰি পলায়ন কৰি থকাৰ পিছত আজি গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই খ্ৰীষ্টানবস্তিত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিশা প্ৰায় ২ বজাত বিৰিঞ্চি কুমাৰ দাসক এখন ছুইফট বাহনেৰে খুন্দা মাৰি পলায়ন কৰিছিল বিচ্ছেক সিংঘালে। বিৰিঞ্চি কুমাৰ দাসে স্কুটী চলাই ঘৰলৈ আহি থকাৰ সময়তে বিচ্ছেক সিংঘালে খুন্দা মাৰি পেলাই থৈ যায়, য’ত ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাস থিতাতে নিহত হয়। বিচ্ছেক সিংঘালে দাসক হাস্পতাললৈ নিয়াৰ পৰিৱৰ্তে পলায়ন কৰিছিল। এই ঘটনা মহানগৰীৰ লালমাটিত সংঘটিত হৈছিল।

তীব্ৰ গতিত অহা ছুইফটৰ খুন্দাত ঘোগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কুমাৰ দাস নিহত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। শিৱৰাত্ৰিৰ নিশা মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালমাটিত এখন দ্ৰুতগতী বাহনৰ খুন্দাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাস নিহত হৈছিল। তীব্ৰ গতীৰ ছুইফটখনে খুন্দা মাৰি বহু দূৰলৈ স্কুটীখন চেঁচুৰাই নিয়াত মূৰ, বুকু, হাত, ভৰিৰ পৰা অত্যাধিক ৰক্তক্ষৰণ হয়। ফলত কিছু সময়ৰ পিছত আৰক্ষী বিষয়া গৰাকীৰ মৃত্যু হয়। নিশা একাংশ লোকে মুমূৰ্ষ অৱস্থাত আৰক্ষী বিষয়া দাসক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে ইতিপূৰ্বে মৃত্যু হোৱাৰ বুলি উল্লেখ কৰে।

এএছ-০১-এৱাই-৯১০১ নম্বৰৰ ছুইফটখনে লালমাটিত স্কুটীখন মহতিয়াই নিয়াৰ লগে লগে স্কুটীখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে স্কুটীখনত আৰু পাছত ডিভাইডাৰত খুন্দা মাৰে। ঘটনাস্থলীত ছুইফটখন এৰি চালকজনে পলায়ন কৰিছিল। বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চালকজনক জিম্মাত লৈ জোৰ-জবৰদস্তি অব্যাহত ৰাখিছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com