অসমীয়াত ভইচ টাইপিঙৰ সুবিধা! ‘আখৰ ডট ইন’ শীৰ্ষক বিশেষ এপ মুকলি

অসমীয়াত ভইচ টাইপিঙৰ সুবিধা! ‘আখৰ ডট ইন’ শীৰ্ষক বিশেষ এপ মুকলি

কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআইয়ে বৰ্তমান সময়ত আমাৰ জীৱনধাৰণত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। বিজ্ঞানী আৰু অভিযন্তাসকলে ইতিমধ্যে এআই প্ৰণালীসমূহক বৃহৎ পৰিমাণৰ তথ্য প্ৰদান কৰি প্ৰশিক্ষণ দিয়াৰ উপৰিও এই ক্ষেত্ৰত বিভিন্ন উদ্ভাৱনীমূলক কাম কৰি আছে। তাৰে সমান্তৰালকৈ, অসমৰ দুই যুৱক তথা ভাতৃদ্বয়ে অসমীয়া ভাষাক প্ৰাধান্য দি উদ্ভাৱন কৰিলে এক বিশেষ এআই সঁজুলি।

সংৰক্ষণ, প্ৰচাৰ আৰু সুৰক্ষাক প্ৰধান বিষয়বস্তু হিচাপে লৈ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰ নামৰ ভাতৃদ্বয়ে সাজি উলিয়াইছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এই বিশেষ এপটো। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত কাব্যনীল তালুকদাৰে কয় যে, বহু সময়ত প্ৰায় সংখ্যক লোকৰ বাবে অসমীয়া ভাষাত লিখিবলৈ কঠিনতা হয়, সেয়া চিন্তা কৰি জনসাধাৰণৰ সুবিধাৰ্থে এই উদ্ভাৱনীমূলক সঁজুলি তৈয়াৰ কৰা হৈছে।

এই এপ্লিকেচনে ব্যৱহাৰকাৰীসকলক ইংৰাজী কীবৰ্ড ব্যৱহাৰ কৰি অসমীয়া ভাষাত লিখিবলৈ সহায় কৰাৰ লগতে প্ৰতিটো শব্দৰ বানানৰ শুদ্ধতা পৰীক্ষা কৰাৰ সুবিধাও প্রদান কৰে, আৰু ভইচ টাইপিংৰ সুবিধা সমৰ্থন কৰে। তদুপৰি, এই উদ্ভাৱনীমূলক সঁজুলিয়ে উত্তৰ-পূব ভাৰতৰ ভাষাসমূহৰ অগ্ৰগতিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰতিনিধিত্ব কৰাৰ কথাও উল্লেখ কৰা হয়।

আখৰ ডট ইন (Aakhor.in) নামেৰে গুগল প্লেষ্ট’ৰত উপলব্ধ এই এপটো বিশেষভাৱে সক্ষম লোকৰ বাবেও ব্যৱহাৰযোগ্য, আৰু ইণ্টাৰনেট অবিহনেও সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰিব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই এই এপ্লিকেচনটোৰ শুভ উদ্বোধন কৰি দুই যুৱকৰ প্ৰচেষ্টাক তথা নৱপ্ৰজন্মৰ এনে উৎসাহজনক কাৰ্যকলাপক শলাগ জনাই অসমীয়া ভাষাৰ গুৰুত্বৰ বিষয়েও ৰাইজৰ আগত অৱগত কৰে।

অসীম কৃষ্ণ বৰুৱাই আঁত ধৰা আৰু হৰিপ্ৰসাদ তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° হিটেন চৌধুৰী, দৈনিক জনমভূমি কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ ফুকন, নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতা, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহঃ অধ্যাপিকা ড° কংকনা বৰা আৰু দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক পুলিন কলিতা উপস্থিত থাকে।

News Type

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com