গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ জনতা ভৱনত সংবাদমেল সম্বোধন কৰে। তেওঁ ৰাজধানী গুৱাহাটীৰ জ্বলন্ত সমস্যা কৃত্ৰিম বানপানী ৰোধৰ বাবে কেইবাটাও আঁচনি লোৱাৰ কথা উল্লেখ কৰে। মন্ত্ৰীজনে কয় যে বান নিয়ন্ত্ৰণৰ বাবে এক এছঅ’পি (Standard Operating Procedure) প্ৰস্তুত কৰা হৈছে। গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে বান সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সুকীয়া পদ্ধতি অৱলম্বন কৰিছে।
পাহাৰৰ খহনীয়াক কৃত্ৰিম বানৰ মুখ্য কাৰণ হিচাপে বৰ্ণনা কৰি মন্ত্ৰীজনে উল্লেখ কৰে যে জমা হোৱা মাটিয়ে নিষ্কাশন প্ৰণালী বন্ধ কৰি দিয়ে, যাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটে। এই সমস্যাৰ সমাধানৰ বাবে ইতিমধ্যে মুখ্য নলাবোৰৰ পৰা জমা হোৱা মাটি আঁতৰোৱা প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন্ত্ৰীজনে কয় যে মাৰ্চৰ পূৰ্বে এই কাম সম্পূৰ্ণ কৰা হ’ব। নলা পৰিষ্কাৰ কৰাৰ বাবে চুপাৰ চাকাৰ ব্যৱহাৰ কৰি থকা হৈছে, আৰু পলম নকৰাকৈ উলিওৱা মাটি আঁতৰাবলৈ কঠোৰ আদেশ দিয়া হৈছে।
উন্নত নিৰীক্ষণ নিশ্চিত কৰিবলৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ২১ খন সমিতি গঠন কৰা হৈছে। প্ৰতিখন সমিতিয়ে বান ব্যৱস্থাপনা প্ৰচেষ্টাক সুশৃংখলিতভাৱে তত্বাৱধান কৰিব। মন্ত্ৰীজনে কয় যে ডিচেম্বৰ মাহলৈ নলা পৰিষ্কাৰ কৰি থকা হ’ব। তেওঁ উল্লেখ কৰে যে পাহাৰৰ মাটি খহি অহাটো এক নিৰন্তৰ প্ৰক্ৰিয়া, যাৰ বাবে এবাৰ কাম কৰিলেই সমস্যাৰ স্থায়ী সমাধান হ’ব নোৱাৰে। গুৱাহাটীবাসীক বিশেষ আহ্বান জনাই মন্ত্ৰীজনে কয়, "আমি এদিনতে কৃত্ৰিম বানপানীৰ পৰা গুৱাহাটীবাসী মুক্ত হ’ব নোৱাৰো। এক দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব, আৰু সেই পৰিকল্পনা আৰম্ভ কৰিছো।"
জুৰিপাৰ, বেলতলা চাৰ্ভে, আৰু ৰিক্মিণীগাঁৱত বিভাগে কাম আৰম্ভ কৰিছে। সম্পূৰ্ণ চাৰ্ভে কৰি কাম আগবঢ়াই নিয়া হৈছে। উচ্ছেদ অভিযানক লৈ চৰ্চাত থকা শিলসোঁকোৰ কথাও মন্ত্ৰীজনে উল্লেখ কৰে। তেওঁ কয় যে শিলসোঁকোৰ জিঞ্জাৰ হোটেল ভাঙি পেলোৱা হ’ব, কাৰণ ইয়ে অতিৰিক্ত পানীৰ প্ৰবাহত বাধাৰ সৃষ্টি কৰে।
আনহাতে, মন্ত্ৰীজনে ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে (জিএমচি) পানী যোগান বন্ধ কৰি জল বৰ্ডে দায়িত্ব গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। জল বৰ্ডৰ পাইপলাইন নেটৱৰ্কৰ চাৰ্ভে সম্পূৰ্ণ কৰা হৈছে, আৰু কিছুমান ক্ষেত্ৰত সংযোগৰ ব্যৱধান চিনাক্ত কৰা হৈছে। এই সমস্যাবোৰ সমাধান কৰিবলৈ প্ৰয়োজনীয় সংশোধন কৰা হ’ব। বৰ্তমান জিএমচিৰ পৰা পানী প্ৰাপ্ত কৰা আৱাসীসকলে জল বৰ্ড সংযোগলৈ সলনি কৰিব লাগিব। জুলাইৰ ভিতৰত সংযোগৰ বাবে আবেদন কৰাসকলক মাচুলৰ পৰা ৰেহাই দিয়া হ’ব, আৰু পৌৰ নিগমে ব্যয় সামৰি ল’ব।
শেষত, মন্ত্ৰীজনে গুৱাহাটীৰ তিনিটা স্থানত জাবৰ নিষ্কাশনৰ নতুন প্ৰকল্পৰ ঘোষণা কৰে। এই প্ৰকল্পবোৰ মেঘদূত চিনেমাহলৰ কাষত, শিলসোঁকো, আৰু পামহিত স্থাপন কৰা হ’ব। মন্ত্ৰীজনে কয় যে তিনিমাহৰ ভিতৰত কাম আৰম্ভ হ’ব আৰু ৫ বছৰৰ ভিতৰত জাবৰ নিষ্কাশন প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব।