ন্যায়, সুৰক্ষা, সাক্ষ্য সংহিতা... প্ৰকৃতাৰ্থত সম্ভৱ হ’বনে ভাৰতীয় আইন ব্যৱস্থাৰ সংস্কাৰ?

Submitted by webmaster on

অৱশেষত ১ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা দেশত বলৱৎ হ’ল তিনি নতুন অপৰাধমূলক আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য সংহিতা। কেন্দ্ৰীয় চৰকাৰে এই তিনি অপৰাধমূলক আইন গৃহীত কৰাৰ পিছতে ইয়াক লৈ বিৰোধী দলৰ লগতে একাংশ আইনজ্ঞয়ো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পশ্চিমবংগ, কৰ্ণাটকৰ দৰে অবিজেপি শাসিত ৰাজ্যয়ো এই আইন গৃহীত কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে।

উল্লেখ্য য়ে, যোৱা বছৰ নৱেম্বৰ মাহত সংসদৰ পৰা ১৪০ গৰাকীতকৈও অধিক সাংসদক বহিষ্কাৰ কৰাৰ সময়তে ধ্বনিমতৰ জৰিয়তে সদনত গৃহীত কৰা হৈছিল এই সংশোধিত অপৰাধমূলক আইন। মাত্ৰ ৫ ঘণ্টাৰ বিতৰ্কৰে গৃহীত কৰা এই আইনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইন বিশেষজ্ঞ আৰু বিৰোধীয়ে কয় যে দেশৰ ন্যায়িক ব্যৱস্থা সলনি কৰিব পৰা আইনখনক লৈ সংসদত সম্পূৰ্ণ বিতৰ্ক হ’ব লাগিছিল।

সোমবাৰৰ পৰা দেশৰ আইন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি এই নতুন আইনসমূহ কাৰ্যকৰী কৰাৰ পিছতে বিৰোধিতা কৰে অ-বিজেপিশাসিত কেইবাখনো ৰাজ্যই। ইয়াৰ পিছতে  কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে কয় যে ৰাজ্য চৰকাৰসমূহে তেওঁলোকৰ হৈ ভাৰতীয় সুৰক্ষা সংহিতা সংশোধন কৰিবলৈ স্বাধীন।

মন কৰিবলগীয়া যে, ভাৰতীয় দণ্ডবিধি ১৮৬০, অপৰাধমূলক প্ৰক্ৰিয়া সংহিতা, ১৯৭৩ আৰু ভাৰতীয় সাক্ষ্য আইন ১৮৭২ সলনি কৰি তিনি নতুন আইন  ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন কাৰ্যকৰী কৰা হৈছে।

ইফালে নতুন ভাৰতীয় সংহিতাত নতুন অপৰাধৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, বিবাহৰ প্ৰতিশ্ৰুতিৰে প্ৰতাৰণা কৰাৰ ক্ষেত্ৰত ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ নতুন নীতি প্ৰৱৰ্তন কৰা হৈছে। প্ৰজনন, জাতি-সম্প্ৰদায়, লিংগৰ আধাৰত সংঘটিত মব লিঞ্চিং অৰ্থাত্ গণ নিগ্ৰহৰ বাবে আজীৱন কাৰাদাণ্ডৰ শাস্তি অন্তৰ্ভূক্ত কৰা হৈছে। তদুপৰি ইউ এ পি এৰ দৰে সন্ত্ৰাসবাদ বিৰোধী আইনকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

দেশজুৰি ৬৫০ খনতকৈও অধিক জিলা আদালত আৰু ১৬ হাজাৰ আৰক্ষী থানাত ১ জুলাইৰ ১২ দুপৰীয়াৰ পৰা এই নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হয়। এই নতুন আইন কাৰ্যকৰী হোৱাৰ পিছতে এতিয়াৰ পৰা চি আৰ পি চিৰ ১৫৪ নং ধাৰাৰ পৰিৱৰ্তে বি এন এছ অৰ্থাত্ ভাৰতীয় ন্যায় সংহিতাৰ ১৭৩ নং ধাৰাত জ্ঞাত অপৰাধ পঞ্জীয়ন কৰা হ’ব।

নতুন অপৰাধ আইন ৰূপায়ণৰ লগে লগে কি সলনি হ’ব?

দেশত কাৰ্যকৰী হোৱা নতুন অপৰাধ আইনত এফ আই আৰ, তদন্ত আৰু শুনানিৰ বাবে বাধ্যতামূলক সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। এতিয়া শুনানিৰ ৪৫ দিনৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব, অভিযোগৰ তিনিদিনৰ ভিতৰত এফ আই আৰ দাখিল কৰিব লাগিব। 

ইয়াৰোপৰি ট্ৰেকিং নেটৱৰ্ক চিষ্টেম (চিচিটিএনএছ)ৰ জৰিয়তে এফ আই আৰ ক্ৰাইম এণ্ড ক্রিমিনেল লিপিবদ্ধ কৰা হ’ব। লক্ষণীয় যে, এই কাৰ্যসূচীয়ে নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ অধীনত কাম কৰে। যাতে অভিযোগকাৰীয়ে থানালৈ নোযোৱাকৈ অনলাইনযোগে ই-এফআইআৰ দাখিল কৰিব পাৰে, তাৰ বাবে চি চি টি এন এছক বিশেষভাৱে উন্নীত কৰা হৈছে। আনহাতে অপৰাধক্ষেত্ৰ সেই থানাৰ অধিকাৰক্ষেত্ৰৰ অধীনত আহক বা নাহক, জিৰ’ এফআইৰ যিকোনো থানাতে পঞ্জীয়ন কৰাৰ বিধান প্ৰৱৰ্তন কৰা হৈছে।

প্ৰণিধানযোগ্য যে, পূৰ্বৰ আইন অনুসৰি অভিযুক্তক সৰ্বাধিক ১৫ দিনৰ আৰক্ষীৰ জিম্মাত ৰখাৰ বিধান আছিল যদিও এতিয়া এই নিয়ম সলনি কৰা হৈছে। যাৰ ফলত এতিয়া আৰক্ষীয়ে ৬০ৰ পৰা ৯০ দিন পৰ্যন্ত আৰক্ষীৰ জিম্মাত ৰাখিব পাৰে। গোচৰৰ বিচাৰ আৰম্ভ হোৱাৰ পূৰ্বেই ইমান দীঘলীয়া আৰক্ষী জিম্মাৰ এই নতুন নিয়মক লৈ বিশেষভাৱে উদ্বেগ ব্যক্ত কৰিছে বহু আইন বিশেষজ্ঞই। তেওঁলোকে কয় যে, ইমান দীঘলীয়া আৰক্ষীৰ জিম্মাই নাগৰিকৰ সুৰক্ষা আৰু অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। 

ইফালে ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক সংকটৰ মাজলৈ ঠেলি দিয়া যিকোনো কাৰ্যক নতুন অপৰাধৰ শ্ৰেণীত ৰখা হৈছে। আনহাতে পূৰ্বে উচ্চতম ন্যায়ালয়েও নিষিদ্ধ কৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰক আই পি চিৰ পৰা আঁতৰাই এই নতুন বিধান সংযোজন কৰা হৈছে। ইয়াত কেনেধৰণৰ শাস্তি দিব পাৰি তাৰ বিশদ পৰিভাষা উল্লেখ কৰা হৈছে।

পূৰ্বে অবৈধ আইনী কাৰ্য্যকলাপ (প্ৰতিৰোধ) আইনৰ দৰে বিশেষ আইনৰ অংশ হিচাপে থকা সন্ত্ৰাসবাদী আইনসমূহ এতিয়া ভাৰতীয় ন্যায় সংহিতাত অন্তৰ্ভুক্ত কৰা হৈছে। একেদৰে পকেটমাৰীৰ দৰে সৰু সৰু সংগঠিত অপৰাধৰ বাবে তিনি বছৰৰ শাস্তিৰ বিধান অন্তৰ্ভূক্ত কৰা হৈছে। লক্ষণীয় যে, ইয়াৰ পূৰ্বে এনে অপৰাধৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ আইন পৃথক পৃথক আছিল।

নতুন অপৰাধ আইনত বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি কৰা যৌন সম্পৰ্কক বিশেষভাৱে অপৰাধ হিচাপে প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ বাবে ১০ বছৰ পৰ্যন্ত শাস্তি দিয়া হ’ব। একেদৰে সমকামী যৌন সম্পৰ্কৰ গোচৰ চলাবলৈ ব্যৱহাৰ কৰা ব্যভিচাৰ আৰু ৩৭৭ নং ধাৰাটো এতিয়া আঁতৰাই পেলোৱা হৈছে। কৰ্ণাটক চৰকাৰে ইয়াৰ বিৰোধিতা কৰি কয় যে ৩৭৭ ধাৰা সম্পূৰ্ণৰূপে আঁতৰোৱাটো সঠিক নহয়, কাৰণ ইয়াক অস্বাভাৱিক যৌনতাৰ অপৰাধত ব্যৱহাৰ কৰা হৈছে।

ইফালে তদন্তত এতিয়া ফৰেনছিক প্ৰমাণ সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰা হৈছে। তথ্য প্ৰযুক্তিৰ অধিক ব্যৱহাৰ, যেনে সন্ধান আৰু জব্দৰ ৰেকৰ্ডিং, সকলো অনুসন্ধান আৰু অনলাইন মোডত শুনাৰ বিধান প্ৰৱৰ্তন কৰা হৈছে।

লক্ষণীয় যে, এতিয়া কেৱল মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা দোষীয়েহে ক্ষমা আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ পূৰ্বে এন জি অ’ বা চিভিল ছ’চাইটি গ্ৰুপেও দোষীসকলৰ হৈ ক্ষমা আবেদন দাখিল কৰিছিল।

ভয়, আশংকা আৰু আপত্তি

আইন কাৰ্যকৰী হোৱাৰ এসপ্তাহ পূৰ্বে বিৰোধী শিৱিৰৰ দুই মুখ্যমন্ত্ৰী পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ আইন কাৰ্যকৰী নকৰাৰ দাবীত এখন পত্ৰ লিখিছিল। তামিলনাডু আৰু কৰ্ণাটকে এই আইনখনৰ নামটোৰ ওপৰতো আপত্তি দৰ্শাই কয় যে সংবিধানৰ ৩৪৮ নং অনুচ্ছেদত উল্লেখ আছে যে সংসদত প্ৰৱৰ্তন কৰিবলগীয়া আইনখন ইংৰাজী ভাষাত হ’ব লাগে।

দেশৰ সুপৰিচিত অধিবক্তা তথা প্ৰাক্তন এডিচনেল চলিছিটৰ জেনেৰেল ইন্দিৰা জয়ছিঙে শেহতীয়াকৈ সাংবাদিক কৰণ থাপাৰক দিয়া এক সাক্ষাৎকাৰত কয় যে যদি ১ জুলাইত তিনিখন নতুন অপৰাধমূলক আইন প্ৰযোজ্য হয়, তেন্তে আমাৰ সন্মুখত এটা ডাঙৰ “ন্যায়িক সমস্যা”ৰ সৃষ্টি হ’ব। আটাইতকৈ ডাঙৰ চিন্তাটো হ'ল অভিযুক্তৰ জীৱন আৰু স্বাধীনতা বিপদত পৰিব পাৰে।

ইন্দিৰা জয়ছিঙে দেশৰ সকলো প্ৰধান বিৰোধী নেতাক আইন মন্ত্ৰীৰ সৈতে তিনিওখন অপৰাধমূলক আইনৰ বিষয়ে অধিক আলোচনা কৰা নহয়, তেতিয়ালৈকে সেয়া বাতিল কৰাৰ বাবে ৰাজহুৱাভাৱে আবেদন জনাবলৈ আহ্বান জনায়। তেওঁ কয় যে এই তিনি আইন সম্পৰ্কে পুনৰ এবাৰ গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।

তেওঁ সাক্ষাৎকাৰত কয়, "আইনৰ মৌলিক উপাদানটো হ'ল যে যেতিয়ালৈকে কোনোবাই অপৰাধ হিচাপে বিবেচিত হোৱা সময়ত অপৰাধ নকৰে, তেতিয়ালৈকে তেওঁক শাস্তিৰ বাবে যোগ্য বুলি গণ্য কৰা নহয়। ইয়াক আইনৰ ভাষাত প্ৰতিস্থাপন আইন বা মূল আইন বুলি কোৱা হয়। যিটো আগতে অপৰাধ নাছিল, আজি অপৰাধ হৈ পৰিছে। এনে পৰিস্থিতিত, এই আইনখন কাৰ্যকৰী হোৱাৰ পিছত আপুনি সেই অপৰাধ কৰিলেহে এই আইন প্ৰযোজ্য হ'ব।"

"কিন্তু আমাৰ প্ৰক্ৰিয়াগত আইন, যাক আমি ফৌজদাৰী প্ৰক্ৰিয়াৰ সংহিতা বুলি জানো, ই এনেদৰে কাম নকৰে। অতীতত, আমাৰ বহুতো সিদ্ধান্ত আছিল যাৰ জৰিয়তে আমি পৰীক্ষণৰ সৈতে আগবাঢ়িছো আৰু আইনবোৰ অতীতত ব্যাখ্যা কৰা হৈছিল, সেয়েহে আমি আইনবোৰ সেই দৃষ্টিকোণৰ পৰা চাব পাৰো। পুৰণি প্ৰতিস্থাপন আইন ১ জুলাইৰ আগতে সংঘটিত অপৰাধৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু ১ জুলাইৰ পিছত অপৰাধৰ ক্ষেত্ৰত এখন নতুন আইন প্ৰযোজ্য হ'ব। কিন্তু আদালতত শুনানি নতুন আইন বা নতুন প্ৰক্ৰিয়াগত আইনৰ দ্বাৰা কৰা হ'ব, বিবাদটো থাকিব। মই অনুভৱ কৰিব পাৰোঁ যে নতুন আইনখনে মোৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰিছে, সেয়েহে মই বিচাৰিম যে মোৰ বিচাৰ পুৰণি প্ৰক্ৰিয়াগত আইনৰ অধীনত হওক।" -তেওঁ লগতে কয়।

এই আইনখনৰ সমস্যাসমূহৰ সন্দৰ্ভত ইন্দিৰা জয়সিঙে কয়, "ভাৰতীয় দণ্ডবিধিৰ ডেৰ শতিকাৰো অধিক পুৰণি আৰু ১৯৭৩ চনত অপৰাধমূলক পদ্ধতিৰ সংহিতাও সংশোধন কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে ন্যায়িক ব্যাখ্যা আগবঢ়াইছে, য’ত ভাৰতীয় দণ্ডবিধি আৰু অপৰাধমূলক পদ্ধতিৰ সংহিতা সম্পৰ্কে নিশ্চয়তা আছে। কিন্তু নতুন আইনখনৰ বাবে সেই স্তৰৰ নিশ্চয়তা লাভ কৰিবলৈ আৰু ৫০ বছৰ লাগিব পাৰে। দণ্ডাধীশে তেওঁ কি কৰিব লাগে নাজানিব। হাজাৰ হাজাৰ দণ্ডাধীশে আইনৰ ব্যাখ্যা পৃথকে দিব নোৱাৰে।’’

তেওঁ আগলৈ কয়, "কিন্তু প্ৰশ্নটো হ'ল, এই সকলোবোৰত কোনে ধৰা পৰিব? যিজনক অভিযুক্ত কৰা হৈছে? মূল চিন্তাটো হ’ল অভিযুক্তৰ কি হৈছে? এই সকলোবোৰ যেতিয়া স্পষ্ট হ’ব তেতিয়া অভিযুক্তজন জামিনত থাকিব বুলি নিশ্চয়তা কি? এনে কোনো নিশ্চয়তা আইনৰ অধীনত দিয়া হোৱা নাই। প্ৰশ্নটো হ’ল বেকলগত থকা গোচৰবোৰৰ কথাও ভাবিছে নেকি? সেইবোৰৰ কথাও মনত ৰখা হৈছেনে?’’

ইন্দিৰা জয়ছিঙেও কয় যে "সংবিধানৰ ২১ নং অনুচ্ছেদটো অতি স্পষ্ট যে আইনে স্থাপন কৰা পদ্ধতিৰ উপৰিও কোনো ব্যক্তিক জীৱন আৰু স্বাধীনতাক অস্বীকাৰ কৰিব নোৱাৰি।"

মানৱ অধিকাৰ কৰ্মী তিস্তা চিতলৱাড়ে নতুন অপৰাধমূলক আইনক ‘সংবিধানৰ কৌতুক’ বুলি অভিহিত কৰিছে। তেওঁ কয়, “ভাৰতৰ নতুন অপৰাধ আইন: উন্নয়ন নে দমন?” শুকুৰবাৰে এই বিষয়টোৰ ওপৰত আয়োজিত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, "এই আইনসমূহে সংবিধানৰ অন্তৰ্নিহিত অধিকাৰসমূহক উপহাস কৰিছে। এই আইনসমূহ গৃহীত কৰাৰ পূৰ্বে বিশদ আলোচনাৰ কৰাৰ প্ৰয়োজন আছিল যদিও সেয়া নহ'ল।"

চিতলৱাড়ে কয় যে এই আইন "গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে" আৰু "হিন্দু ৰাষ্ট্ৰৰ দিশে এক ক্ৰমবৰ্ধমান পদক্ষেপৰ দৰে"।

বিৰোধীৰ প্ৰতিক্ৰিয়া

সোমবাৰ অৰ্থাত্ ১ জুলাইৰ পৰা কেন্দ্ৰীয় চৰকাৰে দেশত তিনি নতুন অপৰাধমূলক আইন গৃহীত কৰাক লৈ সৰৱ হৈ পৰিছে বিৰোধী। উল্লেখ্য যে, বিগত বৰ্ষত সদনৰ পৰা ১৪০ গৰাকীতকৈও অধিক সাংসদক বহিষ্কাৰ কৰাৰ সময়তে গৃহীত কৰা হৈছিল এই বিধেয়কখন। ইয়াৰ লৈ তেতিয়াৰ পৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিৰোধী দলসমূহে।

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে এই সন্দৰ্ভত কয়, "সদনৰ পৰা বিৰোধী সাংসদক বহিষ্কাৰ কৰাৰ সময়ত সংগোপনে গৃহীত কৰা এই নতুন অপৰাধমূলক আইনক লৈ আমি সঁচাকৈয়ে উদ্বিগ্ন। ইয়াক বিশদভাৱে আলোচনা কৰিব লাগিব।

আম আদমী পাৰ্টীৰ নেতা ৰাঘৱ চাদ্দাই এই আইনৰ বিৰোধিতা কৰি কয়, "আৰম্ভণিৰে পৰাই আমি দাবী কৰি আহিছো যে ইয়াক পৰ্যালোচনা কৰা উচিত। ইয়াক জেপিচিলৈ প্ৰেৰণ কৰা উচিত। ইয়াক খৰখেদাকৈ কাৰ্যকৰী কৰা উচিত নহয়। ইয়াৰ সুদূৰপ্ৰসাৰী পৰিণতি হ'ব।" তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগাত ৰায়ে কয়, "আমি ভাৱো যে এই আইনসমূহ জনবিৰোধী আৰু সেইবাবেই আমি স্থগিতাদেশ বিচাৰো।"

ইফালে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে এয়া বিজেপি চৰকাৰৰ বুলড’জাৰ ন্যায় বুলি অভিহিত কৰে। সোমবাৰে এই তিনি নতুন আইন দেশজুৰি কাৰ্যকৰী হোৱাৰ পিছতে টুইটযোগে তেওঁ কয়, "যোৱা লোকসভাত ১৪৬ জন সাংসদক বহিষ্কাৰ কৰি এই তিনিওখন নতুন অপৰাধমূলক আইন বলপূৰ্বকভাৱে গৃহীত কৰা হৈছিল। কিন্তু ইণ্ডিয়া মিত্ৰজোঁটে কেতিয়াও দেশৰ সংসদীয় ব্যৱস্থাত এনে 'বুলড'জাৰ ন্যায়'ক জয়ী হ'বলৈ অনুমতি নিদিয়ে।"

দিল্লীত ৰুজু প্ৰথমটো গোচৰ

ব্ৰিটিছ যুগৰ দীৰ্ঘদিনীয়া ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী বিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত সোমবাৰে দেশত তিনি নতুন আইন বলবৎ হোৱাৰ পিছতে এই আইনৰ অধীনত দিল্লীত ৰুজু কৰা হয় প্ৰথমটো গোচৰ। এজন যুৱকে ছ’চিয়েল মিডিয়াত অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৪৯৯ এ ধাৰাৰ অধীনত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে, যৌন নিৰ্যাতনৰ সৈতে জড়িত এই ধাৰাত ৩ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ বিধান আছে। 

অভিযোগ অনুসৰি, দিল্লীৰ তিলক নগৰ অঞ্চলৰ বাসিন্দা অভিযুক্তি ২৫ বৰ্ষীয় যুৱকজনে হোৱাটছএপযোগে এগৰাকী মহিলালৈ অশ্লীল বাৰ্তা প্ৰেৰণ কৰি হাৰাশাস্তি কৰিছিল। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। এই গোচৰটো ২০২৪ চনৰ ১ জুলাইৰ পৰা বলবৎ হোৱাৰ পিছত ভাৰতত কাৰ্যকৰী হোৱা নতুন ফৌজদাৰী আইনখনৰ প্ৰথমটো গোচৰ হিচাপে পৰিগণিত হৈছে।

ইফালে অসমত নতুন অপৰাধ আইনৰ অধীনত প্ৰথমটো গোচৰ ৰুজু হৈছে নগাঁৱত। নগাঁৱৰ আছাদ আলী নামৰ এগৰাকী ৰিক্সা চালকে তেওঁৰ ঘৰৰ পৰা মোবাইল ফোন আৰু নগদ ধন চুৰি কৰি নিয়াৰ অভিযোগ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষীয়ে এই গোচৰ ৰুজু কৰে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩০৫ (ক) ধাৰাত গোচৰ ৰুজু কৰিছে, যিটো ধাৰাত ৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তিৰ বিধান আছে। নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল তালুকদাৰে কয়, ''আমি নগাঁৱত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰথমটো গোচৰ ৰুজু কৰিছো। ঘৰৰ পৰা ধন আৰু সম্পত্তি চুৰি কৰাক লৈ দাখিল কৰা অভিযোগ সন্দৰ্ভত ৩০৫ (ক) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।’’

এটা দফা অসমৰ বাবে অতি গুৰুত্বপূৰ্ণঃ মুখ্যমন্ত্ৰী

সোমবাৰে দিনৰ ১২ বজাৰ পৰা দেশজুৰি কাৰ্যকৰী হোৱা তিনি নতুন অপৰাধমূলক আইনৰ এটা দফা অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতীয় ন্যায় সংহিতাৰ জৰিয়তে অসমত বাল্য বিবাহ বন্ধ হ’ব বুলিও তেওঁ মন্তব্য কৰে। 

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ন্যায় সংহিতাৰ এটা দফা অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি বহুদিনৰ পৰা বাল্যবিবাহ বন্ধ কৰাৰ বাবে কাম কৰি আহিছো। নতুন আইন অনুসৰি, ১৮ বছৰ তলৰ ছোৱালীৰ লগত কোনো শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব। ১৬-১৭ বছৰ তলৰ ছোৱালীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে বলাৎকাৰ হিচাপে গণ্য কৰা হ’ব। বিয়া হ’লেও কোনোৱে শাৰীৰিক সম্পৰ্ক কৰিব নোৱাৰিব ১৮ বছৰলৈ। সেয়া হ’লে বলাৎকাৰৰ গোচৰত তদন্ত কৰিব পাৰিম।’’

শৰ্মাই কয় যে ঔপনিৱেশিক আইনৰ পৰা এই পৰিৱৰ্তনৰ বাবে আৰক্ষীয়ে কঠোৰ প্ৰস্তুতি চলাইছে, য’ত যোৱা কেইমাহমানত অসম আৰক্ষীৰ ভিতৰত ১১৫ জন মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হৈছে। গোচৰত ফৰেনছিক প্ৰমাণ বাধ্যতামূলক কৰা নতুন আইনী প্ৰয়োজনীয়তাৰ সৈতে খোজ মিলাবলৈ গান্ধীনগৰ ফৰেনছিক বিশ্ববিদ্যালয়ত ৫০০ৰো অধিক আৰক্ষী বিষয়াই প্ৰশিক্ষণ লৈছে।

ৰাজ্য চৰকাৰে পাঁচটা ফৰেনছিক লেবৰেটৰী স্থাপন কৰাটোৱে এই সংস্কাৰসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ লগতে ১ জুলাইক ভাৰতৰ আইনী বিকাশৰ এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয়, ''আমাৰ সংস্কাৰিত অপৰাধমূলক ন্যায় ব্যৱস্থাৰ গৌৰৱময় ৰূপায়ণ নিশ্চিত কৰিবলৈ আমি সমগ্ৰ ৰাজ্যৰ ন্যায়পালিকা, আৰক্ষী আৰু সকলো অংশীদাৰক সংবেদনশীল কৰিব লাগিব।’’