গুৱাহাটীত নিষিদ্ধ হ’ল সকলো প্ৰতিবাদ-মিছিল-শোভাযাত্ৰা

গুৱাহাটীত নিষিদ্ধ হ’ল সকলো প্ৰতিবাদ-মিছিল-শোভাযাত্ৰা

অসম চৰকাৰে প্ৰতিবাদ, মিছিল আদি কঠোৰ হাতেৰে দমন কৰিবলৈ সাজু হৈছে। এডভাণ্টেজ অসম আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ আগতীয়াকৈ দল-সংগঠন আৰু অন্যান্য সংস্থাৰ সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰে স্পষ্ট কৰিছে যে বিৰোধী দল, জাতীয় সংগঠন আৰু অন্যান্য প্ৰতিষ্ঠানৰ কাৰ্যকলাপ সহ্য নকৰা হ’ব। দেশ-বিদেশৰ অতিথিৰ সন্মুখত গুৱাহাটীৰ পথত দল-সংগঠন আৰু সংস্থাৰ সক্ৰিয়তা বন্ধ কৰিবলৈ চৰকাৰ আৰু আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব।

ৰাজধানী গুৱাহাটীত এতিয়াৰ পৰা কোনো ধৰণৰ বিৰোধ মিছিল, শোভাযাত্ৰা আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। গুৱাহাটী আৰক্ষীয়ে এই বিষয়ত তাৎক্ষণিকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰাত আৰক্ষীয়ে বাধা দিয়াৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে নিৰ্দেশনা জাৰি কৰি গুৱাহাটীত সকলো ধৰণৰ মিছিল, সমদল, সমাৱেশ আৰু শোভাযাত্ৰা নিষিদ্ধ কৰিছে।

ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২২৩ অনুসৰি যদি কোনো ব্যক্তি বা সংগঠনে এই আদেশ ভংগ কৰে, তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব আৰু শাস্তি প্ৰদান কৰা হ’ব বুলি আৰক্ষীয়ে কঠোৰভাৱে সতৰ্ক কৰিছে। ১০ ফেব্ৰুৱাৰীৰ পৰা এই নিৰ্দেশনা অনিৰ্দিষ্ট কাললৈ কাৰ্যকৰী হ’ব। গুৱাহাটী আৰক্ষীয়ে স্পষ্ট কৰিছে যে যাতায়তৰ সুবিধা আৰু জনসুৰক্ষাৰ স্বাৰ্থত সকলো ধৰণৰ বিৰোধ মিছিল-শোভাযাত্ৰা নিষিদ্ধ কৰা হৈছে।

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ সহ-আৰক্ষী আয়ুক্ত (প্ৰশাসন) ইমদাদ আলিয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰিছে। এই নিষেধাজ্ঞাৰ মূল উদ্দেশ্য হৈছে চহৰখনত যাতায়তৰ সূচল যাত্ৰা নিশ্চিত কৰা। চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে মিছিল-শোভাযাত্ৰাই যাতায়তত সমস্যাৰ সৃষ্টি কৰাৰ লগতে সাধাৰণ লোকৰ অসুবিধাও সৃষ্টি কৰে। ইয়াৰ উপৰিও জৰুৰী সেৱাসমূহকো বাধাগ্ৰস্ত কৰাৰ সম্ভাৱনা থকাৰ বাবে জনসুৰক্ষাৰ কথা বিবেচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে।

নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে যদি কোনো ব্যক্তি বা সংস্থাই এই নিৰ্দেশনাৰ বিৰুদ্ধে আপত্তি থাকে, তেন্তে তেওঁলোকে লিখিতভাৱে সহ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব পাৰিব। জনসাধাৰণৰ সুৰক্ষা আৰু সুবিধাৰ বাবে এই পদক্ষেপ অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com