অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ

Submitted by News Desk on

গুৱাহাটী, ৭ অক্টোবৰ: গুৱাহাটীৰ সৰুমটৰিয়াত অৱস্থিত অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত আজি দুপৰীয়াৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত প্ৰায় তিনি শতাধিক লোকে সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ আৰু ফেষ্টুন লৈ শ্ল'গান দিয়াৰ লগতে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে, যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে।

দিছপুৰ আৰক্ষীৰ এটা দলে ততাতৈয়াকৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে, কিন্তু প্ৰতিবাদকাৰীসকলক শান্ত কৰাত ব্যৰ্থ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শ্ল'গান দিয়া লগতে সঞ্চালক কুলশ্ৰী নাথক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী কৰা হয়। লগতে, ১৪০ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত কৰাৰ দাবী কৰে প্ৰতিবাদকাৰীয়ে।

সংগঠনটোৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই দাবী কৰে যে, অসম চৰকাৰৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে ৰূপায়িত আঁচনিসমূহত যি ধৰণৰ লুণ্ঠন হৈছে, সেইটোৱে শেহতীয়া দিনত আৰু অধিক বৃদ্ধি পাইছে। তেওঁলোকে স্পষ্ট কৰি দিয়ে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত সংঘটিত ১৪০ কোটি টকীয়া দুৰ্নীতিয়ে অনুসূচিত জাতিৰ জনসাধাৰণৰ চকু খোল খাইছে।

সঞ্জীৱ দাস আৰু লক্ষ্যজ্যোতি হাজৰিকাই মুখ্যমন্ত্ৰীলৈ দিয়া এখন স্মাৰক পত্ৰত কয় যে, আগষ্ট মাহতে এই কেলেংকাৰীৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগক অৱগত কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাজ্য প্ৰশাসনক নিৰ্দেশ দি ৮ আগষ্টত এক পত্ৰ প্ৰদান কৰে৷ PMOPG/D/2024/0165174 নম্বৰৰ পত্ৰ যোগে অসম চৰকাৰৰ যুটীয়া সচিব এচিএছ ডৰথী চুচিয়াংক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল৷ সমানে অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগে ২১ আগষ্টত ESDW/BP/AS/2024/255473 নম্বৰৰ পত্ৰ যোগে অভিযোগক গুৰুত্বসহকাৰে লৈ ১৫ দিনৰ ভিতৰত তদন্ত সমাপ্ত কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবক নিৰ্দেশ দিছিল৷

তেওঁলোকে সঞ্চালক কুলশ্ৰী নাথ, ষ্টেনোগ্ৰাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে আৰু তদন্তৰ দাবী কৰে। সংগঠনটোৱে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় যে, অবিলম্বে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ এই ঘোটালাৰ তদন্ত কৰিব লাগে। যদি দাবী পূৰণ নহয়, তেন্তে সংগঠনটোৱে দিল্লীৰ জন্তৰ মন্তৰত বৃহৎ প্ৰতিবাদৰ পথত নামিব বুলি সতর্ক কৰে।