আজৱ কাণ্ড! মহাবাহু উদ্যানৰ ষ্টাৰবাক্সত একো নাখালেও দিব লাগিব ৮০ টকা

Submitted by webmaster on

গুৱাহাটীৰ পাণবজাৰত বিশ টকাৰ টিকট কাটি মহাবাহুৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি ষ্টাৰবাক্সত একো নোখোৱাকৈ উভতি আহিলেই আপুনি ভৰিব লাগিব আশী টকাৰ অতিৰিক্ত জৰিমনা। শেহতীয়াকৈ গুৱাহাটী মহানগৰ জিলাৰ পূৰ্বৰ উপায়ুক্তৰ পাণবজাৰৰ চৰকাৰী বাসভৱনটোৰ সৌন্দৰ্য্যবৰ্ধ্বন কৰি 'মহাবাহু ৰিভাৰ হেৰিটেজ চেণ্টাৰ’ নাম দি ষ্টাৰবাক্স নামৰ এটা বহুজাতিক কোম্পানীক অতি কৌশলগতভাৱে গতাই দিছে অসমৰ বিজেপি চৰকাৰে। কিন্তু বহুজাতিক কোম্পানীৰ হাতত পৰাৰ পিছতে এতিয়া সাধাৰণ জনতাৰ বাবে মহঙা হৈ পৰিছে মহাবাহুৰ সৌন্দৰ্য্য উপভোগ কৰাটো। মহাবাহুৰ পাৰৰ এই নৈসৰ্গিক উদ্যানখনলৈ প্ৰৱেশ-প্ৰস্থানৰ বাবে বহুজাতিক কোম্পানীটোৱে আৰোপ কৰা ব্যৱসায়িক চৰ্তই তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে মহাবাহুৰ ৰূপেৰে বুকু শাত পেলাব বিচৰাসকলক। উল্লেখ্য যে, এই মহাবাহু উদ্যানখনত প্ৰৱেশ কৰাৰ নামত প্ৰতিজন ব্যক্তিয়ে ক্ৰয় কৰিব লাগে ২০ টকীয়া টিকট। কিন্তু এই টিকট ক্ৰয় কৰি ভিতৰত প্ৰৱেশ কৰাৰ পিছতহে আৰম্ভ হয় ষ্টাৰবাক্সৰ লুণ্ঠন। এই উদ্যানৰ অভিনৱ দৃশ্য উপভোগ কৰিবলৈ যোৱা প্ৰতিজনৰ বাবেই ষ্টাৰবাক্সৰ খাদ্য খোৱাটো বাধ্যতামূলক কৰা হৈছে। উদ্যানৰ পৰা ওলাই অহাৰ সময়ত প্ৰস্থান গেটত লোকসকলে দেখুৱাব লাগে ভিতৰত ষ্টাৰবাক্সৰ পৰা খাদ্য খোৱাৰ বিল। যদি কোনো লোকে ষ্টাৰবাক্সৰ পৰা খাদ্য নাখায়, তেন্তে প্ৰস্থান গেটত আশী টকা অতিৰিক্ত জৰিমণা আদায় দিয়াৰ আজৱ চৰ্ত আৰোপ কৰিছে এই বহুজাতিক কোম্পানীটোৱে। বিজেপি চৰকাৰৰ কৌশলী সমৰ্থনত এই বহুজাতিক কোম্পানীটোৱে সাধাৰণ মানুহৰ ওপৰত চলোৱা এনে লুণ্ঠনৰাজক লৈ এতিয়া বিভিন্নজনে অসন্তুষ্টি ব্যক্ত কৰিছে। ইফালে কোম্পানীটোৰ এনে আজৱ চৰ্তৰ বাবে মহাবাহুৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈও বিমুখ হৈ উভতিবলগীয়া হৈছে বহু লোক। এনে পৰিপ্ৰেক্ষিতত ষ্টাৰবাক্সে আৰোপ কৰা চৰ্তৰ ওপৰত লেকাম টানিবলৈও চৰকাৰক দাবী জনাইছে বিভিন্নজনে।