ৰাজধানী গুৱাহাটীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত বিৰল অৰিহণা যোগাই অহা দীপৰ বিল অস্তিত্বৰ সংকটত পৰাটো নতুন কথা নহয়৷ প্ৰতিখনে চৰকাৰ পুঁজিপতি বণিয়াক দীপৰ বিলৰ বৃহৎ বৃহৎ অংশ গতাই দিয়াত নিৰ্মাণ কাৰ্য গঢ়ি তুলিছে। যাৰ বাবে ক্ৰমে সংকুচিত হৈ আহিছে দীপৰ বিল৷ এইবাৰ আকৌ চৰকাৰী সংস্থাই পুতি পেলাইছে দীপৰ বিলৰ বৃহৎ অংশ৷
ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এলিভেটেড কৰিডৰৰ প্ৰকল্পৰ বাবে দীপৰ বিলৰ বৃহৎ অংশ পুতি পেলোৱাত ক্ষুণ্ণ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে পুতি পেলোৱা অংশ মুক্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে৷ বিলৰ যিমানখিনি অংশ পোতা হৈছে সেইখিনি এলেকা মুক্ত কৰিবলৈ সময় নিৰ্ধাৰণ কৰি দিছে৷ যিমানখিনি এলেকা মাটিৰে পুতি পেলাইছিল সেইখিনি ঠাইৰ পৰা মাটি আতৰাই পেলাব লাগিব৷ বিলখনত খোদ চৰকাৰী বিভাগে অবৈধ নিৰ্মাণকাৰ্যৰ বাবে পুতি পেলোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
মাটি পোতা কাৰ্য আৰু অন্যান্য নিৰ্মাণ কার্য শীঘ্ৰে বন্ধ কৰাৰ বাবে ৬-৮ সপ্তাহৰ প্রয়োজন হ’ব বুলি লোক নিৰ্মাণ বিভাগৰ অধিবক্তাই ন্যায়ালয়ক অৱগত কৰিছে৷ ন্যায়ালয়ে পৰৱৰ্তী শুনানিত ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী সন্দৰ্ভত সৱিশেষ তথ্য দি শপতনামা দাখিল কৰিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিছে।
লোকনিৰ্মাণ বিভাগৰ হৈ অধিবক্তাই ন্যায়ালয়ক অৱগত কৰে যে ধাৰাপুৰ তিনিআলিত এলিভেটেড কৰিডৰৰ প্ৰকল্পৰ বাবে মাটি পেলোৱা আৰু বা আন নির্মাণকার্য চলি আছিল। কিন্তু সকলো নিৰ্মাণকাৰ্য বাতিল কৰা হৈছে। ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে লোক নিৰ্মাণ বিভাগক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে।
দীপৰ বিলৰ জীৱিত ৰখা আৰু সংৰক্ষণক লৈ সৰৱ হৈ সমাজকৰ্মী সোনেশ টেৰণ, দীপক টেৰণ আৰু প্ৰমোদ কলিতাই উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আৱেদন দাখিল কৰিছিল৷ ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে ইতিমধ্যে পুতি পেলোৱা দীপৰ বিলত মুক্ত কৰাৰ নিৰ্দেশ দিছে৷ যিমান মাটি পেলোৱা হৈছে সেই মাটি আঁতৰাবলৈ নিৰ্দেশ দিয়া সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
সোনেশ টেৰণ, দীপক টেৰণ আৰু প্ৰমোদ কলিতাই কয় যে লোক নিৰ্মাণ বিভাগে বিলখনৰ ধাৰাপুৰ দিশত পথ নিৰ্মাণ কৰি বিলখন সংকুচিত কৰিছে। বিলখন ৰক্ষা কৰিবলৈ আমি ন্যায়ালয়ৰ কাষ চাপিছিলো৷ ন্যায়ালয়ে ৰাইজৰ পক্ষত নিৰ্দেশ দি পুতি পেলোৱা অংশ মুক্ত কৰি সেই ঠাইত বাহিৰৰ পৰা গাড়ীৰে আনি পেলোৱা মাটি আতৰাবলৈ কঠোৰ নিৰ্দেশ দিছে৷
দীপৰ বিল এলেকাত থকা একাংশ বাসিন্দাই কয় যে এইখন চৰকাৰে দীপৰ বিলৰ সীমা নিৰ্ধাৰণ নকৰিলে৷ বিলখনৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও আজিলৈ সম্পূৰ্ণ নহ’ল। ফলত বিভিন্ন প্ৰভাৱশালী পক্ষই বিলখন দখল কৰি অহাত বিলৰ পৰিমাণ হ্ৰাস পাইছে৷
পূৰ্বে লক্ষ লক্ষ চৰাইৰ আগমন ঘটিছিল৷ এতিয়া চৰাইৰ সংখ্যা অতি কম৷ ২০২৩ চনত ২৮ হাজাৰ পক্ষীৰ আগমন ঘটিছে। পূৰ্বে এই লাখৰ ঘৰত পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছিল৷