গুৱাহাটী আৰক্ষীয়ে বাইক চোৰ, ড্ৰাগছ মাফিয়া, চিলনী চোৰৰ বিৰিদ্ধে অভিযান অব্যাহত ৰাখিছে৷ বিগত কেইবাটাও দিনত অভিযান চলাই বাইক চোৰ, ড্ৰাগছ মাফিয়া, চোৰ-ডকাইতক জালত পেলাবলৈ সক্ষম হোৱাৰ সময়তে অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে৷ গুৱাহাটী আৰক্ষীয়ে অভিযান চলাই গাড়ীৰ গ্লাছ ভাঙি টকাৰ বেগ লৈ উধাও হোৱা এজন ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ দিছপুৰ আৰক্ষীয়ে নিৰ্মল নাথ নামৰ গাড়ীৰ গ্লাছ ভাঙি ধনৰ বেগ লৈ উধাও হোৱা ডকাইতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিৰ্মল নাথে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত গাড়ী গ্লাছ ভাঙি ডকাইতি কৰিছিল বুলি জানিব পৰা যায়৷ গুৱাহাটী কেইবাটাও ঘটনাৰ তথ্য আহৰণ কৰি কমল নাথেই যে বহু ঘটনাত জড়িত সেই তথ্য লাভ কৰিছিল৷ কিন্তু নাথে আৰক্ষীৰ চকুত বাৰে বাৰে ধুলি দিছিল৷ গ্লাছ ভাঙি টকাৰ বেগ লৈ উধাও হৈ নিৰ্মল নাথে গুৱাহাটীত আতংকৰ সৃষ্টি কৰিছিল৷
