জ্ঞান আৰু ন্যায়পৰায়ণতা...

Submitted by Jyoti Khatoniar on

জ্ঞান সাধনাকেই যিসকল লোকে জীৱনৰ সাধনা বুলি ভাবে, তাৰ ভিতৰত আধুনিক অসমৰ আটাইতকৈ উল্লেখযোগ্য নামটো হ'ল কৃষ্ণকান্ত সন্দিকৈ। তেওঁৰ নামৰ আগত 'পণ্ডিতপ্ৰৱৰ ' শব্দৰ সংযোগে ইয়াক অধিক মহিমামণ্ডিত কৰিছে। শৈশৱৰ পৰা জীৱনৰ শেষ সময়ছোৱালৈকে নিয়মানুবৰ্তিতা আৰু শৃংখলাৰ তেওঁ এক বিশেষ উদাহৰণ আছিল। আজিৰ পৰিচালনা বিদ্যা (management studies) ৰ সৈতে তেওঁৰ কিমান পৰিচিতি আছিল, সেয়া কোৱা টান। কিন্তু এই পৰিচালনা বিদ্যাৰ দুটা বিশেষভাৱে প্ৰভাৱশীল ধাৰণা তেওঁ নিজৰ জীৱনত প্ৰযোজ্য বুলি কৈ গৈছিল। এটা হ'ল আত্ম-বিশ্লেষণ (self analyse)। আৰু দ্বিতীয়টো হ'ল আত্ম-সমালোচনা ( self criticism)। 

পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ জীৱন উপলব্ধি আছিল এক বিশেষ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। মহাকবি ডান্তেৰ এটা উক্তিক তেওঁ জীৱনৰ শেষৰ ফালে তেওঁৰ জীৱনী লেখক আব্দুছ ছাত্তাৰক অতি আন্তৰিকতাৰে কৈছিল, "পাৰ্থিৱ খ্যাতি বতাহৰ নিশ্বাসৰ বাহিৰে আন একো নহয়।" তেওঁৰ সৈতে কোনো সম্পৰ্ক নথকা জ্ঞানতকৈ অধিক প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আন এজন মহান ভাৰতীয় এ পি জে আব্দুল কালামৰ আত্মজীৱনী  'Wings of Fire' (সুৰেশ শৰ্মাৰ অসমীয়া অনুবাদত ' অগ্নিৰ ডেউকা')ত এই উক্তিৰেই প্ৰতিধ্বনি শুনা যায়। কৃষ্ণকান্ত সন্দিকৈৰ দৃষ্টিত এই আত্ম-সমালোচনাৰ পৰিসৰ অতি বিশাল। এই ক্ষেত্ৰত তেওঁ মহান সম্ৰাট অশোকৰ তৃতীয় স্তম্ভলিপিত থকা এটা কথা উদ্ধৃত কৰিছে, "এইটো মই ভাল কাম কৰিলো বুলি মানুহে কেৱল নিজৰ ভাল কামটোহে দেখে। কিন্তু এইটো পাপ কৰিলো, এইটো পাপ প্ৰবৃত্তি বুলি নিজৰ বেয়া কামটো নেদেখে।" 

 

 

পণ্ডিতজনাৰ মতে সম্ৰাট অশোকৰ এই কথাত ডাঙৰ সত্য লুকাই আছে।আমি সাধাৰণভাৱে পাৰ কৰা জীৱনত এনেকুৱা বিচাৰ, তৰ্ক নকৰো। কিন্তু, নৈতিক সজাগতাৰ কাৰণে এনে আত্ম-সমালোচনাৰ বিশেষ প্ৰয়োজন আছে। কৃষ্ণকান্ত সন্দিকৈৰ আত্ম-সমালোচনাৰ এই পৰিসৰ নৈতিকতা কেন্দ্ৰিক দৃষ্টিভংগীৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। অক্সফ’ৰ্ড, বাৰ্লিন আৰু পেৰিছত গ্ৰীক ভাষা বিশেষভাৱে আয়ত্ব কৰা কৃষ্ণকান্ত সন্দিকৈয়ে জীৱনৰ শেষ দিনলৈকে এই ভাষাৰ চৰ্চা অব্যাহত ৰাখিছিল। ইংৰাজী, সংস্কৃত, পালি, প্ৰাকৃত, ফ্ৰেঞ্চ, জাৰ্মান, ইটালিয়ান, স্পেনিছ, লেটিন, গ্ৰীক, ৰাছিয়ান, অসমীয়া, বাংলা আদি ভাষাৰ অনেক দুষ্প্ৰাপ্য আৰু মূল্যৱান গ্ৰন্থৰে ভৰা এই ব্যক্তিগত পুথিভঁৰালত সন্দিকৈদেৱে যি একাগ্ৰতা আৰু আৱেগেৰে জ্ঞানচৰ্চা অব্যাহত ৰাখিছিল, তাৰ ভিত্তি আছিল নৈতিকতা কেন্দ্ৰিক। 

গ্ৰীক নাট্যকাৰ ছ'ফ'ক্লিছৰ এটা উদ্ধৃতি সন্দিকৈদেৱৰ জীৱন দৰ্শনৰো যেন শক্তিশালী প্ৰতীক: "জ্ঞানতকৈ ন্যায়পৰায়ণতা উৎকৃষ্টতৰ।" সন্দিকৈদেৱৰ ভাৰতীয় চিন্তা সম্পৰ্কীয় ছাত্ৰ অৱস্থাতে লিখা আলোচনাতো ইয়াৰ কিছু  ইংগিত আছে। যি দুটা কাৰণত কৃষ্ণকান্ত সন্দিকৈৰদেৱৰ জীৱন পৰিক্ৰমা অসমীয়া মানুহৰ বাবে আদৰ্শ আৰু প্ৰাসংগিকতাৰ আৰ্হি হৈ থাকিব, সেই দুটা হ'ল: এক, জ্ঞান সাধনাত ব্ৰতী সন্দিকৈদেৱ; দুই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য আৰু গুৰিধৰোতা হিচাপে অসমত জ্ঞান চৰ্চা আৰু উচ্চ শিক্ষাৰ পৰিৱেশ তৈয়াৰ কৰা সন্দিকৈদেৱ। সন্দেহ নাই যে দুয়োটা ক্ষেত্ৰতে কলিকতা, অক্সফোৰ্ড, পেৰিছ, বাৰ্লিনৰ পৰিবেশে সন্দিকৈদেৱক গঢ়ি তুলিছিল। 

 

তেওঁৰ বিখ্যাত ৰচনা  'জাৰ্মেনীৰ জ্ঞান সাধনা'ত  শিক্ষা প্ৰণালী আৰু জ্ঞান সাধনাৰ মাজত থকা পাৰ্থক্যলৈ পোনতেই আঙুলিয়াই দিয়া হৈছে। তেওঁ অতি স্পষ্টকৈ কৈছে যে স্কুল-কলেজত যি শিক্ষা দিয়া হয়, তাৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীক জীৱনৰ কাৰণে উপযোগী কৰা। ইয়াৰ বিপৰীতে জ্ঞান সাধনা হৈছে এটা ব্ৰত। সি জীৱনৰে এটা বিশেষ ৰূপ। জাৰ্মেনীৰ জ্ঞান সাধনা সম্পৰ্কে তেওঁ ইংৰাজী ভাষাতো এটা অতি উৎকৃষ্ট প্ৰবন্ধ লিখি গৈছে। কলিকতাৰ ফৰৱাৰ্ড কাকতত ১৯২৮ চনৰ ১১ মাৰ্চত এই প্ৰবন্ধ প্ৰকাশিত হৈছিল। 

যিকোনো এটা বিষয়ৰ বিভিন্ন দিশ খুটি নাটি মাৰি আয়ত্ত কৰাটো সন্দিকৈদেৱৰ জ্ঞান চৰ্চাৰ বৈশিষ্ট্য আছিল। ইয়াৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সন্দিকৈদেৱে তেওঁৰ ফৰৱাৰ্ড কাকতত প্ৰকাশিত প্ৰবন্ধটোত আৰ্নেষ্ট কাৰ্টিয়াছ (Ernst Curtius, ১৮৮৬-১৯৫৬)ৰ প্ৰসংগৰে আনিছে: "Curtius has indeed described research as a "handicraft" involving intelligence and drudgery. The analytical method is essentially objective। The artist gives the material a higher being , the researcher finds in it the true being." 

সন্দিকৈদেৱে এই গৱেষণাৰ পদ্ধতিটোৰ ক্ষেত্ৰত দাৰ্শনিক নীৎস্বেৰ দৃষ্টি ভংগীক আলোচনালৈ আনিছে। দাৰ্শনিক নীৎস্বেয়ে মানৱ মনৰ সৃষ্টিশীল দিশটোক অধিক গুৰুত্ব দিয়াৰ কথা সন্দিকৈদেৱে উল্লেখ কৰিছে। মানৱ মনৰ সৃষ্টিশীল দিশটোৰ প্ৰতি নিৰাসক্ত আৰু নিৰলস জ্ঞান সাধনাত ব্ৰতী সন্দিকৈ দেৱৰ যে বিশেষ আগ্ৰহ আছিল, তাক তেওঁৰ পাঁচটা সৰু সৰু অংশত বিভক্ত 'নৈষধচৰিত আৰু ভাৰতীয় চিত্ৰকলা' নামৰ প্ৰবন্ধত পোৱা যায়। এই ক্ষেত্ৰত তেওঁ পৃথিৱীৰ বিভিন্ন ঠাই, যেনে বষ্টন মিউজিয়াম, নিউ য়ৰ্কৰ মেট্ৰোপলিটান মিউজিয়াম আদিৰ প্ৰসংগ আনিছে। উল্লেখ্য যে, সন্দিকৈদেৱৰ নৈষধচৰিত গ্ৰন্থৰ পাণ্ডিত্যপূৰ্ণ আলোচনা পঢ়ি বিশ্ব প্ৰসিদ্ধ পণ্ডিত আনন্দ কুমাৰস্বামী (১৮৭৭-১৯৪৭)য়ে মূল সংস্কৃত কাব্যখনৰ লগত ভাৰতীয় চিত্ৰকলাৰ সম্ভেদ বিচাৰি পাইছিল। পণ্ডিত সন্দিকৈৰ দৰে জ্ঞান চৰ্চাত ব্ৰতী পণ্ডিত কুমাৰস্বামীয়ে এজন নিষ্কাম জ্ঞান তপস্বীৰ দৰে কাব্য আৰু চিত্ৰকলাৰ এই সম্পৰ্ক বিচাৰি পোৱাৰ কৃতিত্ব সন্দিকৈদেৱক দি থৈ গৈছে (সন্দিকৈদেৱৰ নিজৰ ভাষাত: "এই বিষয়ত কুমাৰস্বামী ডাঙৰীয়াৰ সৌজন্য আৰু উদাৰতা মন কৰিবলগীয়া।")  

সন্দিকৈদেৱৰ আন এটা উল্লেখযোগ্য প্ৰবন্ধ 'অনুবাদৰ কথা' ত  তেওঁ অনুবাদৰ দৰ্শন, প্ৰয়োজনীয়তা আৰু প্ৰক্ৰিয়াৰ সম্পৰ্কে বিস্তৃত ভাৱে আলোচনা কৰি গৈছে। অক্সফোৰ্ডৰ পুথিভঁৰালত বহি সমগ্ৰ বিশ্বসাহিত্যত বিশেষকৈ জাপানী সাহিত্য, চীনা সাহিত্য, হাংগেৰীৰ সাহিত্য ইত্যাদিত অনুবাদৰ প্ৰসাৰ সম্পৰ্কে লিখা এই পাণ্ডিত্যপূৰ্ণ ৰচনাই আমাৰ মনত সীমাহীন বিস্ময়ৰ উদ্রেক কৰে। ৰজা ভাস্কৰ বৰ্মাৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ অনুবাদৰ বিষয়ে সন্দিকৈদেৱে এনেদৰে লিখি থৈ গৈছে: "অনুবাদ কাৰ্য্যত জীৱন ব্যাপি ৭৪ খন বেলেগ বেলেগ গ্ৰন্থ তেওঁ চীনা ভাষালৈ অনুবাদ কৰি যায়। অনুবাদ কাৰ্য্য আৰম্ভ কৰোঁতে হুয়েন চাঙৰ বয়স অন্ততঃ ৫০ বছৰ। প্ৰজ্ঞাপাৰমিতা সূত্ৰৰ সুবৃহৎ অনুবাদ শেষ কৰোঁতে তেওঁৰ বয়স প্ৰায় ৬৬ বছৰ। ইয়াৰ তিনিবছৰৰ পাছতে তেওঁৰ মৃত্যু হয়। বয়োবৃদ্ধ সন্ন্যাসীৰ অধ্যৱসায় দেখিলে বিস্ময় মানিব লাগিব। প্ৰজ্ঞাপাৰমিতা সূত্ৰও নিৰলে সম্পাদন কৰিবলৈ সম্ৰাটে হুয়েন চাঙক নিজৰ 'ৰত্ন পুষ্প' নামৰ ৰাজকাৰেঙত থাকিবলৈ দিছিল। সম্ৰাট আৰু যুৱৰাজে মিলি তেওঁৰ অনুবাদ দুখনৰ পাতনিও লিখি দিয়ে। অনুবাদৰ ইয়াতকৈ প্ৰাণান্ত আৰু মহিমান্বিত চিত্ৰ বুৰঞ্জীত পাবলৈ নাই।" 

 

 

সন্দিকৈদেৱৰ অসমীয়া ভাষাত লিখা আলোচনাবোৰ হয়তো বৰ আহল-বহল নহয়। কিন্তু, মাতৃভাষাৰ প্ৰতি দায়ৱদ্ধতা আৰু তেওঁৰ নিজৰ জীৱনদৰ্শনৰ ডুখৰীয়া চানেকি ৰপে এই সকলো লিখনি পঢ়িব পাৰি।  বৈচিত্ৰ্য আৰু গাম্ভীৰ্য্যৰে তেওঁ এই প্ৰবন্ধবোৰত অসমীয়া মানুহক পৃথিৱীৰ জ্ঞান চৰ্চাৰ বহুকেইটা গভীৰ আৰু প্ৰাসংগিক দিশৰ সৈতে পৰিচিত কৰি থৈ গৈছে। সুদীৰ্ঘ কালৰ প্ৰস্তুতিৰে তেওঁ যিকেইখন গ্ৰন্থ বিশ্ব সাহিত্যত উপহাৰ দি থৈ গৈছে, সেয়া অতি ওখখাপৰ। 

সেইবাবে দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল: "Your Vice chancellor is not only a Vice chancellor but a scholar"।  জ্ঞান তপস্বী সন্দিকৈদেৱৰ কথা-বতৰা পতাত বৰ ৰুচি আছিল যেন বোধ নহয়। সংস্কৃত সাহিত্যত চমুৱাই কোৱাৰ এক বিশেষ ধাৰণা আছে। সন্দিকৈদেৱৰ বহু কথা সেয়েহে থোৰতে, চমুকৈ কৈ থোৱা বিধৰ। আধুনিক অসমৰ সৰ্বশ্ৰেষ্ঠ জ্ঞান সাধকজনাৰ এই উক্তি বেছ অনুপ্ৰেৰণামূলক: " অধ্যৱসায়, মগজু আৰু মনৰ নতুনত্ব থাকিলে, তাৰ বাট আপোনা আপুনি মুকলি হ'ব বুলি বোধ হয়।" 

সন্দিকৈদেৱে নিজেই কেইবাটাও বাট মুকলি কৰি থৈ গৈছে। কিন্তু প্ৰত্যেকটোৱেই সাধনাৰ সৈতে সংলগ্ন বাট আৰু সেই বাটত আগবাঢ়ি যাবলৈ নিৰলস প্ৰচেষ্টাৰ বাহিৰে আন একো নাই। কলকাতা, অক্সফ’ৰ্ড, পেৰিছ, বাৰ্লিনৰ ছাত্ৰৰূপে সময় পাৰ কৰা সন্দিকৈদেৱে কৈছিল যে সেইবিলাক ঠাইৰ স্মৃতি গধূৰ আৰু কৃতজ্ঞতাপূৰ্ণ; কিন্তু কলকাতাত পঢ়া বছৰকেইটাৰ দৰে সেইবোৰে মনলৈ সিমান উল্লাস নানে। ক'ব পাৰি যে সন্দিকৈদেৱৰ জ্ঞান চৰ্চা একান্ত নিৰ্জন আৰু এই নিৰ্জনতা উল্লাসেৰে ভৰা। ইয়াৰ লগত সংযোগ হৈছে ভাৰতীয় আৰু গ্ৰীক সভ্যতাৰ ন্যায়পৰায়ণতা। 

• কেবা দশক ধৰি সাংবাদিকতাৰ সৈতে জড়িত জ্যোতি খাটনিয়াৰ এগৰাকী চিন্তাশীল লেখক।