নাৰেংগীৰ সেনা শিবিৰৰ সমীপত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

নাৰেংগীৰ সেনা শিবিৰৰ সমীপত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাদ

নাৰেংগীৰ সেনা শিবিৰৰ চাৰিসীমাৰ ভিতৰত বিগত তিনিমাহ ধৰি আৱদ্ধ হৈ আছে এটি আঘাতপ্ৰাপ্ত বন্যহস্তী। "লালি" বুলি পৰিচিত হাতীটোৰ পিছ ভৰিত গম্ভীৰ আঘাতৰ বাবে ইয়াৰ স্বাভাৱিক চলাফলা বন্ধ হৈ আছে। এই অৱস্থাত বন বিভাগে হাতীটোক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে।

লালিয়ে আমচিং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি কোনো কাৰণত পিছ ভৰিত আঘাত পাইছিল। ফলত, খোজ কাঢ়িবলৈ অক্ষম হৈ হাতীটোৱে সেনা শিৱিৰৰ চৌহদতে আৱদ্ধ হৈ পৰে। স্থানীয় ৰাইজৰ অভিযোগ মতে, বন বিভাগে এই ঘটনাত চূড়ান্ত অৱহেলা দেখুৱাইছে। হাতীটোক পৰ্যাপ্ত খাদ্য যোগানৰ ব্যৱস্থাও কৰা হোৱা নাই।

সেনা শিৱিৰৰ দেৱালৰ ফাঁকেৰে স্থানীয় ৰাইজে হাতীটোক কলগছ আৰু অন্যান্য খাদ্য যোগান ধৰি আহিছে। তথাপি লালিৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। হাতীটোৰ চিকিৎসা নোহোৱাটোক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে ততালিকে হাতীটোক উদ্ধাৰ কৰি যথাযথ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাইছে।

Guwahati Dotcom
Guwahati Dotcom is a comprehensive online platform dedicated to the city of Guwahati. It serves as a hub for local businesses, tourists, and residents. 

Email: sales@guwahati.com