দুর্গোৎসৱৰ সময়ত গুৱাহাটীত মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

Submitted by News Desk on

গুৱাহাটী, ৯ অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো শাৰদীয় দুর্গোৎসৱক লৈ দেখা গৈছে উখল-মাখল পৰিৱেশ৷ দুৰ্গোৎসৱৰ সময়ত জনসাধাৰণৰ সুবিধাৰ বাবে মহানগৰ আৰক্ষীয়ে যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নির্দেশনা জাৰি কৰিছে। দুর্গা পূজাৰ সময়ছোৱাত হ'বলগীয়া তীব্র যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ যানবাহন চলাচলৰ ক্ষেত্ৰত কিছু নীতি-নির্দেশনা জাৰি কৰিছে।

নীতি-নিৰ্দেশনাসমূহঃ

সামগ্রী কঢ়িওৱা গধুৰ যানবাহন মহানগৰীৰ মাজেৰে পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজাৰ ভিতৰত চলাচল কৰিব পাৰিব। চিটীবাছৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ সালসলনি কৰা হৈছে। এই অনুসৰি বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰ অভিমুখে যোৱা চিটীবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট হৈ খানাপাৰা ৰ'টাৰীৰ দিশেৰে জিএছ ৰোড হৈ ধাৰাপুৰলৈ যাব পাৰিব।

একেদৰে আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশ অভিমুখে যোৱা চিটীবাছৰ ক্ষেত্ৰতো মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি, জু-ৰোড ফ্লাই অভাৰ হৈ ৰাজধানী মছজিদ, গণেশ মন্দিৰেৰে লালগণেশ যাব পাৰিব। পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী গাড়ীসমূহ ভিআইপি ৰোড হৈ নুনমাটি, চানমাৰি হৈ যাব লাগিব।
একেদৰে হাতীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছ উভতি অহাৰ ক্ষেত্ৰত ধাৰাপুৰ এম জি ৰোড চানমাৰি হৈ গণেশগুৰি উৰণীয়া সেতুৰে চুপাৰ মার্কেট, লাষ্টগেট হৈ হাতীগাঁও চাৰিআলি অভিমুখে যাব লাগিব। আনহাতে দূৰণিবটীয়া বাণিজ্যিক যাত্রীবাহী বাছৰ ক্ষেত্ৰত নামনি অসমৰ পৰা অহা বাছসমূহ আদাবাৰীৰ বাছ আস্থানতে ৰখাব লাগিব। উজনি অসমৰ পৰা অহা বাছসমূহ আই এছ বি টি বেতকুছিত ৰখাব লাগিব।

একেদৰে তিনিওখন আৰক্ষী জিলাৰ অন্তর্গত বিভিন্ন অঞ্চলৰ সৰু-বৰ বাহনসমূহৰ চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নিষেধাজ্ঞা যানবাহন আৰক্ষীয়ে আৰোপ কৰিছে। পূজাৰ কেইদিনত দিনৰ ২ বজাৰ পৰা নিশা ২ বজালৈ এই নিষেধাজ্ঞা বলৱৎ হ'ব। এই নিষেধাজ্ঞা অনুসৰি দিছপুৰ আৰক্ষী এলেকাত বিভিন্ন স্থানত প্রৱেশ নিষিদ্ধ এলেকা ঘোষণা কৰি হৈছে।

পূজাৰ কেইদিনত জু-ৰোডৰ দিশৰ পৰা দিছপুৰৰ গণেশ মন্দিৰ এলেকালৈ কোনো ধৰণৰ বাহনত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে বশিষ্ঠ আৰক্ষী এলেকাৰ অন্তৰ্গত বিভিন্ন স্থানত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ যানবাহনৰ চলাচল বন্ধ কৰা হৈছে।

ভৰলুমুখ এলেকাৰ ক্ষেত্ৰতো কেইবাটাও দিশত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা বলৱৎ কৰা হৈছ। এ টি ৰোড আৰু দীনেশ গোস্বামী পথত কোনোধৰণৰ যানবাহনৰ পার্কিং নিষিদ্ধ কৰা হৈছে। ফটাশিল চাৰিআলিৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে।

জালুকবাৰী এলেকাৰ ক্ষেত্ৰত জালুকবাৰী ৰটাৰীৰ পৰা পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভৰলুমুখ অভিমুখী সামগ্রী কঢ়িওৱা গধুৰ যানবাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। একেই নির্দেশনা পাণ্ডুঘাট পর্যন্ত বাহাল থাকিব।

আনহাতে দেবী বিসর্জনৰ দিনাখনো পাণবজাৰ, চানমাৰি, গীতানগৰ, নুনমাটি আৰু লতাশিল থানা এলেকাত যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিধেযাজ্ঞা আৰোপ কৰিছে মহানগৰ আৰক্ষীয়ে।